Rupaliparda.com

হাথিয়াৰ ৰূপে “নেপটিজিম”ঃ কিমান দিন চলিব এই “নেপটিজিম”??

“নেপটিজিম” দ্বাৰা ৰাজত্ব কৰা উদাহৰণ কেৱল মাত্ৰ বলীউডতেই নহয়; বহুত ক্ষেত্ৰতেই দেখা পোৱা যায়। পিতৃৃ-মাতৃৰ দ্বাৰা সৃষ্টি কৰা এখন পৃথিৱীত বিনা দ্বিধাই সোমাই গৈ নিজৰ নাম উজ্বলোৱা অভিনেতা-অভিনেত্ৰীৰ তালিকা যথেষ্ট ডাঙৰ নহ’লেও সৰুও নহ’ব। অলপতে “নেপটিজিম” সংজ্ঞাটো আনি কৰণ জহৰৰ ওপৰত আঙুলি টোৱাইছিল অভিনেত্ৰী কংকনা ৰাণাওটে। বলীউড ক্ষেত্ৰখনত কিছুলোকে ইয়াৰ সঁহাৰি জনায় যদিও কিছুমান ইয়াৰ সম্পূৰ্ণ বিপৰীত। চাওঁচোন আহক “নেপটিজিম” ক সমল হিচাপে লৈ বলীউডত নিজৰ ঠাই বনোৱা অভিনেতা-অভিনেত্ৰীৰ নাম।

১. সোণম কাপুৰ-
অভিনেতা অনীল কাপুৰৰ জীয়ৰী। “ছাৱাৰিয়া” ছবিখনৰ দ্বাৰা বলীউডলৈ অহা এই অভিনেত্ৰীগৰাকীৰ প্ৰথম খন চিনেমাই আছিল “চুপাৰ ফ্লপ”। তাৰ পিছত সোণমে “আইশা”, “খুবচুৰত” আদি ছবিত নিজকে দৰ্শকৰ মাজত আৰু অধিক উলিয়াই আনিবলৈ চেষ্টা কৰিছিল যদিও ভবামতে সুফল নাপালে। “নীৰঝা” নামৰ ছবিখনৰ পৰাহে সোণম কাপুৰে নিজক লৈ লাভ কৰিছিল কিছু প্ৰশংসা। যি কি নহওঁক, মুঠতে ক’ব পৰা যায় যে সোণম কাপুৰে নিজ পিতৃৰ চিনাকীৰ বাবে লাভ কৰিছিল কাম কৰাৰ সুবিধা।

হাথিয়াৰ ৰূপে "নেপটিজিম"ঃ কিমান দিন চলিব এই "নেপটিজিম"?? 1

২. অৰ্জুন কাপুৰ-
নিজৰ ওজন বৃদ্ধিৰ বাবেই প্ৰথমতে অৰ্জুনক সকলো পৰিচালকে নাকচ কৰিছিল। অভিনেতাগৰাকীয়ে ওজন কমোৱা পিছতেই তেওঁৰ প্ৰযোজক পিতৃ বনী কাপুৰৰ সহায়ৰ বাবে “ইশকজাদে” ৰ পৰা অৰ্জুনে নিজ কেৰিয়াৰ আৰম্ভণিৰ সুবিধা পায়।

হাথিয়াৰ ৰূপে "নেপটিজিম"ঃ কিমান দিন চলিব এই "নেপটিজিম"?? 2

৩. বৰুণ ধাৱান
উক্ত অভিনেতা গৰাকীৰ কেৰিয়াৰ আৰম্ভণি একেবাৰেই সহজ যেন তেওঁৰ মুখলৈ “বলীউড” সদৃশ লাৰুটো কোনোবাই সুমুৱাইহে দিছে। তেওঁৰ পিতৃ ডেৱিড ধাৱানে একোখনকৈ চিনেমা বনোৱাৰ প্ৰস্তুতি চলায় আৰু তাত অভিনেতাৰূপে থাকে তেওঁৰ নিজৰ পুত্ৰ বৰুণ ধাৱান। একেবাৰেই সহজ!

হাথিয়াৰ ৰূপে "নেপটিজিম"ঃ কিমান দিন চলিব এই "নেপটিজিম"?? 3

৪. আলিয়া ভাট
ভাট পৰিয়ালৰ সৰু জীয়ৰী। “ষ্টুডেণ্ট অৱ দা ইয়েৰ” ৰ পৰা নিজ কেৰিয়াৰত গিয়াৰ লগোৱা এই অভিনেত্ৰী গৰাকীক ৰখোৱা একেবাৰেই কঠিন হৈ পৰিল। সাধাৰণ জ্ঞানৰ ক্ষেত্ৰত যদিও পিছপৰা; আলিয়া ভাটে “হাইয়ে” আৰু “ডিয়েৰ জিন্দেগী” আদি ছবিত কৰা অভিনয়ৰ দ্বাৰা দৰ্শকৰ সাংঘাতিক “প্ৰিয়” হৈ পৰিছিল।

হাথিয়াৰ ৰূপে "নেপটিজিম"ঃ কিমান দিন চলিব এই "নেপটিজিম"?? 4

৫. আথল্য চেট্টি
“অভিনয় সকলোৰে বাবে নহয়” – এয়া প্ৰমাণিত উক্ত অভিনেত্ৰী গৰাকীৰ জৰিয়তে। সুনীল চেট্টিৰ জীয়ৰী। “হিৰ” চিনেমাখনৰ দ্বাৰা দৰ্শকৰ মাজলৈ আহিলেও দৰ্শকৰ পৰা নাপালে সঁহাৰি। সুনীল চেট্টিৰ অভিনয়ৰ স্কেল ডালৰ ঋণাত্মক ফালেহে বহি ৰ’ল তেওঁৰ জীয়ৰী।

হাথিয়াৰ ৰূপে "নেপটিজিম"ঃ কিমান দিন চলিব এই "নেপটিজিম"?? 5

৬. শ্ৰদ্ধা কাপুৰ
পিতৃ শক্তি কাপুৰৰ চিনাকীমৰ্মে বলীউড ক্ষেত্ৰখনলৈ আহিলেও ক’ৰবাত যেন থমকি ৰ’ল শ্ৰদ্ধা কাপুৰ। ৰূপেৰে দৰ্শকক মোহিলেও তেওঁ অভিনয়ৰ দ্বাৰা অনুৰাগী গোটাবলৈ সক্ষম নহ’ল।

হাথিয়াৰ ৰূপে "নেপটিজিম"ঃ কিমান দিন চলিব এই "নেপটিজিম"?? 6

……………… এয়াটো আছিল ৰূপালী পৰ্দাৰ এক প্ৰতিবেদন। আমি জানিব বিচাৰিম এইক্ষেত্ৰত আপোনালোকৰ মতামত। পেজটো লাইক কৰক আৰু কমেণ্ট কৰি জনাওঁক আপোনালোকৰ মতামত।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.