জয়ন্ত নাথ– সংগীতৰ মানুহ। কণ্ঠশিল্পী, সংগীত পৰিচালক, গীতিকাৰ। ধ্ৰুৱতৰা ,অগ্নিগড়, প্ৰতিদান, বৰদৈচিলা, যখিনী, ৰিস্কাৱালা, উৰ্বশী আদি চিনেমাৰ বাবে গীত গাইছে। ৰিস্কাৱালা, হৃদয় কঁপোৱা গান আদি চিনেমাৰ সংগীত পৰিচালনা কৰিছে। –এয়া প্ৰথম পৰিচয়।
![Wide angle: এখন নতুন অসমীয়া চিনেমা --উৎপল মেনা 2 Wide angle: এখন নতুন অসমীয়া চিনেমা --উৎপল মেনা 1](https://i0.wp.com/rupaliparda.com/wp-content/uploads/2023/06/02-7.jpg?resize=720%2C479&ssl=1)
শ্ৰব্যৰ পাছত দৃশ্য মাধ্যমৰ কামত ব্যস্ত হয়, ১৯৮৭ চনত চিত্ৰগৃহলৈ অহা অসমীয়া চিনেমা “প্ৰতিদান”ৰ সহ-পৰিচালক হিচাবে। তাৰ পাছত আৰু এঘাৰ খন অসমীয়া চিনেমাত পৰিচালকক পৰিচালনাত সহায় কৰাৰ অভিজ্ঞতাৰে হাতত লয় স্বাধীন পৰিচালনাৰে– “হৃদয় কঁপোৱা গান” (চিত্ৰগৃহলৈ:
১৬ জানুৱাৰী ২০০৪)।
দ্বিতীয় পৰিচালনা– অসমীয়া, ছাদ্ৰী ভাষাৰ “কৰমা কে ৰাতি” ( চিত্ৰগৃহলৈ:১২ জুলাই ২০১৩)। আৰু দীৰ্ঘদিন পাছত পৰিচালক গৰাকীয়ে হাতত লৈছে তৃতীয় খন চিনেমা– “ৱাইড এংগোল” (Wide angle)।
![Wide angle: এখন নতুন অসমীয়া চিনেমা --উৎপল মেনা 3 Wide angle](https://i0.wp.com/rupaliparda.com/wp-content/uploads/2023/06/01-6.jpg?resize=720%2C479&ssl=1)
wide-angle lens ৰে পৰিচালকে চিনেমা খনৰ কাহিনীটো চাব বিচাৰিছে নেকি?
–নে প্ৰতীকী অৰ্থত ব্যৱহাৰ কৰিছে?
–চিনেমা খন চিত্ৰগৃহলৈ আহিলে স্পষ্ট হ’ৰ!
![Wide angle: এখন নতুন অসমীয়া চিনেমা --উৎপল মেনা 4 Wide angle](https://i0.wp.com/rupaliparda.com/wp-content/uploads/2023/06/03-6.jpg?resize=720%2C479&ssl=1)
পৰিচালকে আশা কৰিছে চিনেমা খনৰ কাম সম্পূৰ্ণ হ’ব এই বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত। গতিকে আশা কৰিব পাৰো, ২০২৪ বৰ্ষৰ প্ৰথম ভাগত চিনেমা খন চিত্ৰগৃহলৈ আহিব।
![Wide angle: এখন নতুন অসমীয়া চিনেমা --উৎপল মেনা 5 Wide angle](https://i0.wp.com/rupaliparda.com/wp-content/uploads/2023/06/04-8.jpg?resize=720%2C541&ssl=1)
“স্বাৱলম্বন মিডিয়া এন্ড এন্টাৰটেইনমেন্টৰ’ বেনাৰত (প্ৰযোজক: দেবজ্যোতি বৰা , সহ প্ৰযোজক: অৰিনী গগৈ বৰা) নিৰ্মাণ হোৱা “ৱাইড এংগোল”ৰ চিত্ৰগ্ৰহণৰ কাম ইতিমধ্যে শেষ হৈছে। নগেন শইকীয়াৰ গল্পৰ আধাৰত চিত্ৰনাট্য লিখিছে পংকজজ্যোতি ভূঞাই। যোৰহাট , গোলাঘাট , নুমলীগড় আদি বিভিন্ন লোকেচনত দৃশ্যগ্ৰহন কৰা চিনেমা খনৰ মুখ্য চৰিত্ৰটোত অভিনয় কৰিছে তপন দাসে।
![Wide angle: এখন নতুন অসমীয়া চিনেমা --উৎপল মেনা 6 Wide angle](https://i0.wp.com/rupaliparda.com/wp-content/uploads/2023/06/07-1.jpg?resize=720%2C417&ssl=1)
অন্যন্য চৰিত্ৰত: ৰাজীব গোস্বামী , গীতাবলী ৰাজকুমাৰী , দীপাংকৰ ৰয় , অপৰ্না দত্ত চৌধুৰী , জুবিন গাৰ্গ, জলি লস্কৰ , ধ্যানী মহন আদিয়ে।
![Wide angle: এখন নতুন অসমীয়া চিনেমা --উৎপল মেনা 7 Wide angle](https://i0.wp.com/rupaliparda.com/wp-content/uploads/2023/06/05-3.jpg?resize=720%2C475&ssl=1)
চিত্ৰগ্ৰহন কৰে সুমন দুৱৰাৰ।
সংগীত: স্বাভাৱিকতে চিনেমা খনৰ পৰিচালক জয়ন্ত নাথৰ।
সম্পাদনা: দেবজিত দত্তৰ।
ৰূপসজ্জা: বিশ্ব কলিতাৰ।
মুখ্য সহকাৰী পৰিচালক: দিপক নাথ।
Add comment