Rupaliparda.com
চচিয়েল মিডিয়াত ভাইৰেল "গৰু"- 1

চচিয়েল মিডিয়াত ভাইৰেল “গৰু”-

চচিয়েল মিডিয়াত বৰ্তমানৰ বহু চৰ্চিত বিষয়টোৱে হৈছে “গৰু”। আছলতে, এটা “গৰু” ক কেন্দ্ৰ কৰিয়ে বিভিন্ন জনে বিভিন্ন ধৰণৰ পোষ্ট আপলোড কৰিছে। আছলতে এই “গৰু” টো কাৰ? আপোনালোকে হয়টো ধৰিব পাৰিছেই । হয়, এয়া হৈছে হিমাংশু প্ৰসাদ দাসৰ আহিবলগীয়া ছবি “গৰু” ৰ প্ৰচাৰ।

চচিয়েল মিডিয়াত ভাইৰেল "গৰু"- 2


চাহজাহানৰ একে নামৰ উপন্যাসখনক কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখন মুক্তি পাব অহা বৰ্ষৰ প্ৰথমটো মাহতেই অৰ্থাৎ ২৪ জানুৱাৰী তাৰিখে। সদায় নিজৰ সৃষ্টিত নতুনত্বক অনা এই গৰাকী পৰিচালকে পুনৰ বাৰ জনসাধাৰণক হাঁহিৰ খোৰাক যোগাব তেওঁৰ এই ছবিখনৰ যোগেৰে।

চচিয়েল মিডিয়াত ভাইৰেল "গৰু"- 3


ইতিমধ্যে “গৰু” ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰি দিয়া হৈছে। উল্লেখ্য যে, ছবিখনৰ বিভিন্ন চৰিত্ৰ ৰূপায়ন কৰিছে বাহাৰুল ইছলাম, অৰুণ নাথ, প্ৰাঞ্জল শইকীয়া, পাকিজা বেগম তথা চন্দন দাস, কমল লোচন আৰু লনিশ্ৰী দাসৰ। চিনেমাখনৰ আৱহ সংগীত অৰূপ জ্যোতি বৰুৱাৰ।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.