অসমীয়া কন্ঠশিল্পীৰ তালিকাখন বৰ্তমান বৰ বেছি দীঘলীয়া যদিও এই তালিকা খনত অন্তৰ্ভূক্ত কেইজনমান শিল্পীৰ গীতে বৰকৈ উৎসাহিত কৰি তোলে শ্ৰোতাক। এনে কন্ঠশিল্পী সমূহৰ ভিতৰতেই নাম ল’ব পৰা যায় ৰাকেশ ৰিয়ানৰ। চলিত বৰ্ষতেই দুটি গীত মুক্তিৰ পিছত তেওঁৰ জনপ্ৰিয়তা লগতে অনুৰাগীৰ সংখ্যা যে বৃদ্ধি হৈছে সেয়া একেষাৰেই ক’ব পৰা যায়।

এইবাৰ ৰাকেশ ৰিয়ানৰ কন্ঠত মুক্তি পাব গীত “বাজাজ স্কুটাৰ”। ইতিমধ্যে গীতটিক লৈ বহু পোষ্ট দি দৰ্শকক আকৰ্ষিত কৰি ৰাখিছে কন্ঠশিল্পী গৰাকীয়ে। অহা ৩০ নৱেম্বৰ তাৰিখে উক্ত গীতটিয়ে মুক্তি লাভ কৰিব।
Add comment