Rupaliparda.com
শেহতীয়া ফটোশ্বুটৰ সৈতে চচিয়েল মিডিয়াত খলকনি দীপলিনা ডেকাৰঃ 1

শেহতীয়া ফটোশ্বুটৰ সৈতে চচিয়েল মিডিয়াত খলকনি দীপলিনা ডেকাৰঃ


বহু দিনৰ বিৰতিৰ অন্তত কৰ্মক্ষেত্ৰত পুনৰ বাৰ খোজ পেলাইছে কণ্ঠশিল্পী দীপলিনা ডেকা। শেহতীয়া ফটোশ্বুটৰ কেইবাখনো ফটো ইনষ্টাগ্ৰাম যোগে আপলোড কৰি তেওঁ পুনৰ বাৰ বুটলিছে ৰাইজৰ প্ৰশংসা। পূৰ্বৰ দৰেই তেওঁৰ ফটোত এতিয়া অনুৰাগীৰ ইটোৰ পিছত সিটোকৈ কমেণ্টে আহি ভিৰ কৰিছে। “চুই দিয়ানা” ৰ আৰম্ভ কৰি “ভবাই নাছিলো” পৰ্যন্ত কণ্ঠশিল্পী গৰাকীৰ প্ৰতিটো গীতেই বহুলভাৱে সমাদৃত তথা জনপ্ৰিয়। ইঞ্জিনিয়াৰিং বৃত্তিৰ পৰা সংগীত ক্ষেত্ৰখনটো নিজ কেৰিয়াৰ আৰম্ভ কৰা দীপলিনা ডেকাই বৰ্তমানলৈকে পিছলৈ চাবলগীয়া হোৱা নাই। জনসাধাৰণৰ মাজত ইতিবাচক বাৰ্তা প্ৰেৰণ কৰাৰ ক্ষেত্ৰতেই হওঁক, দীপলিনাৰ সক্ৰিয়তা উল্লেখনীয়। চচিয়েল মিডিয়াত আপলোড কৰা একোখন ফটোৰে প্ৰত্যেকদিনেই অনুৰাগীক আকৰ্ষণ কৰা লগতে কন্ঠৰ যাদুৰে মুহি নিয়া দীপলিনাৰ অনুৰাগীৰ শাৰীটো কিমান দীঘলীয়া যে সেয়া হয়টো নক’লেও আপোনালোকেও জানে।


অসমীয়া শিল্পী সমূহৰ ভিতৰত দীপলিনা ডেকাই কৰা যিকোনো পোষ্ট কিছু মিনিটৰ ভিতৰত ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা যায়। আনকি, শিল্পীগৰাকীক “জাতীয় বা” হিচাপে ঘোষণা কৰিবলৈও একাংশ অনুৰাগীয়ে কমেন্ট যোগে প্ৰকাশ কৰে। এগৰাকী কন্ঠশিল্পী ৰূপত তেওঁ যিমানেই অনুৰাগীৰ প্ৰিয়; সমান্তৰালকৈ অনুৰাগী বোৰৰ বাবে প্ৰিয় তেওঁৰ অভিনীত চৰিত্ৰ সমূহো। শিল্পী গৰাকীয়ে অনুৰাগীৰ প্ৰশংসা ইমানেই লাভ কৰে যে তেওঁয়ো প্ৰায়ে প্ৰতিটো সময়তে অনুৰাগীৰ কাষ চাপিবলৈও প্ৰচেষ্টা কৰা দেখিবলৈ পোৱা যায়। দীপলিনাৰ কন্ঠৰ মাদকতাই ইতিমধ্যে শ্ৰোতাক তেওঁৰ অনুৰাগী হ’বলৈ এক প্ৰকাৰ বাধ্য কৰি তুলিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.