Rupaliparda.com
ৰবি শৰ্মাৰ দৰেই তেওঁৰ পুত্ৰ-কন্যা; "দৈহিক ফিটনেছ হৈছে অত্যন্ত জৰুৰী"- 1

ৰবি শৰ্মাৰ দৰেই তেওঁৰ পুত্ৰ-কন্যা; “দৈহিক ফিটনেছ হৈছে অত্যন্ত জৰুৰী”-

অভিনেতা ৰবি শৰ্মা দৈহিক আৰু মানসিক ভাৱে যে ফিট সেয়া একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব। তেওঁ প্ৰায়ে নিজৰ ফিটনেছ অথবা সাম্প্ৰতিক সময়ত এগৰাকী ব্যক্তি দৈহিক ভাৱে সুস্থ হৈ থকাটো কিমান প্ৰয়োজনীয় সেই বিষয়ে বিভিন্ন চচিয়েল মিডিয়া আপডেটৰ জৰিয়তে তেওঁ জনাই থাকে। শেহতীয়াকৈ অভিনেতা গৰাকী পুনৰ এবাৰ নিজ ফিটনেছৰ ফটো আপলোড কৰে যদিও তাত ব্যতিক্ৰম পৰিলক্ষিত হয়। নিজ বাসগৃহত শৰীৰ চৰ্চা কৰি থকা ৰবি শৰ্মাৰ পুত্ৰ-কন্যাইও নিজ শৰীৰৰ প্ৰতি গুৰুত্ব প্ৰদানেৰে ব্যায়াম আৰু প্ৰাণায়ম কৰা দেখিবলৈ পোৱা যায়। ফটোকেইখনে চচিয়েল মিডিয়াত খলকনি লগোৱাৰ সমান্তৰালকৈ পোষ্টটোত কমেণ্টো দেখিবলৈ পোৱা গ’ল যথেষ্ট। অভিনেতা ৰবি শৰ্মাৰ সামাজিক বিষয়সমূহৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰত নিজ মত সুন্দৰকৈ ব্যক্ত কৰা অভিনেতা ৰবি শৰ্মা সদায়েই চচিয়েল মিডিয়াত সক্ৰিয় হৈ থাকে। ২০০০ চনৰ পৰা অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত খোজ পেলোৱা এই গৰাকী অভিনেতাই অসমীয়া দৰ্শকক প্ৰায় কেইবাখনো উল্লেখনীয় ছবিৰ উপহাৰ দিছে। অৱশ্যে, তেওঁৰ প্ৰথমখন ছবি “হিয়া দিয়া নিয়া” য়ে আছিল চুপাৰহিট ছবি। অসমীয়া ফিট অভিনেতাৰ মাজৰ এগৰাকী ৰবি শৰ্মাৰ অনুৰাগীৰ শাৰী দীঘলীয়া; তেওঁৰ প্ৰতিটো কথাই প্ৰশংসা পাবলৈও আচলতে সক্ষম হয়।

ৰবি শৰ্মাৰ দৰেই তেওঁৰ পুত্ৰ-কন্যা; "দৈহিক ফিটনেছ হৈছে অত্যন্ত জৰুৰী"- 2


কিছুদিন পূৰ্বে ডিজিটেল প্লেটফৰ্ম Niri9 যোগে মুক্তি লাভ কৰা Illegal নামে ৱেব চিৰিজখনটো দেখিবলৈ পোৱা গৈছিল এই অভিনেতা গৰাকীক। এক দমদাৰ লুকেৰে ৱেব চিৰিজখনক উপভোগ কৰিবলৈ বাধ্য কৰোৱাইছিল দৰ্শকক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform