এখন সাংস্কৃতিক পৰিয়ালত জন্মলাভ কৰা একোটা শিশুৱে জন্মৰে পৰাই সাংস্কৃতিক দিশটোৰ প্ৰতি নিজক আগ্ৰহী কৰি লৈ গৈ থাকে। সপোনৰ দিশটোত প্ৰায়ে নিজ অভিভাৱকে সন্তানটিক হাত ধৰি আগবঢ়াই লৈ গৈ থাকে। মনোৰঞ্জন নথকালৈ জীৱনৰ প্ৰত্যেকটো ৰসেই আধৰুৱা। সেইবাবেই হয়টো জনসাধাৰণে হতাশাতো এটা গান শুনিয়ে মন পাতলাবলৈ চেষ্টা কৰে; আমনিদায়ক হৈ থকা সময়কণতো আচলতে বহুতেই বিচাৰে সংগীত। ফলত, মনোৰঞ্জন ক্ষেত্ৰখনত অন্তৰ্ভূক্ত সংগীত বিষয়টোৱে অধিক দৰ্শক আৰু শ্ৰোতাক নিজৰ পিনে টানি ৰখা বুলি ক’ব পাৰি। এই সংগীত ক্ষেত্ৰখনক লৈ আকৰ্ষিত বৰ্তমান বহু যুৱপ্ৰজন্ম; তথাকথিত “সংগীত” ৰ আখ্যা দিয়া কিছু গীতৰ তুলনাত একাংশ যুৱপ্ৰজন্মৰ বৰ্তমান সৃষ্টি সঁচাকৈয়ে মনকৰিবলগীয়া। বাধা-সংগ্ৰাম আদিবোৰ মানব জীৱনৰ একোটা এৰাব নোৱাৰা অংগ; এইসমূহক পিছত এৰি যদিও চাওঁ তেতিয়াহ’লে একাংশ যুৱপ্ৰজন্মৰ সৃষ্টি শলাগিবলগীয়া। আজিৰ দেওবৰীয়া সাক্ষাৎকাৰ বিশেষত আমি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ লোকসংগীতৰ সাধক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাংস্কৃতিক সম্পাদক হীৰকজ্যোতি শৰ্মাক। তেওঁৰ সৈতে পাতিছিলোঁ। চাওচোন আহকঃ
প্ৰশ্নঃ সংগীত ক্ষেত্ৰখনৰ সৈতে তুমি কেতিয়াৰ পৰা জড়িত?
হীৰকজ্যোতি শৰ্মাঃ আমাৰ ঘৰখনতেই সংগীত চৰ্চাৰ এটি পৰিৱেশ আছিল। আমাৰ প্ৰকৃত ঘৰ নলবাৰী জিলাৰ বৰনৰ্দ্দী গাঁৱত কিন্তু বৰ্তমান আমি গুৱাহাটী পাঞ্জাবাৰীৰ স্থায়ী বাসিন্দা। মোৰ ককা মুক্তি যুঁজাৰু প্ৰয়াত চন্দ্ৰধৰ শৰ্মা এগৰাকী লোকসংগীতৰ শিল্পী আছিল , বিশেষকৈ সংকীৰ্তন আৰু নামত ককাৰ বিশেষ দখল। ঠিক একেদৰে, মোৰ দেউতা শ্ৰী সুভাষ শৰ্মা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ এগৰাকী কৰ্মচাৰী যদিও লোকসংগীতৰ বৰপথাৰ খনত দেউতাৰ দখল মনকৰিবলগীয়া। সংকীৰ্ত্তন আৰু নামৰ ক্ষেত্ৰত দেউতাৰ পৰা যথেষ্ট শিকিব পাৰিছোঁ। মোৰ খুৰা অসম ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ পৰা শাস্ত্ৰীয় সংগীতত ডিগ্ৰীধাৰী ব্যক্তি। গতিকে মাৰ গৰ্ভত থকাৰ পৰাই তাল-নাগাৰাৰ শব্দ শুনিবলৈ পাইছিলোঁ, শুনিছিলোঁ ককাই ৰাতিপুৱা মন্দিৰত গোৱা ভাগৱতৰ সুৰ, নামৰ দিহা। একেদৰে দেউতাৰ মুখত শুনিছিলোঁ সংকীৰ্তনৰ কলি। গতিকে, এয়াই আছিল মোৰ আৰাম্ভণি আৰু এই মহাবিদ্যালয়ৰ পৰাই পাৰ কৰিছিলোঁ মোৰ শৈশৱ।
প্ৰশ্নঃ সংগীতৰ কোনটো উপাদানে এটা সংগীতক পূৰ্ণতা দিয়ে বুলি তুমি ভাবা আৰু কিয়?
হীৰকজ্যোতি শৰ্মাঃ গীত নৃত্য আৰু বাদ্য এই তিনি কলাৰ সমাবেশেই হ’ল সংগীত।
এতিয়া যদি আমি এটা গীতলৈ মন কৰো, সেই নিৰ্দিষ্ট গীতটিত থকা এটি উপাদান হ’ল গীতটিৰ কথা আৰু সংগীত ব্যবস্থাপনা। মোৰ ব্যক্তিগত অনুভৱহে কিন্তু এইয়া। গীতটিত কি বিষয়বস্তু নিহিত হৈ আছে আৰু সেই বিষয়বস্তুৰ লগত গীতটিয়ে কি বিচাৰি আছে, সুৰৰ লগত সংগীতটোৱে খাপ খাইছেনে ইত্যাদি দিশ বোৰ সঁচাকৈয়ে মন কৰিবলগীয়া। মই তেনেকৈ কোৱাত অলপ জটিলতা অনুভৱ কৰিছোঁ কিয়নো প্ৰতিটো উপাদানেই প্ৰত্যক্ষভাৱে জড়িত থাকে সেই নিৰ্দিষ্ট গীতটিৰ সংগীতৰ লগত। গীতটিৰ কথা আৰু সুৰৰ লগত সংগীতটো সুমধুৰ হৈছেনে , গীতটিৰ সংগীত উন্নত মানদণ্ডৰ হ’ল কিন্তু গায়কজনে সুললিত কণ্ঠৰে সৰ্বাঙ্গসুন্দৰ ভাৱে গীতটি গাব পাৰিছেনে পৰা নাই ইত্যাদি দিশ বোৰ সঁচাকৈয়ে গুৰুত্বপূৰ্ণ। সেয়েহে মই ক’ব খোজোঁ সংগীতৰ প্ৰতিটো উপাদানেই এটা সংগীতক পূৰ্ণতা প্ৰদান কৰে। প্ৰতিটো উপাদানেই নিৰ্ভৰ হৈ থাকে এটা আনটোৰ ওপৰত।
প্ৰশ্নঃ তোমাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰিম।
হীৰকজ্যোতি শৰ্মাঃ শৈশৱ -কৈশোৰ পাৰ কৰিলোঁ লোকসংগীতৰ মাজেৰেই। বৰ্তমান আৰু ভবিষ্যতেও মই ব্ৰতী হৈ ৰ’ম লোকসংগীতৰ সাধনাৰ মাজেৰেই।
লোকসংগীতৰ এটি বিষয়ৰ ওপৰত গৱেষণা কৰি এক নতুন মাত্ৰা প্ৰদানৰ লগতে পৃথিৱীৰ কোন কেইখন ঠাইত সেই একেধৰণৰ সংস্কৃতি বিৰাজমান, তাৰ মৌলিকতা , জনপ্ৰিয়তা, সামাজিক দায়বদ্ধতা, দাৰ্শনিক তত্ব, বিকাশ ইত্যাদি বিভিন্ন দিশ উলিয়াই আনি বিশেষ স্থানলৈ লৈ যোৱাত যাতে কিঞ্চিৎ পৰিমাণে হ’লেও সহায়ক হয় তাৰ বাবে মই সদাই চেষ্টা অব্যাহত ৰাখিম।
প্ৰশ্নঃ তোমাৰ মতে এগৰাকী “শিল্পী” ৰ সংজ্ঞা কি?
হীৰকজ্যোতি শৰ্মাঃ “শিল্পী” শব্দৰ অৰ্থ সঁচাকৈয়ে মহত্বপূৰ্ণ।দূৰ দিগন্তৰ দৰে বিশাল আৰু সাগৰৰ দৰে গভীৰ শিল্পী সত্বাৰ বিশ্লেষণ কৰাৰ সামৰ্থ্য কাৰো নাই।মোৰ ক্ষুদ্ৰ অভিজ্ঞতাৰ পৰা মই কব পাৰো যে,শিল্পীৰ প্ৰত্যেকটো প্ৰহৰত থাকে ইতিহাস সংৰক্ষণৰ প্ৰচণ্ড ইচ্ছা আৰু থাকে সৃষ্টিৰ অজস্ৰ উদ্দীপনা । এগৰাকী শিল্পীৰ আশ্ৰয়ৰ স্থল মানুহ,মৰম আৰু উৎসাহ। শুভাকাংক্ষীৰ চিৰপ্লাৱন উশাহত জীয়াই থাকে এগৰাকী শিল্পীৰ প্ৰতিভা । জ্ঞান,অমায়িক আৰু সৰলতাই হ’ল এগৰাকী শিল্পীৰ প্ৰকৃত সত্ত্বা। যি সত্বাই বৰ্তমানক জাতিষ্কাৰ কৰি তোলে,সমাজৰ অসূয়াৰ মাজৰ আশায়ে শিল্পী,অস্থিৰ নৌকাৰ ক্লান্তহীন নাবিক শিল্পী,শিল্পীৰ কোনো পৰিবেষ্টনী নাই,নাই কোনো সঠিক প্ৰতিদান,শিল্পক যিয়ে জয় কৰিব পাৰে তেওঁৱেই শিল্পী।
ৰূপালীপৰ্দাঃ ধন্যবাদ হীৰকজ্যোতি শৰ্মা, তোমাৰ আগন্তুক পৰিকল্পনা সফল হওঁক।
হীৰকজ্যোতি শৰ্মাঃ ধন্যবাদ ৰূপালীপৰ্দা।
Add comment