Rupaliparda.com
"ভাৰতবৰ্ষ জাতিবাদৰ দ্বাৰা পীড়িত দেশ, মই নিজৰ অনুভৱ দ্বাৰা এই কথা প্ৰকাশ কৰিছো।"- অংকিতা কোঁৱৰ 1

“ভাৰতবৰ্ষ জাতিবাদৰ দ্বাৰা পীড়িত দেশ, মই নিজৰ অনুভৱ দ্বাৰা এই কথা প্ৰকাশ কৰিছো।”- অংকিতা কোঁৱৰ

টকিঅ’ অলিম্পিকত ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ মীৰাবাই চানুৱে নিজ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। খেলুৱৈ গৰাকীৰ সফলতাৰ পিছত সাধাৰণৰ পৰা বিজ্ঞ জন তথা চিলব্ৰেটী আৰু ৰাজনীতিবিদেও তেওঁক শুভকামনা জ্ঞাপন কৰিছে। কিন্তু, এই বিষয়ত ক্ষোভ প্ৰকাশ কৰিছে মিলিন্দ সুমনৰ পত্নী আৰু অসম জীয়ৰী অংকিতা কোঁৱৰে। অৱশ্যে অংকিতাৰ এই ক্ষোভ শুভকামনা জ্ঞাপন কৰা সকলৰ বাবে নহয়, তেওঁ ক্ষোভ প্ৰকাশ কৰিছে বিগত দিনত উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণক যিসকলে উপলুঙা কৰি আহিছে সেই সকললৈহে। একাংশই তেওঁলোকক প্ৰায়ে বিভিন্ন নামেৰে ককৰ্থনাও কৰি আহিছে। এনেক্ষেত্ৰতে, অংকিতা কোঁৱৰে সেইসকলক বেয়াকৈ কৈছে যিয়ে মীৰাবাই চানুৱে টকিঅ’ অলিম্পিকত লাভ কৰা সাফল্যক দেখি “ভাৰত জীয়ৰী” বুলি সম্বোধন কৰিবলৈ আৰম্ভ কৰিছে। অংকিতাই টুইট কৰি কয় যে, “যদিহে আপুনি নৰ্থ-ইষ্টৰ পৰা আহিছে তেতিয়াহ’লে আপুনি ভাৰতীয় হ’বলৈ হ’লে অলিম্পিকত মেডেল পাবলৈ সক্ষম হ’ব লাগিব। নহ’লে আপোনাক চিংকি, চাইনীজ, নেপালী নহ’লে নতুনকৈ ক’ৰোণা বুলি মাতিবলৈ ল’ব। ভাৰতবৰ্ষ জাতিবাদৰ দ্বাৰা পীড়িত দেশ, মই নিজৰ অনুভৱ দ্বাৰা এই কথা প্ৰকাশ কৰিছো।”


কোৱা হয়, বয়সে হেনো প্ৰেম নামানে। বয়স,ওজনৰ নিচিনা একোটা সমীকৰণৰ উৰ্দ্ধত থাকে প্ৰেম। এয়া প্ৰমাণ কৰিলে ৫৩ বছৰীয়া মিলিন্দে, যেতিয়া তেওঁ বিয়া কৰোৱালে এগৰাকী ২৮ বছৰীয়া যুৱতী অংকিতা কোঁৱৰক। তাৰ পিছতেই চচিয়েল মিডিয়াত বহুল হাৰত চৰ্চিত হৈ আহিছে এই যুঁটিটো। যুঁটিটোৱে প্ৰায় প্ৰতিটো ক্ষেত্ৰতে নিজ মন্তব্য দৃঢ়তাৰে কৰি আহিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform