Rupaliparda.com
দীপৰাজ চক্ৰৱৰ্তীৰ কথাৰ সজোৱা 'তোমাতেই মগন' ত পদ্মনাভ বৰদলৈ আৰু ৰিচা ভৰদ্বাজৰ যুটিঃ 1

দীপৰাজ চক্ৰৱৰ্তীৰ কথাৰ সজোৱা ‘তোমাতেই মগন’ ত পদ্মনাভ বৰদলৈ আৰু ৰিচা ভৰদ্বাজৰ যুটিঃ

সংগীত ক্ষেত্ৰখনক লৈ নিজৰ সৰ্বোচ্ছ উছৰ্গা কৰা একাংশ কন্ঠশিল্পীক লৈ অৱশ্যে সঁহাৰি জনায় শ্ৰোতা সমাজেও। তেওঁলোকৰ সৃষ্টিসমূহক লৈ অপেক্ষা কৰাৰ লগতে তেওঁলোৰ প্ৰতিটো প্ৰচেষ্টাক লৈ উৎসাহিত হৈ থাকে শ্ৰোতাসকল। বৰ্তমান পৰিপ্ৰেক্ষিতত, সংগীতক লৈ এনেদৰে উচৰ্গিত একোজন কন্ঠশিল্পীৰ উদাহৰণ আমি বহুকেইটা দিব পাৰো; যাৰ গীতসমূহ ইটোৰ পিছত সিটোকৈ আহি নাথাকিলেও একোটা গীতক লৈ তেওঁলোকৰ প্ৰচেষ্টা থাকে দীৰ্ঘদিনীয়া। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত এটি নতুন ৰোমাণ্টিক গীতত দেখা পোৱা গ’ল এক নতুন যুটি, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলি থকা পদ্মনাভ বৰদলৈৰ সৈতে এইবাৰ যুটীয়া ভাৱে কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী তথা এগৰাকী অভিনেত্ৰী ৰিচা ভৰদ্বাজে। গীতটিৰ নাম ‘তোমাতেই মগন’। নৱপ্ৰজন্মৰ প্ৰতিভাসম্পন্ন দীপৰাজ চক্ৰৱৰ্তীৰ কথাৰে সজোৱা এই শ্ৰুতিমধুৰ গীতটিয়ে মুক্তিৰ পিছতেই লাভ কৰিছে জনপ্ৰিয়তা। গীতটিৰ সংগীত ব্যৱস্থাপনা সুমিত ৰাজা গুপ্তাৰ আৰু শব্দ মিশ্ৰণ মামণি কলিতাৰ। বৰ্তমান গীত সমূহৰ অধিকাংশ গীতেই হৈছে নৱপ্ৰজন্মৰ সৃষ্টি; গীতসমূহত কথা দিয়াৰ পৰা আৰম্ভ কৰি গীতসমূহত সুন্দৰ সংগীতৰ সংযোজন কৰালৈ জড়িত হৈ থাকে এই নৱপ্ৰজন্মৰ একাংশ প্ৰতিভা। সুন্দৰ সৃষ্টি আৰু গ্ৰহণযোগ্য কৰ্মৰ দ্বাৰা এই মনোৰঞ্জন ক্ষেত্ৰখনত মনোনিৱেশ কৰিবলৈ অহৰহ প্ৰয়াস কৰা একাংশ নৱপ্ৰজন্মই এতিয়া প্ৰত্যেককে উৎসাহিত কৰি ৰখাত সক্ষম হৈছে। এগৰাকী গীতিকাৰ, সুৰকাৰ অথবা এজন কন্ঠশিল্পী ৰূপে নিজক প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকে কৰা প্ৰচেষ্টা সমূহ ইমানেই অধিক গ্ৰহণযোগ্য যে তেওঁলোকৰ সৃষ্টিয়েই ক্ষন্তেকতে জনপ্ৰিয়তা লাভ কৰাৰ উপৰিও ভাইৰেল হৈ পৰে চচিয়েল মিডিয়াত।


পাৰ্থিৱ সুখক কিছু সময়ৰ বাবে উফৰাই দৰ্শক-শ্ৰোতাক প্ৰদান কৰা আমোদনেৰে আত্মসন্তোষ্টি লাভ কৰা নৱপ্ৰজন্মৰ বৃহৎ সংখ্যাই সাংস্কৃতিক ক্ষেত্ৰখনত আহিবলগীয়া সময়ত নতুনৰ যোগানৰ ধৰিব। নতুনৰ মূলতেই হৈছে নৱপ্ৰজন্ম। তেওঁলোকে সৃষ্টি কৰা নতুন ধাৰা অথবা যিকোনো বিষয়েই হওঁক সেই আটাইবোৰেই জনসাধাৰণে হৃদয়ংগম কৰিবলৈ সক্ষম হৈছে। অসমীয়া সংগীত ক্ষেত্ৰখন যথেষ্ট বিশাল; ইয়াত ইজনৰ পিছত সিজনকৈ প্ৰতিভাৰ সংযোজন হৈ গৈ থাকে। প্ৰত্যেকটো দিনত একোটাকৈ শিশুৱে হয়টো এটা গান শুনি নিজ পিতৃ-মাতৃৰ ওচৰত গুনগুনাবলৈ আৰম্ভ কৰে; আনহাতে আকৌ, আন একোটা শিশুৰ সংগীতৰ প্ৰতি থকা ইচ্ছাক দেখি পিতৃ-মাতৃয়ে তেওঁক গীত গাবলৈ উৎসাহিত কৰে। এয়া নিৰৱিচ্চিন্ন প্ৰক্ৰিয়া; আদি কালৰ পৰা চলি আহি ই অনন্ত কাললৈ ঠিক এনেদৰেই চলি যাব। কিছুমান ক্ষেত্ৰত যদিও পৰিৱৰ্তন অথবা সাল-সলনিৰ মুখা-মুখি হোৱা দেখা যায় তৎস্বত্বেও আমাৰ এই সংগীত ক্ষেত্ৰখন পূৰ্বতকৈ অধিক জীপাল হ’ব বুলি একাষাৰে কৈ দিলেও হয়টো সেয়া অতিৰঞ্জিত নহ’ব। বৰগীত, লোকগীতৰ ধাৰাৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ ৰেপ আৰু EDM ৰ পয়োভৰৰ মাজত শ্ৰোতাই প্ৰতিদিনেই এই ক্ষেত্ৰখনত নতুনত্বৰ আৱিষ্কাৰ কৰিলে।

দীপৰাজ চক্ৰৱৰ্তীৰ কথাৰ সজোৱা 'তোমাতেই মগন' ত পদ্মনাভ বৰদলৈ আৰু ৰিচা ভৰদ্বাজৰ যুটিঃ 2
দীপৰাজ চক্ৰৱৰ্তীৰ কথাৰ সজোৱা 'তোমাতেই মগন' ত পদ্মনাভ বৰদলৈ আৰু ৰিচা ভৰদ্বাজৰ যুটিঃ 3


যেনেদৰে একোটা সুন্দৰ গীত মুক্তি লাভ কৰি গৈ আছে ঠিক তেনেকৈয়ে অসমীয়া সংগীত ক্ষেত্ৰখন পূৰ্বতকৈ আৰু এঢাপ ওপৰলৈ উঠি যাবলৈ সক্ষম হৈছে। গীতটিৰ সৈতে জড়িত প্ৰত্যেককে ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform