Rupaliparda.com
ভয়ানক কাহিনীৰে অপূৰ্ব ঠাকুৰীয়া, সৌৰভ বৈশ্যৰ পৰিচালনাৰে 'চুৰী' 1

ভয়ানক কাহিনীৰে অপূৰ্ব ঠাকুৰীয়া, সৌৰভ বৈশ্যৰ পৰিচালনাৰে ‘চুৰী’

মনোৰঞ্জন ক্ষেত্ৰখনলৈ সুকীয়া প্ৰকল্পৰ উপহাৰ দিয়া এগৰাকী পৰিচালক সৌৰভ বৈশ্য, চুটি ছবিকেই আৰম্ভ কৰি পূৰ্ণদৈৰ্ঘ্যৰ ছবি তথা শেহতীয়াকৈ নিৰ্মাণ হোৱা চিৰিজ সমূহত নিজৰ প্ৰতিভাক সুন্দৰকৈ জনসাধাৰণৰ মাজলৈ লৈ আনিবলৈ সক্ষম হোৱা সৌৰভ বৈশ্যৰ পৰিচালনাৰে নিৰ্মিত বহুকেইটা প্ৰকল্পৰ ইতিবাচক চৰ্চা হোৱাৰ লগতে তেওঁৰ পৰিচালনাৰ অনুৰাগীও হৈছে বহু লোক। সদ্যমুক্তিপ্ৰাপ্ত ‘চুৰী’ শীৰ্ষক আন এখন চুটি ছবিৰ সৈতে ৰাইজৰ কাষ চাপিছে পৰিচালক গৰাকী, ভয়ানক কাহিনী এটা উপস্থাপনৰ ক্ষেত্ৰত নৱপ্ৰজন্মৰ এইগৰাকী পৰিচালকৰ প্ৰতিভা সঁচাকৈ মন কৰিবলগীয়া। তেওঁৰ দ্বাৰা নিৰ্মিত ‘কাহিনীৰ আঁৰৰ কাহিনী’ ছবিখন উপভোগ কৰিলেই অৱশ্যে আপুনি এইক্ষেত্ৰত স্পষ্ট হৈ পৰিব। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ‘চুৰী’ চুটি ছবিখনো হৈছে এক ভয়ানক কাহিনীৰ ওপৰত আধাৰিত, যাৰ দ্বিতীয়টো খণ্ডইও অতিশীঘ্ৰে মুক্তি লাভ কৰিব। চুটি ছবি বুলি ক’লেই দৰ্শক সমাজ উৎসাহিত হৈ পৰে, কিয়নো বিগত সময়ছোৱাত এই চুটি ছবিসমূহে দৰ্শকক যথেষ্ট সংগ প্ৰদান কৰিছে তথা আমোদ দিছে। হাঁহিবলৈ অৱকাশ দিয়াৰ লগতে মনোৰঞ্জনৰ মাধ্যম হিচাবে কেতিয়াবা আৱেগিক আৰু কেতিয়াবা উৎকণ্ঠিত কৰি তুলিছে।


উল্লেখিত চুটি ছবিখনৰ পৰিচালনা, সম্পাদনা আৰু দৃশ্যগ্ৰহণৰ লগতে চাউণ্ড ডিজাইনৰ দায়িত্ব বহন কৰিছে পৰিচালক সৌৰভ বৈশ্যই নিজেই। আনহাতে, ইয়াৰ কাহিনীভাগ লিখিছে অপূৰ্ব ঠাকুৰীয়াই। অভিনয় কৰিছে ক্ৰমে অপূৰ্ব ঠাকুৰীয়া, বৰষা দাস আৰু কৌশিক নাথ। কাহিনীভাগৰ ক্ষেত্ৰত অপূৰ্ব ঠাকুৰীয়াৰ প্ৰশংসা কৰিব লাগিব কিয়নো ৫ মিনিট ৫৮ ছেকেণ্ড দৈৰ্ঘ্যৰ এই চুটি ছবিখনত দৰ্শকে এক মিনিটৰ বাবেও আমনি নোপোৱাকৈ পৰৱৰ্তী সময়ত কি হ’ব, তাৰ অনুমান লগাবলৈ চেষ্টা কৰিছিল। গতিকে, এনেক্ষেত্ৰত লিখক গৰাকী সফল হৈছে। ইয়াত ভয়ানক কাহিনী এটা সংযোজনৰ সমান্তৰালকৈ দৰ্শক মন-মগজুৰ সৈতেও খেলিবলৈ প্ৰয়াস কৰা হৈছে। প্ৰতিদিনেই একোটা নতুন বিষয়বস্তুৰ সৈতে দৰ্শক সমাজক চিনাকী কৰোৱাই দিয়া নৱপ্ৰজন্মৰ একাংশ প্ৰতিভাসম্পন্ন কলা-কুশলীৰ প্ৰকল্পসমূহত জনপ্ৰিয়তাৰ মোহৰ লাগিছে। চুটি ছবি, স্তব্ধতাৰ সময়টো মনোৰঞ্জন প্ৰদানৰ মাধ্যম হিচাবে পৰিগণিত চুটি ছবিসমূহে বৰ্তমান সময়ত এক বিশেষ ভূমিকা লাভ কৰিবলৈ সক্ষম হৈছে, এতিয়া চুটি ছবি বুলি ক’লেই আগ্ৰহী হৈ পৰে সকলো। অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্মাণৰ সমান্তৰালকৈ নিৰ্মাণ কৰা হৈছে অসমীয়া চুটি ছবিসমূহো। লগতে, এই চুটি ছবিসমূহে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিবলৈ সক্ষম হৈছে সমাদৰ।

ভয়ানক কাহিনীৰে অপূৰ্ব ঠাকুৰীয়া, সৌৰভ বৈশ্যৰ পৰিচালনাৰে 'চুৰী' 2


চুটি ছবিখনৰ দ্বিতীয়টো খণ্ডৰ বাবে এতিয়া অপেক্ষাৰত দৰ্শক। ‘চুৰী’ সৈতে জড়িত প্ৰতিগৰাকী কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform