যেতিয়া এটা শিশুয়ে এক সাংস্কৃতিক পৰিয়ালত জন্ম গ্ৰহণ কৰে তেতিয়া সেই শিশুটো সৰুৰে পৰাই মনোৰঞ্জন ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহী হৈ গৈ থাকে। নিজৰ সপোনৰ দিশে আগবাঢ়ি যাবলৈ প্ৰায়ে পিতৃ-মাতৃৰ লগতে সমগ্ৰ পৰিয়ালৰ লোকে উদ্গনি যোগোৱা আমি দেখিবলৈ পাওঁ। শৈশৱত নিজ গন্তব্য স্থান পাবলৈ যেনেদৰে জ্যেষ্ঠজনে আমাক হাত ধৰি লৈ যোৱা আমি দেখো ঠিক তেনেদৰে আমাৰ সপোনৰ বাটচোৱাতো তেওঁলোকৰ অৰিহণা মন কৰিবলগীয়া। নিচেই সৰুৰে পৰা এই মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত এগৰাকী নৱপ্ৰজন্ম হৈছে তুহিন কন্যা বৰা। ৰূপালীপৰ্দাৰ তৰফৰ পৰা আমি প্ৰতিদিনেই আপোনালোকৰ মাজলৈ একোগৰাকী প্ৰতিভাৰ বিষয়ে উপস্থাপন কৰি আহিছোঁ। শেহতীয়াকৈ এই জগতখনত কৰা আৰম্ভণি ক্ষেত্ৰত তেওঁ কয় যে, “সৌভাগ্যক্ৰমে মোৰ জন্ম এখন সাংস্কৃতিক দিশত আগবঢ়া ঘৰত হৈছিল। মোৰ দেউতা এজন নাট্যকর্মী হোৱাৰ লগতে মোৰ ককাও আছিল ভাওনা সংস্কৃতিৰ এজন সুদক্ষ অভিনেতা। শুনা মতে, আজুককাও হেনো আগতে ভাওনাৰ সূত্ৰধাৰ আছিল।আনহাতে, মোৰ মা যদিও পেছাত এগৰাকী শিক্ষয়িত্ৰী আছিল তথাপিও তেওঁ এগৰাকী অভিনেত্ৰী তথা আবৃত্তিকাৰ হিচাবেও পৰিচিত। মাৰ ফালৰ ককাও আগতে নামাচাৰ্য আৰু এগৰাকী ভাৱৰীয়া আছিল ।গতিকে, মনোৰঞ্জনৰ ক্ষেত্ৰখনৰ লগত মোৰ জন্মৰ পৰায়ে সম্পৰ্ক গাঢ় হৈ উঠিছিল। সৰুৰে পৰা সংস্কৃতিৰ চৰ্চা দেখি দেখি মোৰ মনতো সংস্কৃতিৰ বীজ নিজে নিজে ৰোপন হৈছিল।জীৱনত প্ৰথম বাৰ মঞ্চত কেতিয়া উঠিছিলোঁ মনত নাই, হয়তো মোৰ তেতিয়া বয়স ৩ বছৰ মান হ’ব, গাৱঁৰ বিহু ফাংচনত। জীৱনৰ প্ৰথমখন নাটক আছিল “বুদ্ধুৰাম” ২০০৮ চনত কৰিছিলোঁ নগাঁৱৰ অবিনশ্বৰ গোষ্ঠীয়ে আয়োজন কৰা শিশুনাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানত। তিনিখন নাটক উপস্থাপন কৰা হৈছিল, ভাগীৰথী বাইকদমৰ দ্বাৰা অনুদিত বি.ভি. কাৰান্তৰ নাটক “বুদ্দুৰাম”, দীপক বৰা অৰ্থাৎ আমাৰ দেউতাৰ দ্বাৰা ৰচিত আৰু পৰিচালিত “মইনা মেলৰ ভাওনা” আৰু “অ’ ফুল অ’ ফুল নুফুল কিয়”। মই তিনিও খনতে চৰিত্ৰ ৰূপায়ণ কৰিছিলোঁ, বয়স তেতিয়া পাঁচ বছৰ অতিক্ৰম কৰি ছয় বছৰত সোমাইছিলোঁ।তেতিয়াৰ পৰা এতিয়া লৈকে মনোৰঞ্জনৰ ক্ষেত্ৰখনৰ লগত বিলীন হৈ আছোঁ।”

এগৰাকী অভিনেত্ৰী ৰূপে তুহিন কন্যাই কেনেধৰণৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ ইচ্ছা কৰে বুলি প্ৰশ্ন কৰাত তেওঁ কয়, “এগৰাকী অভিনেত্ৰী হিচাবে মোৰ বোধেৰে মই এটা ধাৰাতে ব্ৰতী হৈ থাকিব নালাগে। মই যিকোনো ধৰণৰ অভিনয় কৰিব পৰা হ’ব লাগে, অন্ততঃ চেষ্টা কৰিব লাগে। গতিকে, নতুন প্ৰকল্প এটা হাতত ল’লে প্ৰকল্পটোৱে পোহৰাই তোলা নতুন দিশটো মই আগে চাম। যদি প্ৰকল্পটোৱে সমাজ তথা ব্যক্তিগত জীৱনতো নতুন চেতনা বা নতুন চিন্তা উদ্বেগ কৰিব পাৰে তেনেহ’লে সেই প্ৰকল্প কৰিবলৈ পাই মই নিজকে ধন্য মানিম।” আগন্তুক পৰিকল্পনাৰ বিষয়ে জনাই তেওঁ কয় যে, “বৰ্তমান ক’ভিড পৰিস্থিতিৰ বাবে নাটক, নৃত্য আদি সকলো অনুষ্ঠান অস্থায়ী ভাৱে বন্ধ যদিও লকডাউন ভালকৈ খুলিলে আকৌ নতুন উদ্যমেৰে কৰিবলৈ পাম বুলি আশাবাদী। তাৰ বাহিৰে নতুনকৈ চুটি ছবি দুখনমান হাতত লোৱাৰ কথা ভবা হৈছে, সময় আৰু অৰ্থ মিলিলে অতি সোনকালেই কাম হাতত ল’ম।” তেওঁৰ ফালৰ পৰা এগৰাকী “শিল্পী” ৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয়, “মোৰ বোধেৰে এগৰাকী শিল্পী হ’বলৈ হ’লে কেৱল শিল্প চর্চায়ে যথেষ্ট নহয়, তাতোকৈ বেছি লাগে শিল্প-সাধনা। পৃথিৱীত শিল্পপ্ৰেমী তথা শিল্পকর্মী অজস্ৰ আছে কিন্তু শিল্পী বুলি ক’লে আমি এইটো বুজোঁ যে তেওঁ ৰাইজৰ মানুহ। অৰ্থাৎ যিজনে নিজৰ শিল্প সাধনাৰ দ্বাৰা সমাজৰ বাবে, ৰাইজৰ বাবে ওলাই আহে, সমাজৰ হৈ মাত মাতিবলৈ সংকোচ নকৰে, সমাজ তথা সংস্কৃতিৰ কল্যাণৰ কথা ভাবি শিল্পসাধনা কৰে সেইজনেই শিল্পী। কেৱল ব্যক্তিগত লাভালাভৰ বাবে শিল্প-চৰ্চা কৰাজন কেৱল শিল্পকর্মীহে হ’ব পাৰিব, শিল্পী হ’ব কেতিয়াও নোৱাৰে।”


সৰুতেই সাংস্কৃতিক ক্ষেতখনক লৈ দৃঢ়তা আৰু একাগ্ৰতাৰে আগবঢ়া এই প্ৰতিভাসকলৰ সৈতে প্ৰতিজন ব্যক্তিয়ে সঁহাৰি জনাইছে। ৰূপালীপৰ্দাৰ তৰফৰ পৰাও তুহিন কন্যা বৰালৈ জনাইছোঁ শুভকামনা।
Add comment