Rupaliparda.com
কন্যাৰ বাবে শ্ৰেষ্ঠ পুৰুষ হিচাবে থিয় দিব অভিনেতা উদয়ন দুৱৰাইঃ 1

কন্যাৰ বাবে শ্ৰেষ্ঠ পুৰুষ হিচাবে থিয় দিব অভিনেতা উদয়ন দুৱৰাইঃ

অমৃতা গগৈ, ৰাকেশ ৰিয়ানৰ সমান্তৰালকৈ এইবাৰ জীৱনৰ তৃতীয়খন ইনিংছত অৱতীৰ্ণ হৈছে অভিনেতা উদয়ন দুৱৰাই। অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ এগৰাকী খুবেই জনপ্ৰিয় অভিনেতা উদয়ন দুৱৰাই শেহতীয়াকৈ ইনষ্টাগ্ৰাম যোগে স্পষ্ট কৰিছে যে পিতৃত্বৰ সুখ প্ৰাপ্তিৰ পিছত কিমান সুখী তেওঁ। এগৰাকী কন্যা সন্তানৰ পিতৃ বৰ্তমান অভিনেতা গৰাকী, কন্যা গৰাকীৰ সৈতে ইনষ্টাগ্ৰাম যোগে এখন ফটো আপলোড কৰি শেহতীয়াকৈ অভিনেতা গৰাকী প্ৰতিজ্ঞাবদ্ধ হৈ যে অনাগত দিনত নিজ সন্তানৰ বাবে তেওঁ এগৰাকী শ্ৰেষ্ঠ পুৰুষ হিচাবে নিজক প্ৰমাণিত কৰিব। তেওঁলোকৰ সুখৰ সময়কণত বহুকেইগৰাকী অসমীয়া অভিনেতা- অভিনেত্ৰীয়ে শুভকামনাও জ্ঞাপন কৰিছে। অসমীয়া অভিনয় ক্ষেত্ৰখনৰ এগৰাকী জনপ্ৰিয় অভিনেতা ৰূপে পৰিগণিত উদয়ন দুৱৰাৰ অনুৰাগীৰ শাৰীখন আচলতে যথেষ্ট দীঘলীয়া। তেওঁক বৰ্তমান পডকাষ্ট শ্ব “অযান্ত্ৰিক” ত নৱপ্ৰজন্মৰ পৰিচালক ৱঁৱেচিচ তালুকদাৰৰ সৈতে ঘোষক ৰূপে দেখিবলৈ পোৱা যায়। খুবেই জনপ্ৰিয় হৈ উঠা এই শ্ব’টোত বৰ্তমানলৈ ভালকেইজন প্ৰভাৱশালী ব্যক্তিৰ আগমন ঘটিছে। বিগত বৰ্ষত “UD Talks” নামে এক অনলাইন সাক্ষাৎকাৰ অনুষ্ঠানৰো পোষকতা কৰিছিল অভিনেতা গৰাকীয়ে। এই অনুষ্ঠানত অসমীয়াৰ লগতে কেতবোৰ হিন্দী অভিনেতা-অভিনেত্ৰীৰো সংযোগ ঘটা দেখিবলৈ পোৱা গৈছিল। গুৰু-গম্ভীৰ বিষয়ৰ পৰিৱৰ্তে কিছু কমেডী প্ৰশ্নৰেহে আৰম্ভ কৰা এই অনুষ্ঠানটো জনসাধাৰণক কিছু সময়ৰ মনোৰঞ্জন প্ৰদানৰ অৰ্থেই আৰম্ভ কৰা হৈছিল।


উল্লেখ্য যে, উদয়ন দুৱৰাক আহিবলগীয়া সময়ত এখন বহু প্ৰত্যাশিত ছবি “গুৱাহাটী ডায়েৰিজ” ত দেখিবলৈ পোৱা যাব। আনহাতে, তেওঁৰ জীৱনলৈ আহিবলগীয়া সন্তানটিৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে অভিনেতা গৰাকীৰ অনাগত দিনবোৰ সুখময় হওক ৰূপালীপৰ্দাৰ তৰফৰ পৰা তাৰেই আশা ৰাখিছোঁ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform