Rupaliparda.com
"সাহিত্য চৰ্চাৰ 'কবিতা' এটা মাধ্যম হিচাপে লৈ প্ৰেমৰ মাজেৰে এনাজৰী গঢ়িবলৈ প্ৰয়াস কৰিছোঁ"- ধ্ৰুৱ পাঠক 1

“সাহিত্য চৰ্চাৰ ‘কবিতা’ এটা মাধ্যম হিচাপে লৈ প্ৰেমৰ মাজেৰে এনাজৰী গঢ়িবলৈ প্ৰয়াস কৰিছোঁ”- ধ্ৰুৱ পাঠক

কথাতে কয়, কবিয়ে হেনো কল্পনাত সপোন ৰচে। নিঁয়ৰৰ কণিকাটো তেওঁলোকে মুকুতা বাচে। স্কুলীয়া পাঠ্যক্ৰমসমূহত অন্তৰ্ভূক্ত কবিতাসমূহৰ লগতে আমি প্ৰায়ে অইন কবি সমূহৰ কবিতাসমূহকো পঢ়িবলৈ বিচাৰোঁ; তেওঁলোকৰ অন্তৰ্নিহিত ভাৱধাৰা সমূহ আমি প্ৰায়ে বুজিবলৈ চেষ্টা কৰোঁ। কবিতা আৰু সংগীতৰ মাজত এক গভীৰ সম্পৰ্ক আছে বুলি সকলোৱে কয়। এটা দিশৰ পৰা উদাহৰণ দিবলৈ হ’লে আপোনালোকে নিজেও হীৰু দাৰ যথেষ্ট সংখ্যক কবিতাৰে নিৰ্মাণ হোৱা গীতসমূহ শুনিছে। আমি আজি নৱপ্ৰজন্মৰ এগৰাকী কবিক আপোনালোকৰ মাজলৈ লৈ আনিছোঁ, তেওঁৰ নাম হৈছে ধ্ৰুৱ পাঠক। ইউটিউবত তেওঁৰ কবিতা সমূহে ইতিমধ্যে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ এক্সক্লুচভলি তেওঁৰ সৈতে হোৱা কথা-বতৰা যোগে আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত ধ্ৰুৱ পাঠকে কয় যে, “কবিতা প্ৰত্যেক জনে সৰুতেই লিখিবলৈ আৰম্ভ কৰে,কিন্তু এই কবিতা এটা সুকীয়া নিজৰ অনুভৱত লিখা হয়। কবিতা লিখিবলৈ আৰম্ভ কৰিছিলোঁ যেতিয়া মই প্ৰেমত পৰিছিলোঁ। মোৰ প্ৰেয়সী প্ৰেম, প্ৰকৃতিৰ প্ৰেম, মোৰ জীৱনৰ প্ৰেম, ঘৰৰ প্ৰেম, নদী সাগৰ প্ৰেম ইত্যাদিক লৈ মই লিখিবলৈ আৰম্ভ কৰিছিলোঁ। সেই প্ৰেমৰ অনুভৱ বোৰ বুজাবলৈ কবিতাৰ প্ৰত্যেক শব্দৰ লগত খেলি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু তেতিয়াৰ পৰা লিখি আহিছোঁ। মই কবিতাৰ প্ৰথম প্ৰকাশ কৰিছিলোঁ মহাবিদ্যালয়ৰ বছৰেকীয়া আলোচনীত।”


কবিতা লিখিবলৈ ধ্ৰুৱ পাঠকৰ অনুপ্ৰেৰণা কোন আৰু কিয় বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “আচলতে মই প্ৰেমত হাবুডুবু খাই কবিতাৰ দিশটো বাছি লৈছিলোঁ কিন্তু এই দিশটোত সম্পূৰ্ণৰূপে মোৰ মা অনুপ্ৰেৰণাতহে আগবাঢ়ি যাব পাৰিছোঁ। সৰুৰ পৰা মাৰ মুখত কবিতাৰ শব্দবোৰ মোৰ কাণত পৰি আহিছিল, মাই এখন টোকাবহীত কবিতা বিলাক লিখি ৰাখিছিল আৰু সেইবিলাক মোক পঢ়াই শুনাই ৰাখি এই দিশটোৰ প্ৰতি মোক উৎসাহিত কৰিছিল। আজিও সেই টোকাবহী যিমানেই পূৰণি হৈ আহিছে সিমানেই মোৰ আৰু মা কবিতাৰ প্ৰতি আকৰ্ষিত বেছি হৈ আহিছে। অসমীয়া সমাজত অসমীয়া ভাষাৰ বৌদ্ধিক, শব্দৰ বিকাশ, কথা কোৱা জ্ঞান, প্ৰত্যেক জনে প্ৰত্যেক জনৰ লগত ভাল ব্যৱহাৰৰ মাধ্যম হৈছে সাহিত্য চৰ্চা। যি নতুন প্ৰজন্মৰ মাজত হেৰাই গৈছে। উগ্ৰ সমাজ ,ইলেট্ৰনিক যন্ত্ৰ আদিয়ে ধ্বংস কৰা নতুন প্ৰজন্মৰ সকলো ফালৰ পৰা নিয়ন্ত্ৰণ কৰিবলৈ সাহিত্য চৰ্চাৰ ‘কবিতা’ এটা মাধ্যম হিচাপে লৈ প্ৰেমৰ মাজেৰে এনাজৰী গঢ়িবলৈ প্ৰয়াস কৰিছোঁ মই আৰু মোৰ এই প্ৰয়াসত “আমাক” সংযোজন কৰিবলৈ আহ্বান কৰিছোঁ। তেওঁৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “পৰিকল্পনা বুলি ক’লে বহুতো হেঁপাহ আছে মোৰ। কবিতা আগতে লিখিছিলোঁ আৰু কৰবাত প্ৰকাশ কৰিছিলোঁ। এতিয়া সেই কবিতা ভিডিঅ’ ৰূপত আগবঢ়াই দিবলৈ নতুনকৈ ভাবিছোঁ ইতিমধ্যে তাৰে প্ৰয়াস “বাখৰুৱা প্ৰেম” কবিতাটো যথেষ্ট আশীৰ্বাদ তথা সঁহাৰি লাভ কৰিছে ৰাইজৰ পৰা। আগন্তুক সময়ত মই আৰু কবিতাৰ চৰ্চা কৰি যাম, যদি ভগৱানে আশীৰ্বাদ কৰে নিশ্চয় কবিতা আগবঢ়াই যাম।”

"সাহিত্য চৰ্চাৰ 'কবিতা' এটা মাধ্যম হিচাপে লৈ প্ৰেমৰ মাজেৰে এনাজৰী গঢ়িবলৈ প্ৰয়াস কৰিছোঁ"- ধ্ৰুৱ পাঠক 2


কবিতাৰে প্ৰত্যেকগৰাকীক জনসাধাৰণক আকৰ্ষণ কৰিবলৈ বিচৰা ধ্ৰুৱ পাঠকৰ কবিতাই যাতে অনাগত দিনত আৰু অধিক চৰ্চা লাভ কৰিবলৈ সক্ষম হয় তাৰেই আশা ৰাখিছোঁ। তেওঁৰ প্ৰতিটো পৰিকল্পনাৰ বাবে তেওঁক জনাইছোঁ শুভকামনা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.