Rupaliparda.com
নতুন খবৰ, অক্টোবৰ মাহত মুক্তি লাভ কৰিব অসমীয়া ছবি "চন্দ্ৰাৱলী"- 1

নতুন খবৰ, অক্টোবৰ মাহত মুক্তি লাভ কৰিব অসমীয়া ছবি “চন্দ্ৰাৱলী”-

বিগত বহু দিনৰ পৰাই অসমীয়া ছবি মুক্তিৰ খবৰ আমি পোৱা নাই। অৱশ্যে সাম্প্ৰতিক সময়ছোৱাত এখন ছবিক মুকলি কৰি দিয়াত যৎকিঞ্চিৎ সাহসকণো কৰিব পৰা নাই পৰিচালক-প্ৰযোজক গোষ্ঠীয়ে। তথাপিও একাংশ ছবিৰ পৰিচালক-প্ৰযোজকে লগ হৈ নিজ ছবিসমূহক ৰাইজৰ মাজলৈ উলিয়াই অনাৰ বিকল্প পদ্ধতিৰ বিচাৰ কৰিছে। আমি এনেক্ষেত্ৰত “গৰু” ছবিখনৰ কথাই ক’ব পাৰোঁ। এই ছবিখনৰ মুক্তিৰ আৰ্হি লৈ শেহতীয়াকৈ আন এখন অসমীয়া ছবি “চন্দ্ৰাৱলী” ক মুকলি কৰি দিয়াৰ পৰিকল্পনা কৰিছে পৰিচালক বলীন শৰ্মাই, চচিয়েল মিডিয়া যোগে ইতিমধ্যে তেওঁ এই কথা জনাইছে চলচিত্ৰ প্ৰেমী সকলৰ মাজত। আনহাতে, ছবিখনৰ সদ্যমুক্তিপ্ৰাপ্ত ট্ৰেইলাৰটোৱেও আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৰাইজক। চলিত বৰ্ষৰ অক্টোবৰ মাহত ছবিখনক ৰাইজৰ মাজলৈ উলিয়াই অনা হ’ব। AB প্ৰযোজনা গোষ্ঠীৰ বেনাৰত নিৰ্মিত এইখন অসমীয়া ছবি “চন্দাৱলী”ৰ সকলো কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। “চন্দ্ৰাৱলী” ছবিখনৰ কাহিনী চিত্ৰনাট্য আৰু পৰিচালনা যোৰহাটৰ বলীন শৰ্মাৰ। পৰিচালক গৰাকীয়ে ইয়াৰ পূৰ্বে “হৃদয় কঁপোৱা গান” শীৰ্ষক অসমীয়া ছবিখনৰ কাহিনী, চিত্ৰনাট্য লিখাৰ উপৰিও সহযোগী পৰিচালক হিচাপে কাম কৰিছিল। বলীন শৰ্মা যোৰহাটৰ এজন প্ৰতিষ্ঠিত নাট্যকাৰ হোৱাৰ লগতে তেওঁৰ কেইবাখনো টেলিফ্লিম দূৰদৰ্শন যোগে সম্প্ৰচাৰিত হৈছে। শেহতীয়াকৈ ছবিখনত অন্তৰ্ভূক্ত এটি সুন্দৰ গীত “এচেৰেঙা চেনেহী” য়ে লাভ কৰিছে মুক্তি; গীতটিয়ে মুক্তি লাভৰ পিছতেই শ্ৰোতা-দৰ্শকৰ বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।


নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু প্ৰকৃতি শৰ্মাৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত এই গীতটিত কথা, সুৰ আৰু সংগীত অজয় ফুকনৰ। সংগীত প্ৰযোজনা পলাশ গগৈৰ। “চন্দ্ৰাৱলী” ত অভিনয় কৰিছে ৰাজীৱ গোস্বামী, দেৱজিৎ মজুমদাৰ ,পল ফুকন ,ৰাতুল শৰ্মা, অতনু কাশ্যপ, ৰাজ ভৈৰৱ আৰু পৱিত্ৰ বৰুৱাই।নায়িকা চৰিত্ৰত অভিনয় কৰিছে অসমৰ মোহময়ী অভিনেত্ৰী অমৃতা গগৈয়ে ।এটি বিশেষ চৰিত্ৰত মনীষা ৰাগিনীয়ে। ইয়াৰ উপৰিও, যোৰহাট আৰু গুৱাহাটীৰ বহু প্ৰতিষ্ঠিত অভিনেতা অভিনেত্ৰীয়ে ছবিখনত অভিনয় কৰিছে। ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হৈছে যোৰহাটকে ধৰি গুৱাহাটী আৰু চিলংৰ মনোমোহা ঠাইত। ছবিখনত ৰূপ সজ্জা আকাশ গগৈৰ আৰু কৰিঅ’গ্ৰাফ উদয় শংকৰ ,শান্তুমনি শৰ্মাৰ।প্ৰযোজনা নিয়ন্ত্ৰক চঞ্চল জোতি বৰদলৈ আৰু শশাংক শেখৰ। সম্পাদনা অসীম শৰ্মা।আৱহ সংগীত পলাশ গগৈ। এই ছবিখনৰ সংগীত পৰিচালনা অজয় ফুকনৰ। গীত সমূহত কন্ঠদান কৰিছে জুবিন গাৰ্গ ,সুবাসনা দত্ত, গীতালি আৰু প্ৰকৃতি শৰ্মাই।চিত্ৰগ্ৰহণ কৃষ্ণ চাহাৰ লগতে মূখ্য সহকাৰী পৰিচালক পবিত্ৰ খাউন্দ আৰু মৃনাল ডেকা। সহকাৰী পৰিচালনা কল্লোল আৰু প্ৰাঞ্জু প্ৰিঞ্চৰ।

নতুন খবৰ, অক্টোবৰ মাহত মুক্তি লাভ কৰিব অসমীয়া ছবি "চন্দ্ৰাৱলী"- 2


অসমীয়া এই ছবিখনৰ মুক্তিৰ খবৰ লাভ কৰি ইতিমধ্যে উৎসাহিত হৈছে দৰ্শক সমাজ। ছবিখনৰ সৈতে জড়িত প্ৰতিজন অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform