Rupaliparda.com
Sri Raghupati

“শ্ৰী ৰঘুপতি” ৰ ১০ কোটি আৰু … –উৎপল মেনা

২৬ জুনৰ এটা ভাল খবৰ। অসমীয়া চিনেমাৰ। ২১ দিনত ১০ কোটি টকা box office collection এখন অসমীয়া চিনেমাৰ। শুব্ৰত কাকতিৰ পৰিচালনাৰে নিৰ্মিত “শ্ৰী ৰঘুপতি” ৰ এই বাণিজ্যিক সফলতাই যে অসমীয়া চিনেমা নিৰ্মাণৰ বাবে আগবাঢ়ি অহা “প্ৰযোজক”ক উৎসাহ দিব সন্দেহ নাই।

📌 “শ্ৰী ৰঘুপতি”ৰ পূৰ্বে box office collection (অসমীয়া চিনেমা):
১। ৰত্নাকৰ >> ৯.২৩ কোটি টকা (২০১৯)
*100 rupees in 2019 is equivalent to 122.69 rupees in 2023.
২। মিছন চাইনা >> ৬.০৭ কোটি টকা (২০১৭)
*100 rupees in 2017 is equivalent to 138.52 rupees in 2023.
৩। ডক্তৰ বেজবৰুৱা-২ >> ৫.৫ কোটি টকা (২০২৩)
৪। কাঞ্চনজংঘা >> ৫.১২ কোটি টকা (২০১৯)
*100 rupees in 2019 is equivalent to 122.69 rupees in 2023.
৫। ৰামধেনু >> ২.০৪ কোটি টকা (২০১১)
*100 rupees in 2017 is equivalent to 138.52 rupees in 2023.

শ্ৰী ৰঘুপতি

–এয়া স্পষ্ট, যতীন বৰাৰ পৰিচালনাৰে নিৰ্মিত “ৰত্নাকৰ”, জুবিন গাৰ্গৰ পৰিচালনাৰে নিৰ্মিত “মিছন চাইনা” আৰু “কাঞ্চনজংঘা“, নিপন গোস্বামীৰ পৰিচালনাৰে নিৰ্মিত “ডক্তৰ বেজবৰুৱা-২”, মুনিন বৰুৱাৰ পৰিচাৱনাৰে নিৰ্মিত “ৰামধেনু“, শুব্ৰত কাকতিৰ পৰিচালনাৰে নিৰ্মিত “শ্ৰী ৰঘুপতি”
ব্যৱসায়িক দিশত সফল হৈছে। কিন্তু অস্পষ্ট উল্লেখ কৰা box office collection-ৰ তথ্য।

এই বোৰ “তথ্য” হৈছে বিভিন্ন মাধ্যমত পোৱা “চৰ্চা”ৰ পৰা, নিৰ্দিষ্ট চিনেমা খন চিত্ৰগৃহত চলি থকা সময়ত কৰা “প্ৰচাৰ”ৰ পৰা। প্ৰযোজক পক্ষই যি কয়, সেয়াই collection-ৰ তথ্য বুলি ধৰি লৈ কাকত-আলোচনীত “খবৰ” হয়; আৰু সেই “খবৰ”ৰ তথ্য লয় Wikipedia আদিয়ে। (এই প্ৰসংগত শুদ্ধ তথ্যৰ বাবে বিতৰক আৰু চিনেমাৰ ব্যৱসায়ৰ সৈতে জড়িত থকা পক্ষৰ সৈতে চৰ্চা কৰি আছোঁ। অতি সোনকালেই স্পষ্ট তথ্য দিব পাৰিম বুলি আশা ৰাখিছোঁ।)

"শ্ৰী ৰঘুপতি" ৰ ১০ কোটি আৰু … --উৎপল মেনা 4

–সন্দেহ নাই “শ্ৰী ৰঘুপতি“ৰ collection- আৰু বঢ়িব। প্ৰায় ৩ কোটি টকা বাজেটৰ চিনেমা খনৰ পৰা যদি প্ৰযোজক পক্ষৰ হাতলৈ ৪-৫ কোটি টকা আহে দ্বিতীয় এখন “শ্ৰী ৰঘুপতি” নিৰ্মাণ কৰিবলৈ সাহস পাব। আন প্ৰযোজক সকলেও শাহস পাব। (প্ৰযোজক? –অসমীয়া চিনেমাৰ সেই সকলো প্ৰযোজক, যি সকলে নিৰ্মাণত টকা খৰচ কৰে।)

–অসমীয়া চিনেমাৰ “সফল বাণিজ্য”ৰ বাট কাটিছিল জ্যোতিপ্ৰসাদ আগৰৱালৰ “ইন্দ্ৰ-মালতী”য়ে। (“ইন্দ্ৰ-মালতী”ৰ উদ্দেশ্য আছিল–ব্যৱসায়। “জয়মতী” ত লােকচান হৈছিল। সাংঘাতিক লােকচান। “জয়মতী”, “ইন্দ্ৰ-মালতী”ৰ অভিনেতা তেজপুৰৰ থানুৰাম বৰাই আমাক কৈছিল—“প্ৰথমখন চিনেমাত যে লােকচান হ’ব, সেয়া জ্যোতিপ্ৰসাদ আগৰৱালাই আগতে অনুমান কৰিছিল। সেয়েহে তেওঁ ভাঙি পৰা নাছিল। মােক মাতি নি কৈছিল— ‘হাতলৈ কিছু টকা ঘূৰাই আনিব লাগে। ‘ইন্দ্ৰ-মালতী’ৰ বাবে বজাৰ চাইছোঁ। মই এইবাৰ সফল হম।…’ সফল হৈছিল। ১০-১২ হাজাৰ টকা লাভ হৈছিল।”)

বাণিজ্যিক দিশত সফল হোৱা দ্বিতীয় খন অসমীয়া চিনেমা– “চিৰাজ”। চিনেমা খনৰ বিতৰকৰ হাতলৈ প্ৰায় ৭০ হাজাৰ টকা অহাৰ তথ্য পোৱা যায়। লাভৰ এই অংশ কিন্তু প্ৰযোজকৰ হাতলৈ নাহিল। সেয়া যি নহওক, এই তথ্য সত্য– প্ৰথম খন ছুপাৰ হিট অসমীয়া চিনেমা– বিষ্ণু প্ৰসাদ ৰাভা, ফণী শৰ্মাৰ পৰিচালনাৰে নিৰ্মিত “চিৰাজ” (১৯৪৮)। পৰৱৰ্তী সময়ত চিত্ৰগৃহলৈ অহা চিনেমা কেইখনৰ ভিতৰত ছুপাৰ হিট: “ডক্তৰ বেজবৰুৱা”, “মুকুতা”, “যোগ বিয়োগ”, “তৰামাই”, “ৰাংঢালী”, “আজলী নবৌ”, “বোৱাৰী”, “ঘৰ সংসাৰ”, “ককাদেউতা, নাতি আৰু হাতী”, “জীৱন সুৰভি”, “সূৰুয”, “ভাই ভাই”, “যৌৱনে আমনি কৰে”, “হিয়া দিয়া নিয়া”, “জোন জ্বলে কপালত”, “কইনা মোৰ ধুনীয়া” , “বিধাতা” আদি।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform