সম্প্ৰতি সময়ত সংগীত ক্ষেত্ৰখনত বিভিন্ন গীতৰ সৃষ্টি আমি লক্ষ্য কৰিছো। য’ত একাংশ গীতৰ সৃষ্টিৰ আঁৰত আছে অভিজ্ঞ জন তাতেই আকৌ আনহাতে একাংশ নৱপ্ৰজন্মৰ সৃষ্টিয়েও আকৰ্ষণ কৰিছে সকলোকে। যদিও ইটোৰ পিছত সিটো গীতৰ সৃষ্টি হৈছে তথাপিও তাৰেই ভিতৰত একাংশ এনে গীত আছে যাক এবাৰ শুনাৰ পিছতেই আচলতে অসমীয়া সংগীতপ্ৰেমী শ্ৰোতা প্ৰেমত পৰে গীত সমূহৰ। শেহতীয়াকৈ এনে এটা গীতৰ মুক্তিত মন্ত্ৰমুগ্ধ হৈ পৰিছিল অসমীয়া সংগীতপ্ৰেমী শ্ৰোতা। গীতটিয়ে মুক্তি লাভ কৰা পিছত অৱশ্যে একাংশই চচিয়েল মিডিয়াত এনেদৰেও মন্তব্য কৰিছিল যে গীতটিত থকা কথাই শ্ৰোতাৰ মাজলৈ কিছু নতুন শব্দক লৈ অনাৰ লগতে সেইবোৰৰ অৰ্থ বিচাৰি অভিধান চাবলৈ বাধ্য কৰোৱাইছে। নৱপ্ৰজন্মই এই অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত অন্তৰ্ভূক্ত হোৱাৰ বাবে কৰা অহৰহ প্ৰয়াস আৰু তেওঁলোকৰ সৃষ্টিত থকা নতুনত্বই সঁচাকৈ টানিছে জনসাধাৰণক। নৱপ্ৰজন্মৰ নতুন সৃষ্টি আৰু তেওঁলোকৰ ব্যতিক্ৰমী প্ৰচেষ্টাক লৈ উৎসাহিত সকলো। আগন্তুক সময়তো তেওঁলোকৰৰ ন-ন সৃষ্টিয়ে জনসাধৰণৰ মাজত সৃষ্টি কৰিছে উৎকন্ঠাৰ।
শেহতীয়াকৈ সুন্দৰ আৰু হৃদয়স্পৰ্শী কথাৰে মুক্তি লাভ কৰিছিল এটি নতুন গীত ‘জুৰণি’। আমি কেতিয়াবা প্ৰশান্তি লাভৰ বাবে এটুকুৰা এনে ঠাইৰ সন্ধান কৰোঁ য’ত আমি কোনো হুলস্থূল অবিহনে মুক্ত মনে বহিব পাৰোঁ, অকণমান সময়ৰ জিৰণি লাভৰ অৰ্থে তথা কিছু সময় দৈহিক আৰু মানসিক ভাগৰবোৰক আঁতৰাবলৈ আমি সেই নিৰ্দ্দিষ্ট ঠাই টুকুৰালৈ যাব বিচাৰোঁ। সদ্যমুক্তিপ্ৰাপ্ত ‘জুৰণি’ গীতটিও এনে এক বিষয়বস্তুক কেন্দ্ৰ কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে। ‘তলসৰা সপোনৰ পাঁহি এঁকাজলি, ৰুণজুণ টোপালৰ গুণগুণনি’, এনেধৰণৰ কিছুমান শাৰীয়ে গীতটিক শ্ৰোতাৰ মাজত গ্ৰহণযোগ্য কৰি তুলিছে। গীতটিৰ কথা আৰু ইয়াত কণ্ঠদান কৰিছে প্ৰিয়ংকা চহৰীয়াই। সৰুতেই শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰা প্ৰিয়ংকা অনাতাঁৰ শিল্পী হিচাবেও চিনাকী, কলেজীয়া জীৱনত শ্ৰেষ্ঠ গায়িকাৰ খিতাপ লাভ কৰা এইগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভা প্ৰিয়ংকাৰ শ্ৰুতিমধুৰ কণ্ঠই শেহতীয়াকৈ আকৌ এবাৰ শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হৈছে। আনহাতে, ‘জুৰণি’ শীৰ্ষক এই গীতটিত জড়িত হৈ আছে আন এগৰাকী প্ৰতিভাসম্পন্ন নৱপ্ৰজন্মৰ পৰিণীতা গোস্বামী। ‘আলিবাট’ শীৰ্ষক গীতটিৰ জৰিয়তে সংগীত ক্ষেত্ৰখনত কেৰিয়াৰ আৰম্ভ কৰা পৰিণীতাই ‘জুৰণি’ গীতটিক নিজ সুৰেৰে সঁজাইছে। সংগীত প্ৰযোজনা ৰূপম তালুকদাৰৰ। ভিজুৱেল আৰ্টিষ্ট মণিকুণ্ডল বৰা, মডেল প্ৰাৰ্থনা উপমান্যু।

গীতটি যি সকল শ্ৰোতাই শুনিছে তেওঁলোক আটাইয়ে গীতটিৰ ক্ষেত্ৰত ইতিবাচক মন্তব্য কৰা পৰিলক্ষিত হৈছে। ‘জুৰণি’ আৰু অধিক সফলতাৰ কামনা কৰিছে ৰূপালীপৰ্দাই, ইয়াৰ সৈতে জড়িত প্ৰত্যেককে জনাইছোঁ শুভকামনা।
Add comment