নতুনৰ সৈতে নতুন হৈ আগবাঢ়িছে অসমীয়া সংগীত ক্ষেত্ৰখন। প্ৰতিদিনেই একোটা নতুন গীতৰ মুক্তি আৰু এই মুক্তিপ্ৰাপ্ত গীতসমূহত নতুন বিষয়বস্তু একোটাই জনসাধাৰণক আকৰ্ষণ কৰিছে। অসমীয়া সংগীত ক্ষেত্ৰখন যথেষ্ট বিশাল; ইয়াত ইজনৰ পিছত সিজনকৈ প্ৰতিভাৰ সংযোজন হৈ গৈ থাকে। প্ৰত্যেকটো দিনত একোটাকৈ শিশুৱে হয়টো এটা গান শুনি নিজ পিতৃ-মাতৃৰ ওচৰত গুনগুনাবলৈ আৰম্ভ কৰে; আনহাতে আকৌ, আন একোটা শিশুৰ সংগীতৰ প্ৰতি থকা ইচ্ছাক দেখি পিতৃ-মাতৃয়ে তেওঁক গীত গাবলৈ উৎসাহিত কৰে। এয়া নিৰৱিচ্চিন্ন প্ৰক্ৰিয়া; আদি কালৰ পৰা চলি আহি ই অনন্ত কাললৈ ঠিক এনেদৰেই চলি যাব। কিছুমান ক্ষেত্ৰত যদিও পৰিৱৰ্তন অথবা সাল-সল/নিৰ মুখা-মুখি হোৱা দেখা যায় তৎস্বত্বেও আমাৰ এই সংগীত ক্ষেত্ৰখন পূৰ্বতকৈ অধিক জীপাল হ’ব বুলি একাষাৰে কৈ দিলেও হয়টো সেয়া অতিৰঞ্জিত নহ’ব। বৰগীত, লোকগীতৰ ধাৰাৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ ৰেপ আৰু EDM ৰ পয়োভৰৰ মাজত শ্ৰোতাই প্ৰতিদিনেই এই ক্ষেত্ৰখনত নতুনত্বৰ আৱিষ্কাৰ কৰিলে; জীৱনৰ পাৰ্থিৱ বস্তুসমূহৰ আঁতৰি অথবা ব্যৱসায়িক যিটো মানসিকতা সেই আটাইবোৰৰ উৰ্দ্ধতো শেহতীয়াকৈ গীতৰ নিৰ্মাণ হৈছে। যিবোৰ গীতৰ যদিও ভিউৱাৰচৰ সংখ্যা কম তথাপিও গীতসমূহৰ অন্তৰ্নিহিত ভাৱধাৰা সমূহ উল্লেখনীয় তথা লেখল’বলগীয়া। এই সংগীত ক্ষেত্ৰখনত অন্তৰ্ভূক্ত বহু ন-ন প্ৰতিভাৰ বিষয়ে আপোনালোকে ৰূপালীপৰ্দাৰ জৰিয়তে পঢ়িবলৈ পাইছে; এইবাৰ আপোনালোকক এটা নতুন গীতৰ কথা জনাবলৈ ওলাইছোঁ।

সংগীত জগতখনত এখোজ দুখোজকৈ আগবাঢ়ি অনুৰাগীৰ শাৰীৰ দীঘলীয়া কৰা অঞ্জু পাঞ্চিৰ কণ্ঠৰে মুক্তি লাভ কৰিবলৈ সাজু হৈছে এটি নতুন গীত “মৰমৰ দাপোণত”। অহা ১৫ আগষ্ট তাৰিখলৈ গীতটিয়ে লাভ কৰিব মুক্তি। গীতটি এইবাবেই ব্যতিক্ৰম কিয়নো ইয়াত সংযোজন হৈছে মণিপুৰী কথাও। শিলচৰৰ এগৰাকী নৱপ্ৰজন্মৰ ৰেপাৰ অভিষেক টংগব্ৰাম অঞ্জু পাঞ্চিৰ সৈতে যুটীয়া ভাৱে গীতটিত জড়িত হৈ আছে। গীতটি অসমীয়া মণিপুৰী কথাৰে নিৰ্মিত এটি প্ৰেমৰ গীত, ইয়াত সংগীত কৰিছে কালেইঘটে। আমি অধিক কথা কোৱা লোকসকলক বাৰু “কথা চহকী” অথবা “কথাৰে ধনী” বুলি আখ্যা নিদিওঁ নে? সেই একেখিনি কথাকেই আমি প্ৰয়োগ কৰিব পাৰোঁ আমাৰ সংগীত ক্ষেত্ৰখনক লৈও; শেহতীয়াকৈ এই ক্ষেত্ৰখনত আমি এনে একাংশ গীত শুনিছো যি সমূহৰ কথা ইমানেই অধিক গ্ৰহণযোগ্য যে সেইসমূহ বাৰম্বাৰ শুনিবলৈ আমি প্ৰয়াস কৰোঁ। মনোৰঞ্জন এক অবিৰত প্ৰক্ৰিয়া; যেতিয়া কোনো এজন নৱপ্ৰজন্মৰ প্ৰতিভাই স্তব্ধতাক আওঁকান কৰি মনোৰঞ্জন প্ৰদানৰ অৰ্থে তেওঁলোকৰ সৃষ্টি সমূহ শ্ৰোতা-দৰ্শকৰ মাজলৈ উলিয়াই দিয়ে তেতিয়া তেওঁলোকৰ প্ৰতি জনসাধাৰণ আৰু অধিক আকৰ্ষিত হৈ পৰে। সম্প্ৰতি সময়ছোৱাত একোগৰাকী নৱপ্ৰজন্মই সাংস্কৃতিক দিশটোৰ প্ৰতি দেখুওৱা আগ্ৰহ সঁচাকৈ উল্লেখনীয়। এগৰাকী গীতিকাৰ, সুৰকাৰ অথবা এজন কন্ঠশিল্পী ৰূপে নিজক প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকে কৰা প্ৰচেষ্টা সমূহ ইমানেই অধিক গ্ৰহণযোগ্য যে তেওঁলোকৰ সৃষ্টিয়েই ক্ষন্তেকতে জনপ্ৰিয়তা লাভ কৰাৰ উপৰিও ভাইৰেল হৈ পৰে চচিয়েল মিডিয়াত। পাৰ্থিৱ সুখক কিছু সময়ৰ বাবে উফৰাই দৰ্শক-শ্ৰোতাক প্ৰদান কৰা আমোদনেৰে আত্মসন্তোষ্টি লাভ কৰা নৱপ্ৰজন্মৰ বৃহৎ সংখ্যাই সাংস্কৃতিক ক্ষেত্ৰখনত আহিবলগীয়া সময়ত নতুনৰ যোগানৰ ধৰিব।অসমৰ সাংস্কৃতিক জগতখন পৃথিৱীৰ ভিতৰতেই চহকী। এই ক্ষেত্ৰখনৰ বিভিন্ন শিতানত অন্তৰ্ভূক্ত শিল্পী সমূহৰ তেওঁলোকৰ কলাটোক লৈ থকা শ্ৰদ্ধা তথা ভক্তিয়েই ইয়াক বিভিন্ন ক্ষেত্ৰত আগুৱাই লৈ যাবলৈ সক্ষম হয়।


আগন্তুক মুক্তিপাবলগীয়া এই গীতটিক লৈ অঞ্জু পাঞ্চিৰ লগতে ৰেপাৰ অভিষেকলৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অলেখ অযুত শুভকামনা। তেওঁলোকৰ এই যুটিটোক জনসাধাৰণে যাতে সঁহাৰি জনায়।
Add comment