এয়া শাওন মাহ; ভক্তগণ ৰাইজৰ বাবে এয়া পবিত্ৰ মাহ। য’ত তেওঁলোকে শিৱ ভগৱানক আৰাধনা কৰি সমাজৰ অপায়-অমংগল সমূহ নাশ কৰিবলৈ সেৱা প্ৰাৰ্থনা কৰে। আপুনি নিশ্চয় জানে যে বৰ্তমান পৰিপ্ৰেক্ষিতত নৱপ্ৰজন্মৰ প্ৰতিটো দিশত সক্ৰিয়তা কিমান বেছি! পৰিস্থিতি আৰু সময়ৰ সৈতে খাপ খুওৱাই তেওঁলোকে নিজ নিজ সৃষ্টি সমূহ ৰাইজৰ মাজলৈ উলিয়াই দিবলৈ প্ৰয়াস কৰে। অৱশ্যে, তেওঁলোকৰ এই সৃষ্টি সমূহক সহৃয়তাৰে ৰাইজে আঁকোৱালি লোৱাত নৱপ্ৰজন্ম যথেষ্ট হাৰত উৎসাহিত হোৱাও পৰিলক্ষিত হয়। আমি প্ৰত্যেকেই ইজনে আনজনৰ পৰিপূৰক, প্ৰতিটো সময়ত আমাক আন এগৰাকীৰ সহায়-সহযোগিতাৰ প্ৰয়োজন হয়। সাম্প্ৰতিক সময়ছোৱাত মনোৰঞ্জন প্ৰেমী ৰাইজে নৱপ্ৰজন্মৰ প্ৰতি দেখুওৱা সঁহাৰি আৰু আদৰৰ বাবেই আচলতে তেওঁলোকে আৰু দুগুণ উৎসাহেৰে কৰ্ম সম্পাদন কৰিবলৈ সক্ষম হৈছে। থলুৱা গীত সমূহৰ প্ৰাধান্য বুজি নৱপ্ৰজন্মৰ প্ৰতিজন কলা-কুশলীয়ে কৰা চেষ্টাক আদৰণি জনোৱাও দেখিবলৈ পোৱা যায় সকলোকে। শেহতীয়াকৈ, শাওন মাহক উদ্দেশ্যি “কৈলাশ” শীৰ্ষক এটি টোকাৰী গীতক শেহতীয়াকৈ মুকলি কৰি দিছে নৱপ্ৰজন্মৰ এটা দলে। “বেণ্ড পাৰ্টীৰ ঢুলীয়া” নামে এটি ব্যতিক্ৰমী বিহুগীতেৰে শ্ৰোতাক আকৰ্ষণ কৰা বিপ্লৱ গগৈৰ সদ্যমুক্তিপ্ৰাপ্ত গীতটিয়েও জনসাধাৰণৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
অসমৰ থলুৱা গীত-মাত, নৃত্য সমূহক লৈ প্ৰায়ে একোজন যুৱপ্ৰজন্মই ন-ন প্ৰচেষ্টা হাতত লোৱা দেখিবলৈ পোৱা যায়। আচলতে, সংস্কৃতিটো ধৰি ৰখা ক্ষেত্ৰত যেতিয়া যুৱপ্ৰজন্মৰ আগ্ৰহক দেখা যায় তেতিয়া তাতকৈ অধিক একোজন অসমীয়াৰ বাবে ভাল লগা আৰু একোৱে হ’ব নোৱাৰে। আমাৰ প্ৰত্যেকেৰেই থলুৱা গীত সমূহৰ প্ৰতি এক বিশেষ টান আছে; সেইবাবেই হয়টো কোনো নৱপ্ৰজন্মৰ মুখত ইয়াক শুনিবলৈ পালে আমি আৰু অধিক উৎসাহী হৈ পৰো। “কৈলাশ” গীতটিত বিপ্লৱ গগৈৰ সৈতে কণ্ঠদান কৰিছে আন এগৰাকী প্ৰতিভাৱান যুৱক আকাশদ্বীপ গগৈয়ে। কথা আৰু সুৰ কৰিছে মুনিন বৰাই। ৰিতুপৰ্ণ বৰাই নিজ সুন্দৰ সংগীতেৰে গীতটিক সঁজোৱাৰ লগতে তেওঁ ইয়াত শব্দ সংমিশ্ৰণৰ দায়িত্বও ৰূপায়ণ কৰিছে। কী-বোৰ্ড চন্দন দত্তৰ, বাঁহী বজাইছে ৰক্তিম দত্তই আৰু নাগাৰা বজাইছে ঋতুৰাজে। খোল বজাইছে জিতু নেওঁগে। নৱপ্ৰজন্মৰ সৃষ্টি সমূহে জনসাধাৰণক ইমানেই উৎসাহিত কৰিছে যে এতিয়া তেওঁলোকৰ আন আন সৃষ্টি সমূহৰ বাবে আমি অপেক্ষা কৰি ৰ’বলৈও সংকোচ নকৰো। মুঠতে, নতুন আৰু ব্যতিক্ৰমী সোঁৱাদ এটা আমি প্ৰতিটো প্ৰকল্পতেই বিচাৰিবলৈ লৈছোঁ।

বিপ্লৱ গগৈৰ অনাগত দিনৰ প্ৰতিটো পৰিকল্পনাৰ বাবে আমি ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ অশেষ শুভকামনা।
Add comment