Rupaliparda.com
জীৱনৰ আশা-নিৰাশা তথা দৃঢ়তাৰ কাহিনীৰে অম্বৰ দাসৰ কণ্ঠত নতুন গীতঃ 1

জীৱনৰ আশা-নিৰাশা তথা দৃঢ়তাৰ কাহিনীৰে অম্বৰ দাসৰ কণ্ঠত নতুন গীতঃ

“নিৰাশাৰ মাজতো আশাৰে চিলোৱা জীৱন, দোমোজা থাকিলেও সাহেৰে সঁজোৱা জীৱন!!” জীৱনৰ আশা-নিৰাশা, সপোন- বাস্তৱক লৈ নিৰ্মাণ হোৱা এটি নতুন গীত। জীৱনটোও এক অক্ষয় ভাণ্ডাৰ; ইয়াত জানো থাকিব পাৰে ভাললগা-বেয়া লগাৰ অযুত সমীকৰণ?? জীৱন যাত্ৰাত আমি কেতিয়াবা হতাশ হওঁ; থমকি ৰওঁ যদিও ক’ৰবাত যেন আমাৰ এই যাত্ৰা অব্যাহত থাকে। আগবাঢ়িবলৈ ভয় খালেও আমি কেতিয়াবা দৃঢ়তাক সামৰি চলি যাবলৈ চেষ্টা কৰোঁ। সেইবাবেই গীতটিতো উল্লেখ কৰা হৈছে সেই একেই কথা; “যদি কেৱল সময় খেদি কোলাহল মাতো, নিজানৰ অনুভূতি কেনি যাব।” জীৱন নামৰ এই নাটকখনৰ প্ৰতিটো দৰ্শনীতেই মানৱ জাতিক দৃঢ় আৰু নিষ্ঠাবান হৈ থাকিবলৈ কোৱাৰ লগতে গীতটিয়ে সাহস দিছে শ্ৰোতাক। ঠিক সমান্তৰাকৈ গীতটিক শ্ৰোতাইও আকোঁৱালি লৈ সমাদৰ জনাইছে। পাৰ্থিৱ সুখৰ পিছত নৌদৌৰি কেৱল মাত্ৰ জীৱনটোক আগুৱাই লৈ যাবলৈ সহায় প্ৰদান কৰা গীতটিৰ সৈতে জড়িত হৈ আছে সংগীত ক্ষেত্ৰখনৰ কেইবাগৰাকীও জনপ্ৰিয় কলা-কুশলী। গীত এটিক পূৰ্ণতা দিয়াৰ ক্ষেত্ৰত প্ৰথম গুৰুত্ব প্ৰদান কৰা হয় কথাৰ ওপৰত আৰু সেইটো দিশৰ পৰা সদ্যমুক্তিপ্ৰাপ্ত “আশাৰে চিলোৱা জীৱন” য়ে লাভ কৰিছে সফলতা। গীতিকাৰ স্বৰাজ প্ৰিয়ৰ কথাৰে মুক্তিপ্ৰাপ্ত গীতসমূহত ইতিমধ্যে জনসাধাৰণে নিজ আকৰ্ষণ সন্নিৱিষ্ট কৰিছে।


এই গীতটিত কণ্ঠদান কৰিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত সংগীতশিল্পী অম্বৰ দাসে। কেৱল মাত্ৰ, কণ্ঠদান কৰা বুলিয়ে নহয় এই গীতটিত সুৰ-সংগীত দিয়াৰ উপৰিও গীতাৰো বজাইছে তেওঁ। গীতটিৰ ভিডিঅ’ৰ বিষয়বস্তু আৰু পৰিচালনা কৰিছে আন এগৰাকী সফল পৰিচালক বন্দিতা বৰাই। আনহাতে, গীতটিত নিজ সুন্দৰ অভিনয়ৰ সৈতে আৰু অধিক সুন্দৰ কৰি তুলিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মনোৰঞ্জন ক্ষেত্ৰখনত চিনাকী লাভ কৰা অভিনেতা বনদীপ শৰ্মাই। ভিডিঅ’ৰ দৃশ্যগ্ৰহণ কৰিছে চিন্ময় কলিতাই। ২০১৮ চনৰ পৰা এই ক্ষেত্ৰখনৰ সৈতে জড়িত স্বৰাজ প্ৰিয়য়ে সেই চনটোতেই “বেঙুনীয়া ডাঁৱৰ জাক” নামে এটা এলবামে মুক্তি লাভ কৰিছিল; এলবামটোৰ তিনিটা গীতত কথা তেওঁৰেই আছিল। কিছুদিন পূৰ্বে তেওঁৰ কথাৰে আন এটি গীত “ছবি” য়েও লাভ কৰিছিল মুক্তি। সমান্তৰালকৈ, ১৩ বছৰ বয়সৰ পৰাই অভিনয় ক্ষেত্ৰখনত যোগদান দিয়াৰ বাবে দৃঢ় হৈ পৰা অভিনেতা বনদীপ শৰ্মা দিল্লীত ইঞ্জিনিয়াৰিঙৰ লগতে কেইবাটাও থিয়েটাৰ গোষ্ঠীৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছিল আৰু তাৰ পিছৰ পৰাই আৰম্ভ হৈছিল এই অভিনেতা গৰাকী অভিনেতাৰ যাত্ৰা। অম্বৰ দাসৰ কথা প্ৰসংগত আমি এটা কথা উল্লেখ কৰিবই লাগিব যে অসমীয়া সংগীত ক্ষেত্ৰখনত তেওঁলোকৰ অৱদান সমূহ সঁচাকৈ লেখত ল’বলগীয়া। বন্দিতা বৰাইও অহৰহ মনোৰঞ্জন ক্ষেত্ৰখনত কিবা এটা নতুন প্ৰদানৰ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে।

জীৱনৰ আশা-নিৰাশা তথা দৃঢ়তাৰ কাহিনীৰে অম্বৰ দাসৰ কণ্ঠত নতুন গীতঃ 2


গতিকে, এই গীতটো প্ৰতিটো দিশৰ পৰাই সুন্দৰ কৰি তুলিছে ইয়াৰ সৈতে প্ৰতিজন কলা-কুশলীয়ে। তেওঁলোকক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform