Rupaliparda.com
Bioscope ৰ এই নতুন প্ৰচেষ্টা "স্মৃতিৰ ৰ'দালি"- 1

Bioscope ৰ এই নতুন প্ৰচেষ্টা “স্মৃতিৰ ৰ’দালি”-

জীৱন দৌৰত আমি দৌৰি দৌৰি কেতিয়াবা ভাগৰি পৰোঁ, বৰ্তমান আমি যি সময়ত জীয়াই আছোঁ তাত প্ৰত্যেকগৰাকী ব্যক্তিয়ে পূৰণি স্মৃতি বুকুত বান্ধি কেৱল মাত্ৰ আগবাঢ়ি গৈ আছে। পিছলৈ চাব যেন অকণো আহৰি নাই কোনো গৰাকী ব্যক্তিৰ, সংগ্ৰাম কৰি জয়ী হোৱাৰ মানসিকতাৰে এখোজ এখোজকৈ আগুৱাই গৈছোঁ। কিন্তু যেতিয়া আমি একান্তমনে ক’ৰবাত বহিবলৈ পাওঁ, তেতিয়া আমাক এই পূৰণি স্মৃতি বোৰে আমনি কৰে। সেই দিনবোৰ, পাহৰণিৰ গৰ্ভলৈ যোৱা বিষয়বোৰে সেইটো সময়ত আহি ব্যতিব্যস্ত কৰি তোলে আমাক। তথাপিও, এই স্মৃতিবোৰ আমাৰ মৰমৰ। শেহতীয়াকৈ, এই স্মৃতিসমূহক লৈয়ে মুক্তি লাভ কৰিছিল এটি নতুন গীত “স্মৃতিৰ ৰ’দালি”। Bioscope ৰ বেনাৰত নিৰ্মিত এই গীতটিক আঁকোৱালি লৈছে প্ৰত্যেকেই।গীতটিক লৈ জনসাধাৰণ উৎসাহী হোৱা অইন এক কাৰণ হৈছে গীতটিত কণ্ঠদান কৰাৰ লগতে ভিডিঅ’ত দেখিবলৈ পোৱা অভিনেতা তথা সংগীতশিল্পী গৰাকী; অসমীয়া ছবি “আমিষ” ৰ দ্বাৰা সৰ্বত্ৰে চৰ্চিত হোৱা অভিনেতা অৰ্ঘদ্বীপ বৰুৱাৰ কণ্ঠৰে মুক্তিপ্ৰাপ্ত এই গীতটিত আপুনি শুনিবলৈ পাব। আনহাতে ইয়াৰ কথাখিনিয়েই সংগীত প্ৰেমী শ্ৰোতাক বহুল হাৰত আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। গীতটিত কথা কুকিল প্ৰতিমৰ আৰু সংগীত পৰিচালনা অৰ্ণৱ বশিষ্ঠৰ। গীতাৰ ইশানুৰ লগতে ভায়’লিন বজাইছে মানস শইকীয়াই। ৰেকৰ্ডিং ইঞ্জিনিয়াৰৰ দায়িত্বত আছে দিব্যাংক তানিজা, শব্দ-সংমিশ্ৰণ কৰিছে ৰূপজিৎ দাসে লগতে গীতটিত চাউণ্ড ডিজাইন কৰিছে দেৱজিৎ গায়নে।


“স্মৃতিৰ ৰ’দালি” গীতটিৰ ভিডিঅ’ৰ পৰিচালনাৰ লগতে দৃশ্যগ্ৰহণ আৰু সম্পাদনা মানৱ জ্যোতি বৰুৱাৰ। ২০১৭ চনৰ পৰা পেছাগত ভাৱে পৰিচালনাৰ দিশটোৰ সৈতে জড়িত মানৱ জ্যোতি বৰুৱাৰ “অপৰাহ্ন” শীৰ্ষক চুটি ছবিখনৰ সমান্তৰালকৈ বিগত বৰ্ষৰ “লক-ডাউন” ৰ সময়ত মু্ক্তি লাভ কৰা আন এখন চুটি ছবি “গ্ৰহণ” ক দৰ্শকে আকোঁৱালি লোৱাৰ লগতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবি সমাৰোহতো দুয়োখন চুটি ছবিয়ে মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছিল। গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে অৰ্ঘদ্বীপ বৰুৱা তথা হৰুণ আলিয়ে। সহঃ পৰিচালনা সুনয়না দত্ত আৰু দীপান্নিতা দাসৰ। ভি.এফ.এক্স দীপজ্যোতি সন্দিকৈৰ। পোষ্টাৰ ডিজাইন মিচিচিপি হাজৰিকাৰ আৰু কলিগ্ৰাফী ধৰ্মজ্যোতি বৰুৱাৰ। Bioscope ৰ প্ৰকল্প সমূহে ইতিমধ্যে জনসাধাৰণ আপ্লুত কৰিবলৈ সক্ষম হৈছিল কিয়নো ইয়াৰ বিষয়বস্তু সমূহে সংযোগ কৰি আহিছে সাধাৰণ জনকো। সম্প্ৰতি সময়ছোৱাত একোগৰাকী নৱপ্ৰজন্মই সাংস্কৃতিক দিশটোৰ প্ৰতি দেখুওৱা আগ্ৰহ সঁচাকৈ উল্লেখনীয়। এগৰাকী গীতিকাৰ, সুৰকাৰ অথবা এজন কন্ঠশিল্পী ৰূপে নিজক প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকে কৰা প্ৰচেষ্টা সমূহ ইমানেই অধিক গ্ৰহণযোগ্য যে তেওঁলোকৰ সৃষ্টিয়েই ক্ষন্তেকতে জনপ্ৰিয়তা লাভ কৰাৰ উপৰিও ভাইৰেল হৈ পৰে চচিয়েল মিডিয়াত। পাৰ্থিৱ সুখক কিছু সময়ৰ বাবে উফৰাই দৰ্শক-শ্ৰোতাক প্ৰদান কৰা আমোদনেৰে আত্মসন্তোষ্টি লাভ কৰা নৱপ্ৰজন্মৰ বৃহৎ সংখ্যাই সাংস্কৃতিক ক্ষেত্ৰখনত আহিবলগীয়া সময়ত নতুনৰ যোগানৰ ধৰিব।

Bioscope ৰ এই নতুন প্ৰচেষ্টা "স্মৃতিৰ ৰ'দালি"- 2


নতুনৰ মূলতেই হৈছে নৱপ্ৰজন্ম। তেওঁলোকে সৃষ্টি কৰা নতুন ধাৰা অথবা যিকোনো বিষয়েই হওঁক সেই আটাইবোৰেই জনসাধাৰণে হৃদয়ংগম কৰিবলৈ সক্ষম হৈছে। তেনেক্ষেত্ৰত এই গীতটিয়েও শ্ৰোতাক মুগ্ধ কৰিবলৈ সক্ষম হৈছে বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। ৰূপালীপৰ্দাৰ তৰফৰ পৰাও Bioscope ৰ এই নতুন প্ৰচেষ্টাক জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform