Rupaliparda.com
অষ্টম সংখ্যক ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ সফল সামৰণি 1

অষ্টম সংখ্যক ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ সফল সামৰণি

আদিল হুছেইন অভিনীত, নাথালিয়া শ্যামৰ ছবি ‘ফুটপ্ৰিণ্টছ অন ৱাটাৰ’লৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা

গুৱাহাটী, ১৭ ডিচেম্বৰ, ২০২৩:  সাংস্কৃতিক কেনভাছত অবিস্মৰণীয় সোণালী স্বাক্ষৰ খোদিত কৰি গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অন্তিমটো দিনৰ মনমুগ্ধ অনুষ্ঠানেৰে সামৰণি পৰে ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল (বিভিএফএফ)ৰ অষ্টম সংস্কৰণৰ।

ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল

মহোৎসৱৰ অন্তিম দিনটোৰ আগমুহূৰ্তত ১৬ ডিচেম্বৰৰ নিশা চিৰদিনৰ বাবে মৃত্যুশয্যাত শুই পৰা প্ৰবীণ অভিনেতা জয়ন্ত দাসক হেৰুওৱাৰ খবৰে ম্ৰিয়মান কৰি তোলে সকলোকে। সেয়ে বি ভি এফ এফৰ সামৰণিৰ দিনটোৰ আৰম্ভণি ঘটে প্ৰবীণ অভিনেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে। অসমীয়া ছবি আৰু নাটকৰ জনপ্ৰিয় অভিনেতাগৰাকীক হেৰুওৱাৰ মৰ্মবেদনাৰে প্ৰতিষ্ঠাপক তথা মহোৎসৱৰ পৰিচালক তনুশ্ৰী হাজৰিকাই কয়, “আজি আমাৰ সকলোৰে বাবে এক দুখৰ দিন, কাৰণ আমি আজি আমাৰ মৰমৰ জয়ন্ত দাসক বিদায় জনাবলগীয়া হৈছে। অসমীয়া চিনেমালৈ তেওঁৰ অনবদ্য অৱদান আৰু তেওঁৰ অদম্য নিষ্ঠা অনুৰাগী আৰু শুভাকাংক্ষীসকলে চিৰদিন হৃদয়েৰে স্মৰণ কৰিব।”

আদিল হুছেইন at ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল

কেইবাখনো হৃদয়স্পৰ্শী ছবিৰ প্ৰদৰ্শনৰ লগতে জ্ঞানদায়ক মাষ্টাৰক্লাছ আৰু চিত্তাকৰ্ষক আলোচনাই বিশেষ কৰি তোলে ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ অষ্টম সংস্কৰণৰ অন্তিম দিনটো। চিনেমাৰ উৎকৰ্ষতা সাধনৰ লগতে চলচ্চিত্ৰ সমাজৰ ভিতৰত অৰ্থপূৰ্ণ মত-বিনিময়ৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলে প্ৰদৰ্শন কৰি অহা দায়বদ্ধতাক প্ৰতিফলিত কৰে মহোৎসৱৰ সামৰণিৰ দিনটোৱে।

বি ভি এফ এফৰ অন্তিমটো দিনৰ আৰম্ভণি ঘটে হৰ্ষদ নালাৱাদেৰ চিন্তা-উদ্দীপক ছবি ‘ফল’ৱাৰ্ছ’ৰ প্ৰদৰ্শনেৰে। ইয়াৰ পিছতে পৰিচালক হাওবাম পৱন কুমাৰৰ ছবি ‘নাইন হিল্‌ছ ওৱান ভেলী’ৰ প্ৰদৰ্শনে ভাৱনাৰ গভীৰতালৈ টানি লৈ যায় উপস্থিত ছবিপ্ৰেমী দৰ্শকক।

ভাৰতীয় চলচ্চিত্ৰ জগতৰ সন্মানীয় ব্যক্তিত্ব প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা প্ৰকাশ ঝাই নিজৰ উপস্থিতিৰে মহোৎসৱত শোভাবৰ্দ্ধন কৰাৰ লগতে মাষ্টাৰক্লাছ সন্মিলনৰ নেতৃত্ব দি ছবিপ্ৰেমীসকলক চলচ্চিত্ৰ নিৰ্মাণৰ কলাৰ অমূল্য অন্তৰ্দৃষ্টি প্ৰদান কৰে। ইয়াৰ পিছতে বি ভি এফ এফ ৰ প্ৰতিষ্ঠাপক তথা মহোৎসৱ পৰিচালিকা তনুশ্ৰী হাজৰিকাৰ সৈতে ‘এক্সপ্ল’ৰিং ছচিঅ’ পলিটিকেল নেৰেটিভছ এণ্ড ফিল্ম মেকিং ক্ৰাফ্ট’ বিষয়ত এক প্ৰেৰণাদায়ক আলোচনা অনুষ্ঠিত হয়।

Masterclass session of Prakash Jha at ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল

সন্ধিয়াৰ ভাগত আশা কোথাৰী চৌধাৰীয়ে আঁত ধৰা ‘ক্ৰাফটিং অথেণ্টিক নেৰেটিভছ’ত সন্মানীয় পেনেলিষ্ট আদিল হুছেইন আৰু নাথালিয়া শ্যামৰ সৈতে এক মনোগ্ৰাহী আলোচনা অনুষ্ঠিত হয়। এই অন্তৰ্দৃষ্টিসম্পন্ন কথা-বতৰাৰ পিছত আদিল হুছেইন অভিনীত আৰু সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত নাথালিয়া শ্যামৰ ছবি ‘ফুটপ্ৰিণ্টছ অন ৱাটাৰ’ৰ প্ৰদৰ্শনে দৰ্শকক এক অনন্য চলচ্চিত্ৰ অভিজ্ঞতা প্ৰদান কৰে।

আনহাতে চলচ্চিত্ৰ মহোৎসৱৰ অন্তিম দিনটোত শিৱম সিং ৰাজপুতৰ দ্বাৰা পৰিচালিত ‘লাডাখ ৪৭০’ শীৰ্ষক আন এখন তথ্যচিত্ৰও উপস্থাপন কৰা হয়। এই তথ্যচিত্ৰখন, কাৰ্গিল বিজয় দিৱস ২০২২ৰ সময়ত ভাৰতীয় সেনাক সন্মান জনোৱাৰ বাবে ৪৭০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰা, চুফীয়া চুফী ৰানাৰৰ দৌৰৰ ওপৰত আধাৰিত।

বঁটা প্ৰদান অনুষ্ঠান

সন্ধিয়া চলচ্চিত্ৰ মহোৎসৱখনিৰ অন্তিমটো দিনৰ অন্ত পৰাৰ আগমুহূৰ্তত অনুষ্ঠিত হয় বহু প্ৰত্যাশিত বঁটা বিতৰণী অনুষ্ঠান। এই অনুষ্ঠানতে শ্ৰেষ্ঠ চিনেমাৰ কৃতিত্ব উদযাপন কৰি বঁটাপ্ৰাপকসকলৰ হাতত তুলি দিয়া হয় তেওঁলোকৰ প্ৰাপ্য স্বীকৃতি।

ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল

প্ৰবীণ অভিনেত্ৰী মৃদুলা বৰুৱাক জীৱনজোৰা কৃতিত্ব বঁটা প্ৰদান কৰা হয়। তেওঁ মৰমী (১৯৭৮), উপপথ (১৯৮০), বোৱাৰী (১৯৮২), ককা দেউতা নাতি আৰু হাতী (১৯৮৩), আৱৰ্তন (১৯৯৩), তুমি মোৰ মাথো মোৰ (২০০০), বাৰুদ (২০০৪), গুন গুন গানে গানে (২০০২), ৰাঘৱ (২০২৩) সহিতে বহুকেইখন চলচ্চিত্ৰত কৰা বিভিন্ন চৰিত্ৰৰ জৰিয়তে সবল অভিনয় প্ৰতিভাৰ নিদৰ্শন দাঙি ধৰিছে।

ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল

আদিল হুছেইন অভিনীত নাথালিয়া শ্যামৰ ছবি ‘ফুটপ্ৰিন্টছ অন ৱাটাৰ’লৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হয়। ইউ কেত এক উন্নত জীৱনৰ বাবে আকাংক্ষা কৰা এটা গোপন অবৈধ অনুপ্ৰৱেশকাৰীৰ দলৰ ওপৰত ভিত্তি কৰি চলচ্চিত্ৰখন নিৰ্মাণ কৰি উলিওৱা হৈছে। প্ৰাৰম্ভিক পৰ্য্যায়ত লাভ কৰা প্ৰতিশ্ৰুতি স্বত্বেও, নায়ক ৰঘু আৰু তেওঁৰ পৰিয়ালে বিভাজিত বাসস্থান, অবৈধ ভিছা আৰু সামান্য মজুৰিৰ বাবে যুঁজি আছে। ঋণত পোত যোৱা ৰঘুৱে এজন প্ৰৱঞ্চক উকিলৰ বাবে কাম কৰি নিজৰ নৈতিকতাৰ সৈতে আপোচ কৰে, যাৰ পৰিণতিস্বৰূপে এজন দৰাক তেওঁৰ কন্যা মীৰাৰ বাবে বাছনি কৰা হয়।

মনোজ শ্বিন্দেক তেওঁৰ মাৰাঠী ভাষাৰ ফিচাৰ ছবি ‘ভল্লী’ৰ বাবে শ্ৰেষ্ঠ ফিচাৰ চলচ্চিত্ৰ পৰিচালকৰ বঁটা প্ৰদান কৰা হয়। চলচ্চিত্ৰখনত চুবুৰীয়া গাঁওবাসী এগৰাকীৰ সৈতে মাৰপিট কৰাৰ পৰিণতিস্বৰূপে শাস্তিৰ সন্মুখীন হ’বলগীয়া হোৱা গোৱাৰ এজন খেতিয়কক দেখুওৱা হয়। ইয়াৰ জৰিয়তে সামাজিক লাঞ্ছনা আৰু প্ৰচুৰ বিত্তীয় বোজাৰ সৈতে মোকাবিলা কৰিবলগীয়া হোৱা মাট্টুৰ কাহিনীটো উপস্থাপন কৰা হৈছে।

ৰোনাল হুছেইনৰ ছবি ‘স্নিকাৰছ’লৈ শ্ৰেষ্ঠ চুটি চলচ্চিত্ৰ বঁটা আগবঢ়োৱা হয়। এগৰাকী অনুমিত চৰকাৰী চৰিয়াৰ মৃত্যুদণ্ডৰ বাবে উগ্ৰপন্থীয়ে তেওঁলোকক গভীৰ অৰণ্যলৈ লৈ যাবলৈ বাধ্য কৰোৱা এজন ৰিভাৰবোট অপাৰেটৰৰ যাত্ৰাৰ কাহিনী এই চুটি চলচ্চিত্ৰখনে দাঙি ধৰে।

শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা উৎপল বৰপূজাৰীৰ দ্বাৰা পৰিচালিত ‘মাস্ক আৰ্ট অফ মাজুলী’ক প্ৰদান কৰা হয়। নদীদ্বীপ মাজুলীৰ ৫০০ বছৰীয়া ইতিহাসসমৃদ্ধ মুখাশিল্প পৰম্পৰাক এই তথ্যচিত্ৰখনৰ জৰিয়তে দাঙি ধৰা হৈছে।

বঁটা বিতৰণী অনুষ্ঠানৰ সফল সামৰণিৰ সৈতে ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ চলচ্চিত্ৰ উৎকৰ্ষতাৰ এক সপ্তাহজোৰা উদযাপনৰো অন্ত পৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform