Rupaliparda.com
সনু সোদৰ প্ৰশংসাত পঞ্চমুখ নৃত্যশিল্পী ফৰাহ খানঃ 1

সনু সোদৰ প্ৰশংসাত পঞ্চমুখ নৃত্যশিল্পী ফৰাহ খানঃ

সনু সোদৰ প্ৰশংসাত পঞ্চমুখ নৃত্যশিল্পী ফৰাহ খান। বলীউডৰ অভিনেতা সুন সোদে প্ৰতিজন ব্যক্তিক কৰা সহায়ৰ কথা কোনোজন ব্যক্তিৰ পৰাই লুকাই থকা নাই। তেওঁ মজদুৰৰ পৰা আৰম্ভ কৰি প্ৰত্যেক সাধাৰণ জনৰ কাষতেই থিয় হৈ থকা দেখিবলৈ পোৱা গৈছিল; আনকি অভিনেত্ৰী ৰাখী সাৱন্তে সাংবাদিকৰ ওচৰত সনু সোদক প্ৰধানমন্ত্ৰী ৰূপে দায়িত্বভাৰ দিবলৈও মন্তব্য কৰিছিল। ফৰাহ খান আৰু সনু সোদ বিগত বহু দিনৰ পৰাই একেলগে কাম কৰি আছে, দুয়োগৰাকীয়ে একেলগে “হেপ্পী ন্যু ইয়েৰ” ছবিখনটো কাম কৰিছে। শেহতীয়াকৈ সনু সোদৰ সৈতে এটা গীতৰ শ্বুটিং সমাপ্ত কৰিলে ফৰাহ খানে। ফৰাহ খানে কয় যে, “মোৰ বাবে সনু সোদ পূৰ্বে যেনে আছিলে ঠিক তেনেদৰেই আছে আজিও। কোনোধৰণৰ অধৈৰ্য্য আৰু খং নাই, মাটিৰ সৈতে মিলি থকা এগৰাকী বুদ্ধিমান লোক। আমি এতিয়াও ইজনে সিজনৰ সৈতে হাঁহি ধেমালি কৰোঁ। জংঘলত শ্বুটিং কৰা স্বত্বেও ৱেনিটী ভেনৰ বাবে তেওঁ আপত্তি নেদেখুৱায়। গছৰ পিছফালে গৈ নিজেই কাপোৰটো সলাই আহে।” সনু সোদ য’তেই থাকে তাতেই মানুুহবোৰে আহি ভিৰ কৰে বুলি মন্তব্য কৰাৰ সমান্তৰালকৈ সনু সোদ যে বৰ্তমান একাংশৰ বাবে পূজনীয় ব্যক্তি, সেই কথাও স্পষ্ট কৰে ফৰাহ খানে।


ফৰাহ খানে শেহতীয়াকৈ পঞ্জাৱত সনু সোদৰ সৈতে এক মিউজিক ভিডিঅ’ ৰ প্ৰস্তুত কৰে। ভিডিঅ’টোৰ নাম “সাথ ক্যা নিভাওগে”। গীতটিত নিধি অগ্ৰৱালকো দেখিবলৈ পোৱা যাব। গীতটিত কণ্ঠদান কৰিছে টনী কক্কড় আৰু অল্তাফ ৰাজাই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.