সাম্প্ৰতিক পৰিস্থিতিৰ ডিমাণ্ডৰ প্ৰতি যদি লক্ষ্য কৰোঁ তেতিয়াহ’লে আমি দেখিবলৈ পাম যে শেহতীয়াকৈ ডিজিটেল মাধ্যমৰ প্ৰাধান্য আমাৰ বাবে বেছি হৈ পৰিছে। ইজনে আনজনৰ পৰা দূৰত্ব বজাই ৰখাৰ লগতে সম্প্ৰতি প্ৰতিটো অফিচৰ অধিকাংশ কামেই সম্পন্ন কৰা হৈছে ডিজিটেল মাধ্যমৰ যোগেৰে। তেনে ক্ষেত্ৰত আমি আচলতে মনোৰঞ্জন জগতখনৰ বিষয়েও ক’ব পাৰোঁ, বিগত বৰ্ষৰ পৰা আজি পৰ্যন্ত অধিকাংশ সময়তে ছবিগৃহসমূহত স্তব্ধতাই বিৰাজ কৰিছে। তথাপিও, মনোৰঞ্জন প্ৰদানৰ স্বাৰ্থত অধিকাংশ পৰিচালক-প্ৰযোজকে তেওঁলোকৰ প্ৰকল্প সমূহ মুকলি কৰি দিয়াৰ বাবে এই ডিজিটেল মাধ্যমকেই এক উল্লেখনীয় বিকল্প হিচাবে নিৰ্বাচন কৰিছে। দৰ্শক সমাজৰ শেহতীয়া মনোযোগ পৰিলক্ষিত হৈছে ৱেব চিৰিজ সমূহৰ ওপৰত, প্ৰায় প্ৰত্যেকেই ৱেব চিৰিজসমূহৰ বাবে অপেক্ষাৰত হৈ থকা দেখিবলৈ পোৱা যায়। ইংৰাজী, হিন্দীৰ লগতে বৰ্তমান অসমীয়া ৱেব চিৰিজসমূহেও নিজ নিজ গাড়ীসমূহত গিয়েৰ লগোৱা দেখিবলৈ পোৱা গৈছে। দৰ্শক সমাজে আঁকোৱালি লৈছে এই অসমীয়া ৱেব চিৰিজ সমূহকো। অৱশ্যে, এই ৱেব চিৰিজ সমূহক দৰ্শকৰ মাজলৈ লৈ অনাত সহায় কৰিছে ReelDrama নামে আন এক ডিজিটেল প্লেটফৰ্মেও। ইতিমধ্যে, ইয়াত কেইবাটাও উল্লেখনীয় প্ৰকল্পই মুক্তি লাভ কৰিছে। এইখিনিতে, আপোনালোকলৈ আনিছোঁ আন এক সুখবৰ। উক্ত প্লেটফৰ্মটোৰ যোগেৰে মুক্তি লাভ কৰিবলৈ সাজু হৈছে আন এখন ৱেব চিৰিজ। চিৰিজখনৰ নাম হৈছে “মৃত্যুঞ্জয়”, ইয়াৰ সদ্যমুক্তিপ্ৰাপ্ত ট্ৰেইলাৰটোৱে খলকনি লগাবলৈ সক্ষম হৈছে সচেতন মহলত। কিয়নো ট্ৰেইলাৰত উপস্থাপিত চিৰিজ খনৰ কাহিনীভাগৰ সাৰাংশই আকৰ্ষণ কৰিছে প্ৰত্যেককে।
আমাৰ সমাজ ব্যৱস্থাত অথবা আমাৰ আশে-পাশে ধনাত্মক আৰু ঋণাত্মক এই দুই প্ৰকাৰৰ শক্তিয়ে ক্ৰিয়া কৰি থাকে। কিন্তু দুই ক্ৰিয়াৰ কোনটোক আঁকোৱালি আগবাঢ়িব পৰা যাব সেই সমষ্ট আমাৰ মনোবৃত্তিৰ ওপৰত নিৰ্ভৰ কৰে। আহিবলগীয়া ৱেব চিৰিজ “মৃত্যুঞ্জয়” টো সমাজৰ এই ইতিবাচক আৰু নেতিবাচক দিশ দুটাক উপস্থাপন কৰা হৈছে। সমান্তৰালকৈ, এই চিৰিজখনত সংযোজন কৰা হৈছে ৰহস্যধৰ্মী হত্যাৰ কাহিনী। অৰ্থাৎ, এই চিৰিজখনত দুটা কাহিনীক ইটোক আনটোৰ ওপৰত নিৰ্ভৰ কৰোৱাই প্ৰস্তুত কৰা হৈছে। উল্লেখযোগ্য যে, “মৃত্যুঞ্জয়” ৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীয়ে মনোৰঞ্জন ক্ষেত্ৰখনত ইতিমধ্যে নিজ দক্ষতা প্ৰদৰ্শন কৰিছে। ৱেব চিৰিজ খনৰ সৃষ্টিকৰ্তা হৈছে ৰতনশীল শৰ্মা লগতে পৰিচালনাৰ দায়িত্বত আছে অসমীয়া ধাৰাবাহিক ক্ষেত্ৰখনৰ জনপ্ৰিয় পৰিচালক নানান পাচনি। কাহিনীভাগ লিখিছে নয়ন সাউদ আৰু জাহ্নৱী মজুমদাৰে। ইয়াত গুৰুত্বপূৰ্ণ চৰিত্ৰ সমূহ ৰূপায়ন কৰিছে ক্ৰমে জয় কাশ্যপ, উদয়ন দুৱৰা, জ্যোতি নাৰায়ণ নাথ, ভাগৱত প্ৰীতম, ৰঞ্জীৱ লাল বৰুৱা, হিমাংশু গগৈ, ৰিচা ভৰদ্বাজ, ৰূপম শৰ্মা আৰু মধুস্মিতা দিহিঙিয়াই।


“ৰীলড্ৰামা” ৰ প্ৰকল্পসমূহক লৈ জনসাধাৰণ উৎসাহিত হোৱা পৰিলক্ষিত হৈছে। তাতেই আকৌ এই ৱেব চিৰিজখনত সন্নিৱিষ্ট প্ৰতিগৰাকী শিল্পীৰেই অনুৰাগীৰ শাৰী দীঘলীয়া হোৱাৰ বাবে “মৃত্যুঞ্জয়” য়ে লাভ কৰিছে বহুল চৰ্চা। চিৰিজখনক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা প্ৰত্যেককে জনাইছোঁ অশেষ শুভকামনা।
Add comment