এটা গীতে কেতিয়া পূৰ্ণতা লাভ কৰে বাৰু? হয়, এই প্ৰশ্নটো আপোনাকে কৰিছোঁ। আপুনি এটা গীতক কেতিয়া নিজৰ প্ৰিয় লিষ্টখনত অন্তৰ্ভূক্ত কৰে বাৰু? আচলতে, এটা সংগীত নিজেই নিজৰ মাজত পূৰ্ণ। আমি প্ৰায় এটা গীতৰ কথা আৰু তাৰ সৈতে সাঙুৰ খাই থকা সুন্দৰ তথা সাৱলীল সুৰ-সংগীত সমূহক লৈ ব্যস্ত হৈ থাকোঁ। শেহতীয়াকৈ, এনে এক সুন্দৰ গীতেৰে ৰাইজৰ কাষ চাপিছে নৱপ্ৰজন্মৰ এটা প্ৰতিভাৱান দল। শ্ৰোতা-দৰ্শকৰ মাজত চলি থকা সচৰাচৰ কিছু অনুভূতি-অনুভৱ, আমাৰ জীৱনৰ নেপথ্যত বাজি থকা প্ৰকৃতিৰ সুৰ, থলুৱা কিছু বাদ্যযন্ত্ৰৰ লগত নতুনত্বৰ সংমিশ্ৰণেৰে শেহতীয়াকৈ এটা গীতক মুকলি কৰি দিছে এওঁলোকে। গীতটিৰ নাম হৈছে “চিনাকী সুৰ”। আমাৰ অসম খন হিয়া জুৰ পেলোৱা বিনন্দীয়া প্ৰকৃতিৰে পৰিপূৰ্ণ, আমি প্ৰায়ে প্ৰকৃতিৰ সুন্দৰতাৰ মাজত নিজক হেৰুৱাই আকৌ এবাৰ নিজকেই বিচাৰিবলৈ প্ৰয়াস কৰোঁ। বাস্তৱ জীৱনৰ কৃত্ৰিমতাক পাহৰি জিৰণি ল’বলৈ বিচাৰোঁ এই প্ৰকৃতিৰ মাজতেই। প্ৰকৃতিৰ সুৰবোৰ আমাৰ প্ৰিয় হোৱাৰ সমান্তৰালকৈ ই আমাৰ বাবে চিনাকী সুৰ। সদ্যমুক্তিপ্ৰাপ্ত এই “চিনাকী সুৰ” শীৰ্ষক গীতটি এই প্ৰকৃতিক লৈয়ে নিৰ্মিত। অসমৰ বঙাইগাঁও জিলাৰ পাহাৰ-পৰ্বতৰ সুন্দৰতাক লৈ এই গীতটিৰ ভিডিঅ’ প্ৰস্তুত কৰি উলিওৱা হৈছে। অৱশ্যে, কোৱা বাহুল্য যে এই গীতটিয়ে মুক্তি লাভৰ পিছতেই শ্ৰোতা-দৰ্শকৰ বহুল সমাদৰ লাভ কৰাত সক্ষম হৈছে।
“চিনাকী সুৰ” এই গীতটি নিজ হৃদয়স্পৰ্শী শব্দৰে গুঠিছে বুদ্ধজ্যোতি বেজবৰুৱাই। লগতে, গীতটিত দ্বৈতভাৱে সুৰ আৰু কণ্ঠদান কৰিছে ভাৰ্গৱ ওজাপালিৰ লগতে নিখিল জ্যোতি শৰ্মাই। নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় এই দুই নামৰ অনুৰাগীৰ শাৰীটো ক্ৰমশ দীঘলীয়া যে হৈ গৈ আছে সেয়া আচলতে একাষাৰে কৈ দিলেও অতিৰঞ্জিত নহ’ব। তেওঁলোকে বৰ্তমানলৈ যিসমূহ প্ৰকল্প ৰাইজ মাজলৈ উলিয়াই দিছে, সেই আটাইবোৰতে জনসাধাৰণৰ আকৰ্ষণ সন্নিৱিষ্ট হৈ আছে। গীতটিত ভিডিঅ’গ্ৰাফী কৰিছে চেম মানস বৰ্মণে। আপুনি যদিহে গীতটি উপভোগ কৰিছে তেতিয়াহ’লে নিশ্চয় অনুভৱ কৰিব পাৰিব যে বঙাইগাঁও জিলাখন কিমান সুন্দৰ প্ৰকৃতিৰে পৰিপূৰ্ণ। নিখিল জ্যোতি শৰ্মাৰ ব্যক্তিগত ইউটিউব চেনেলত মুক্তিপ্ৰাপ্ত এই গীতটিৰ প্ৰডাকচন মেনেজাৰৰ দায়িত্বত আছে অৰ্ণৱ কুমাৰ দে’। ড্ৰোনৰ দায়িত্ব পালন কৰিছে লাডেনে। উঠি অহা প্ৰজন্মৰ বহু যুৱক-যুৱতীৰ প্ৰতিভাই ইতিমধ্যে আপ্লুত কৰিছে জনসাধাৰণক। কোনোৱে যদি নতুনৰ আৱিষ্কাৰ কৰিছে আনহাতে কোনোৱে আকৌ লুপ্ত হ’বলৈ ধৰা বিষয়বোৰক আকৌ এবাৰ সাধাৰণজনৰ মাজলৈ উভতাই আনিছে; মুঠতে অবিৰত ধাৰাত চলি থকা এই সাংস্কৃতিক ক্ষেত্ৰখনে নিৰৱচ্চিন্ন ভাৱে কৰিছে নিজ কাম। দৰ্শক-শ্ৰোতাক কেৱল মাত্ৰ মনোৰঞ্জন প্ৰদান কৰি আমোদ দিয়াই নহয়; সম্প্ৰতি নৱপ্ৰজন্মৰ সৃষ্টিত অন্তৰ্ভূক্ত জ্ঞানকো হৃদয়ংগম কৰিছে বহু সচেতন লোকে। সংগীত ক্ষেত্ৰখনৰ বিষয়ে যদিও ক’বলৈ যাওঁ তেনেহ’লে ইয়াত প্ৰতিটো দিনত একোটা নতুন সৃষ্টি হৈছে।
বুদ্ধৰ কথাৰে নিখিল আৰু ভাৰ্গৱৰ আন বহু প্ৰকল্পৰ মুক্তিৰ আশা প্ৰকাশ কৰিছে এতিয়া সংগীতপ্ৰেমী ৰাইজে। তেওঁলোকক আটাইকে এই ৰূপালীপৰ্দা পেজটোৰ তৰফৰ পৰা আমি জনাইছোঁ অলেখ অযুত শুভকামনা।
Add comment