“চং” –চিত্ৰগ্ৰহণ সম্পূৰ্ণ হোৱা এখন অসমীয়া চিনেমা। ধীৰাজ কাশ্যপৰ পৰিচালনা।

📌ধীৰাজ কাশ্যপৰ পৰিচালনাৰে নিৰ্মিত অসমীয়া চিনেমা: মোহমুক্তি, ধনকুবেৰৰ ধন, লোকবন্ধু, ব্ৰহ্মকন্যা। পৰিচালক গৰাকীৰ পৰিচালনা শৈলী ভিন্ন, কাহিনী-বিষয়বস্তুই নিয়ন্ত্ৰণ কৰা পৰিচালনা শৈলী। পৰিচালন শৈলী তামিল-তেলেগু চিনেমাৰ পৰিচালনা শৈলীৰে বান্ধখোৱা নহয়।
আমি এনেদৰে ব্যখ্যা কৰিব পাৰো,”জয়মতী” ৰে আৰম্ভ হোৱা, “গঙা চিলনীৰ পাখী”, “হালধীয়া চৰায়ে বাওধান খায়” আদিয়ে মজবুট কৰা বুনিয়াদত ঠিয় হৈ পৰিচালনা কৰা চিনেমা– “মোহমুক্তি”, “লোকবন্ধু”।
আৰু “ইটো সিটো বহুতো”ৰ শৈলীক আগবঢ়াই নিয়া পৰিচালনা– “ধন কুবেৰৰ ধন”।

📌”চং” –চিনেমা খনৰ নামতে স্পষ্ট হৈ আছে বিষয়বস্তু। ঢুলীয়া সংস্কৃতিৰ এটা অংগ– চং। অভিনয় কৌশল, হাস্য-ব্যংগ কৌতুকেৰে আগবঢ়াই নিয়ে কাহিনী। ঢোলৰ বাজনা, কুস্তিু, খেল-ধেমালি, চাৰ্কাচ, কেৰিকচাৰ আৰু চং কৰা ঢুলীয়া শিল্পী সকলক ক’ব পাৰি– স্বভাৱ শিল্পী (An artist by nature)। নিজৰ অভিনয় শৈলী, সংলাপ, সাজসজ্জা-ৰূপসজ্জা ইত্যাদি নিজে নিয়ন্ত্ৰণ কৰে। পৰিচালক, চিত্ৰনাট্যকাৰ ধীৰাজ কাশ্যপক এই বিশেষ শিল্প কৰ্মই বিশেষ ভাৱে আকৰ্ষণ কৰিছিল শৈশৱতে। শৈশৱ কালত জন্মস্থান বকোত ঢুলীয়াৰ চং চাইছিল। মনৰ মাজত ৰৈ গৈছিল সেই স্বভাৱ শিল্পী সকলৰ বিশেষকৈ হাস্য ৰস ভৰা অভিনয়। সময়ত যেতিয়া চিনেমা পৰিচালনাৰ সৈতে জড়িত হ’ল, সেই বিষয়টোই মনত তাগিতা দিলে, কিবা এটা কৰাৰ, চিনেমা মাধ্যমটোৰে। মনৰ তাগিদাই পৰিচালক গৰাকীক “চং শিল্পী” সকলৰ ওচৰলৈ নিলে, অধ্যয়ণত ব্যস্ত হ’ল। শিল্পী সকলৰ জীৱন শৈলীৰ মাজত কাহিনীও পালে। আৰু চং শিল্প-চং শিল্পীয়ে ৰূপালী গল্পৰ আকাৰ ল’লে।

“কাহিনী লিখিবলৈ মই কল্পনাৰ আশ্ৰয় লোৱা নাই। শিল্পী সকলক ওচৰৰ পৰা পোৱাৰ পাছত তেওঁলোকৰ মাজতে কাহিনী পাইছিলোঁ। সেই বাস্তৱ কাহিনীক বাস্তৱ পৰিবেশত বাস্তৱ অভিনয়ৰে কেমেৰাত ধৰি ৰাখিছোঁ। তথ্যচিত্ৰ পৰ্যায়ত ৰখা নাই, কাহিনীৰ মাজেৰে চং শিল্পৰ ধাৰণা দিবলৈ চেষ্টা কৰিছোঁ।” –আমাক কৈছিল ধীৰাজ কাশ্যপে।

–চিনেমা খনত অভিনয় কৰিছে ভাস্কৰ মিশ্ৰ, চিন্ময় ৰাজকুমাৰ, প্ৰতিভা ঠাকুৰীয়া, মিনাক্ষী কলিতা, গোপাল কলিতা, কৈলাশ শৰ্মা, নিৰেণ তালূকদাৰ, ডঃ অৱনি দাস, ডঃ নগেন দাস, মুকুল কুমাৰ বিশ্বাস, নিলাক্ষী কলিতা আদিয়ে।



প্ৰযোজনা: বিমল আগৰৱালা, সহযোগী: সবিতা আগৰৱালা, বিভা কলিতা।
চিনেমাটোগ্রাফি: নৱ কুমাৰ দাস, সহযোগী: শৰৎ বৈশ্য।
কলা নিৰ্দেশনা: শংকৰ দাস।
শব্দ গ্ৰহণ: বলেন পাঠক, ডিকি কাশ্যপ, শব্দ গ্ৰহন সহযোগী – ভাস্কৰ জ্যোতি দাস।
মুখ্য সহকাৰী পৰিচালক: লোহিত দত্ত।
সম্পাদনা: ভাস্কৰ জ্যোতি ভূঞা।
মিডিয়া সহযোগী – জোনাক কাশ্যপ।
Add comment