শ্বাহৰুখ খানৰ ১৩ কোটি টকাৰ “মন্নত” ৰ বৰ্তমানৰ দাম হৈছে ২০০ কোটিতকৈও অধিক; কিং খানৰ এই বাসগৃহটোৰ দাম শুনি হয়টো আপোনালোকেও আচৰিত হৈ পৰিছে! ২০০১ চনত শ্বাহৰুখ খানে নিজৰ এই ঘৰটো ১৩ কোটি টকা ক্ৰয় কৰিছিল; ৬ মহলাযুক্ত এই সুন্দৰ বাসগৃহটোৰ ওপৰত শ্বাহৰুখ খানৰ প্ৰতিজন অনুৰাগীৰ লগতে মুম্বাইস্থিত প্ৰত্যেকজন জনসাধাৰণৰেই চকু। মুম্বাইলৈ গ’লে “মন্নত” ৰ ওচৰত গৈ যেন একপি ফটো উঠিলেহে তালৈ যোৱা সাৰ্থক হয় সকলোৰে। “মন্নত” ৰ নাম প্ৰথমছোৱাত “জন্নত” আছিল যদিও পিছলৈ ইয়াক সলনি কৰি দিয়া হৈছিল। শেহতীয়াকৈ শ্বাহৰুখ খানে নিজৰ ৫৫ তম জন্মদিন পালন কৰিছে; ডুবাইত সপৰিয়ালে লগ হৈ জন্মদিন উদযাপন কৰিছিল কিং খানৰ। বিগত ২৫ বছৰ ধৰি বলীউড ক্ষেত্ৰখনত অতিবাহিত কৰা শ্বাহৰুখ খানৰ অভিনয়ৰ চৰ্চা আৰু অনুৰাগীৰ ইমানেই দীঘলীয়া লিষ্ট যে সেয়া নক’লেও হৃদয়ংগম কৰিব পৰা যায়।


৮ বাৰকৈ ফিল্মফেয়াৰত সৰ্বশ্ৰেষ্ঠ অভিনেতাৰ পুৰষ্কাৰ প্ৰাপ্ত এই গৰাকী শ্বাহৰুখ খানৰ জন্মদিনত বিভিন্ন জন অনুৰাগীয়ে বিভিন্ন ধৰণৰ উপহাৰ দিয়াৰ লগতে তেওঁৰ নামেৰে চন্দ্ৰতো কিনি ৰখা হয় মাটি। চন্দ্ৰত শ্বাহৰুখ খানৰ এগৰাকী অনুৰাগীয়ে প্ৰতিটো বছৰৰ জন্মদিনত শ্বাহৰুখৰ নামেৰে এটুকুৰাকৈ মাটি কিনে। শ্বাহৰুখ খানেও এইগৰাকী অষ্ট্ৰেলিয়াৰ অনুৰাগীৰ সৈতে মেইলৰ যোগেৰে সংযোগ কৰি থাকে।
Add comment