সংগীত ক্ষেত্ৰখনৰ এগৰাকী সংগীতশিল্পী; নিজ সুৰ আৰু সংগীতেৰে এটি গীতক শ্ৰোতাৰ কাষত আৰু অধিক গ্ৰহণযোগ্য তথা হৃদয়স্পৰ্শী কৰি তোলা দিপাংক শইকীয়াৰ নাম হয়টো আপোনালোকেও শুনিছে। নহয়নে? শেহতীয়াকৈ ৰূপম ভূঞাৰ কণ্ঠৰে মুক্তিপ্ৰাপ্ত “ধূলিৰ ধেমালি” শীৰ্ষক গীতটিকে ল’ব পৰা যায়; য’ত দিপাংক শইকীয়াই নিজ সুন্দৰ সুৰ-সংগীতেৰে গীতটিক সঁজাইছিল। ইয়াৰ পূৰ্বেও তেওঁ “শুভকামনা”, “মাজুলীলৈ যাওঁ”, “ফাগুনৰ আকাশক আজি” লগতে “বাঘজান” শীৰ্ষক গীতসমূহেৰে সৃষ্টিৰ আঁৰৰ ব্যক্তিগৰাকী হৈ ৰাইজৰ কাষ চাপিছিল। এইখিনিতে, এটা কথা উল্লেখ কৰিব লাগিব যে বৰ্তমানলৈ তেওঁ যিসমূহ সৃষ্টি কৰিছে সেই আটাইবোৰতেই অংকুৰিত হৈছে জনপ্ৰিয়তা। শ্ৰোতা-দৰ্শকে সমাদৰ জনাইছে গীতসমূহক; শেহতীয়াকৈ এইগৰাকী সংগীতশিল্পীৰ সৈতে আমি এক্সক্লুচিভলি পাতিছিলোঁ কিছু কথা। সংগীত ক্ষেত্ৰখনত তেওঁৰ আৰম্ভণি তথা তেওঁৰ আগন্তুক পৰিকল্পনা সমূহৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিলোঁ বিতংকৈ। আমাৰ সংগীত ক্ষেত্ৰখনত এনে একাংশ সংগীতশিল্পী আছে; যিসকলে জন্মৰ পূৰ্বৰ পৰাই হয়টো নিজৰ শিঁৰে শিঁৰে সংগীতক শিপাইছে। তেনেই এগৰাকী হৈছে দিপাংক শইকীয়া। সংগীত ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে,
“সংগীতৰ ক্ষেত্ৰখনত মই জন্মৰ আগৰ পৰাই জড়িত বুলি ক’লেও হয়টো বঢ়াই কোৱা নহ’ব। মোৰ পিতা গুণ শইকীয়া আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত লোকশিল্পী আছিল। তেওঁ নিজ ওৰেটো জীৱন সংগীত সাধনাতে নিজক উৎসৰ্গা কৰিছিল। জন্মৰ পাছৰে পৰাই সংগীত বা শিল্প জগতৰ সৈতে জড়িত মানুহখিনিৰ মই সান্নিধ্য লাভ কৰিছিলোঁ। তেনেকৈয়ে বুজাব নোৱাৰা ধৰণেৰে সংগীতৰ প্ৰতি আকৰ্ষিত হ’লো। বিভিন্ন বাদ্যসমূহ বজালোঁ। পৰৱৰ্তী সময়ত, স্বতঃস্ফূৰ্তভাৱে সংগীতৰ বিশাল জগতখনত সোমাই পৰিলোঁ। সংগীতক মই একো দিব পৰা নাই কিন্তু সংগীতে মোক বহু কিবাকিবি দিছে। মই ভ্ৰাম্যমান থিয়েটাৰ কহিনুৰ ত সংগীত পৰিচালনা কৰিছিলো কেইবাবছৰো ৷ কহিনুৰৰ “ভালপাওঁ বুলি নকবা”মই মিউজিক কৰা জনপ্ৰিয় নাটক ৷ জনপ্ৰিয় বিহুগীতৰ এলবাম কুহিঁপাত ,কেতেকী ,জোনাকৰ সৈতেও মই জড়িত।” তেওঁৰ চকুত এগৰাকী প্ৰকৃত “শিল্পী” কোন বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “শিল্পী”ৰ সংজ্ঞা বহু জটিল। আমি হঠাতেই শিল্পৰ ক্ষেত্ৰখনত জড়িত ব্যক্তি এগৰাকীক “শিল্পী” যে আখ্যা দিওঁ মই এই কথাষাৰ সমৰ্থন নকৰো। “শিল্পী” হ’বলৈ প্ৰচুৰ সাধনাৰ প্ৰয়োজন। শিল্পী কেতিয়াও নিৰ্মাণ কৰিব নোৱাৰি। এজন ব্যক্তি শিল্পীৰ পৰ্যায়লৈ উন্নীত হয়। “শিল্পী” ৰ কোনো সংজ্ঞা আছে বুলি মই নাভাবো। কিছুমান বিষয়ৰ কোনো বুজাব পৰা ক্ষমতা নাথাকে। “শিল্পী” মানে এক ধৰণৰ চেতনা। এক ধৰণৰ বোধ। আচলতে মোৰ দৃষ্টিত শিল্পত্ব প্ৰাপ্তি আৰু ঈশ্বৰ প্ৰাপ্তি একেই। সেয়ে সকলোকে “শিল্পী” আখ্যা দি মই শিল্পক অপমান কৰিব নিবিচাৰোঁ। “শিল্পী” আখ্যা মানুহে দিব। নিজে নিজে কোনেও নিজকে এই সন্মান দিব নোৱাৰে।” তেওঁৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “পৰিকল্পনা যথেষ্ট আছে। সংগীতৰ কামতেই নিজক ব্যস্ত ৰাখিবলৈ মোৰ মন যায়। কিন্তু চাকৰিৰ ব্যস্ততাৰ বাবে এয়া সম্ভৱ নহয়। দুই-এটা গানৰ কামো কৰি আছোঁ। পৰিচালনাৰ কাম অলপো হাতত লৈছোঁ। পৰিস্থিতি অনুকূল হ’লে কামবোৰ কৰি যাম।”
দিপাংক শইকীয়াৰ পৰা অনাগত সময়ত আৰু অধিক সৃষ্টিৰ বাবে অপেক্ষাৰত হৈছিল তেওঁৰ অনুৰাগী। তেওঁৰ প্ৰতিটো পৰিকল্পনাৰ বাবে ৰূপালীপৰ্দাৰ তৰফৰ পৰা জ্ঞাপন কৰিছোঁ অলেখ অযুত শুভকামনা।
Add comment