ভাৰতবৰ্ষৰ সৰ্বাধিক ছবি নিৰ্মাণ কৰোতা দেশ। অৰ্থাৎ, চলচিত্ৰ ভাৰতৰ এক জনপ্ৰিয় মাধ্যম হিচাপে গণ্য কৰা হয়। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যেনে অন্ধ্ৰ প্ৰদেশ, অসম, বিহাৰ, গুজৰাট, হাৰিয়ানা, জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক,কেৰালা, মহাৰাষ্ট্ৰ, মণিপুৰ, উৰিষ্যা, পঞ্জাৱ, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ পৰা নিৰ্মিত সমষ্ট চিনেমাক ভাৰতীয় চলচিত্ৰই সামৰি লয়। উল্লেখ্য যে, ভাৰতীয় চলচিত্ৰ উদ্যোগৰ ৭৫ শতাংশ ৰাজহ ৪্ টা ভাষা একেলগ হৈ গঠিত দক্ষিণ ভাৰতীয় চলচিত্ৰ উদ্যোগৰ দ্বাৰা সংগৃহীত হয়।
ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছৰ পৰা অৰ্থাৎ ৪০ দশকৰ পৰা আৰম্ভ কৰি ৬০ দশকলৈ; সাধাৰণ ৰাইজে সেই সময়ছোৱাক ভাৰতীয় চলচিত্ৰৰ সোণালী যুগ বুলি অভিহিত কৰে। উক্ত যুগটোতে বহুকেইজন ছবি নিৰ্মাতাই সমান্তৰাল ছবিৰ ধাৰা আৰম্ভ কৰিছিল।
ভাৰতীয় চলচিত্ৰৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত তিনিজন মহান ব্যক্তিৰ বিষয়ে আমি আজি আলোচনা কৰিম-
- ভাৰতীয় চলচিত্ৰ উদ্যোগৰ ৩ স্তম্ভঃ
১. সত্যজিত ৰায়–
১৯২১ চনৰ মে’ত জন্মগ্ৰহণ কৰা সত্যজিত ৰে কেৱল বোলছবি নিৰ্মাতাই নহয়; তেওঁ আছিল বিশ্ব বিখ্যাত পৰিচালক,প্ৰযোজক, লিখক, সংগীত পৰিচালক, চিত্ৰগৃহণৰ লগতে সংলাপ প্ৰস্তুতকৰ্তা। তেওঁৰ সৃষ্টিৰাজি ভাৰতবৰ্ষতেই সীমাবদ্ধ নাথাকি সমগ্ৰ বিশ্বতেই উজ্বলিছিল। বৰ্তমানৰ বহু পৰিচালক অথবা ছবি নিৰ্মাণকাৰীৰ অনুপ্ৰেৰণাৰ একমাত্ৰ কাৰণ হৈছে সত্যজিত ৰে । জন্মৰ ৩ বছৰ পিছতেই পিতৃহাৰা হোৱা সত্যজিত ৰে ৰ বাবে সফলতাৰ ছিৰি বগোৱা কোনোদিনেই সহজ নাছিল। উল্লেখ্য যে,চলচিত্ৰ জগতৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত হোৱাৰ সমান্তৰালকৈ সত্যজিত ৰে আছিল এজন গ্ৰাফিক ডিজাইনাৰ। তেওঁ জিম কাৱৰ্টৰ উপন্যাস “মেন ইটৰ্স অৱ কুমাওঁ” তথা জৱহৰলাল নেহৰুৰ “ডিস্কভাৰী অৱ ইণ্ডিয়া” ৰ বেতুপাতো ডিজাইন কৰিছিল।
১৯৫২ চনত “পথেৰ পাঁচালি” ৰ শ্বুটিং ৰ বাবে গুণা-গঁথা কৰা সময়ছোৱাত সত্যজিত ৰে হাত পতা স্বত্বেও তেওঁ আৰ্থিক সহায় লাভ কৰা নাছিল। অৱশেষত, পশ্চিম বংগল চৰকাৰে তেওঁক সহায় কৰে আৰু ১৯৫৫ চনত উক্ত চিনেমাখন তেওঁৰ প্ৰথম বোলছবি ৰূপে মুক্তি লাভ কৰে। “পথেৰ পাঁচালি” কলকাতাৰ চিত্ৰগৃহত কেইবাটাও সপ্তাহ “হাউচফুল” হোৱাৰ লগতে ছবিখনে কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কাৰ গ্ৰহণ কৰে। প্ৰায় ৪ কুৰি ফিছাৰ ফিল্ম, ডকুমেণ্টৰী, চৰ্ট ফিল্ম প্ৰস্তুতকৰ্তা সত্যজিত ৰে বঙালী চিনেমাৰ লগতে হিন্দী চিনেমাতো হাত দিছিল। তেওঁৰ একমাত্ৰ হিন্দী চিনেমা হৈছে “ছটৰঞ্জ কে খিলাড়ী” (১৯৭৭)। ৰাষ্ট্ৰীয় পৰ্যায়ত চৰকাৰৰ ফালৰ পৰা ৩২ টাকৈ বঁটাপ্ৰাপ্ত এই গৰাকী মহান ব্যক্তিয়ে ৭১ বছৰ বয়সত ১৯৯২ চনৰ এপ্ৰিলৰ ২৩ তাৰিখে মৃত্যু বৰণ কৰে।
২. মৃণাল সেন-
১৯২৩ চনৰ ১৪ মে’ তাৰিখে জন্মগ্ৰহণ কৰা মৃণাল সেনৰ নাম চলচিত্ৰৰ জড়িত নথকা ব্যক্তিৰ মুখতো শুনিবলৈ পোৱা যায়। নিজ কৰ্ম যোগে চিনাকী দিয়া এইগৰাকী মহান ব্যক্তি সদায় অমৰ। ১৯৫৫ চনত মুক্তিপ্ৰাপ্ত “ৰাতভ’ৰ” ৰ দ্বাৰা চলচিত্ৰ জগতত ভৰি ৰখা মৃণাল সেনৰ দ্বিতীয়খন ছবি “নীল আকাশেৰ নীছে” ই তেওঁক দৰ্শকৰ মাজত চিনাকী কৰি দিছিল। পৰৱৰ্তী সময়ত তেওঁৰ দ্বাৰা নিৰ্মিত তৃতীয়খন ছবি “বেইশে শ্ৰৱণ” ৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় প্ৰসিদ্ধি লাভ কৰিবলৈ সক্ষম হয়।
তেওঁৰ ছবি সমূহৰ বাবে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ লগতে ২০০৫ চনত ভাৰত চৰকাৰে তেওঁক “পদ্ম বিভূষণ” ৰো সন্মান প্ৰদান কৰিছিল। উল্লেখ্য যে,”ভূৱন শোম” (১৯৬৯), “কোৰস”(১৯৭৪), “মৃগয়া”(১৯৭৬), তথা “অকালেৰ সন্ধানে” (১৯৮০) ৰ বাবে মৃণাল সেনে “স্বৰ্ণকমল” বঁটাও লাভ কৰিছিল। এইগৰাকী মহান শিল্পীৰ ৯৫ বছৰ বয়সত ২০১৮ চনৰ ৩০ ডিচেম্বৰ তাৰিখে মৃত্যু হয়।
৩. ঋত্বিক ঘটক-
য’ত চিনেমাক মনোৰঞ্জনৰ আহিলা হিচাপে পৰিগণিত কৰা হৈছিল তেনে সময়তে এনে একোজন ছবি নিৰ্মাতাৰ জন্ম হৈছিল যিয়ে সমাজৰ দুখ-দুৰ্গতি,অভাৱ-অনাটন আদিত চিনেমাৰ জৰিয়তে প্ৰতিফলিত কৰাৰ চেষ্টা কৰিছিল। এনে নিৰ্মাতাৰ ভিতৰত ঋত্বিক ঘটক আছিল অন্যতম। ১৯২৫ চনৰ ৪ নৱেম্বৰত জন্মগ্ৰহণ কৰা এই মহান ব্যক্তিজনাই নিজ চিনেমাত সমাজত প্ৰচলিত কিছু দুখ-দূৰ্গতিৰ ছবি চিত্ৰিত কৰিছিল। হয়তো বহু কম লোকৰ বোধগম্য যে, দিলীপ কুমাৰ আৰু কিশোৰ কুমাৰৰ দ্বাৰা অভিনীত “মুছাফিৰ” ছবিৰ “স্ক্ৰীপ্ট” লিখোতা আছিল ঋত্বিক ঘটক। উক্ত ছবিখনেই ঋত্বিক ঘটকৰ বাবে “টাৰ্ণিং পইণ্ট” আছিল। “চিন্নমূল” চিনেমাখনত তেওঁ অভিনয় আৰু সহায়কাৰী পৰিচালকৰ দ্বাৰা চলচিত্ৰ জগতত ভৰি থৈছিল। সত্যজিত ৰায় আৰু মৃণাল সেনৰ সমান্তৰালকৈ ভাৰতীয় চলচিত্ৰ ঋত্বিক ঘটকৰ নাম ল’ব পৰা যায়। তথাকথিত সমাজ ব্যৱস্থাত প্ৰচলিত কু-সংস্কাৰ কিছুমান চিনেমাৰ জৰিয়তে দৰ্শকক দিয়া এই গৰাকী মহান ব্যক্তি সদায় অমৰ হৈ ৰ’ব। ১৯৭৬ চনৰ ৬ ফ্ৰেব্ৰুৱাৰী তাৰিখে ঋত্বিক ঘটকে ইহলীলা সম্বৰণ কৰে।
… সাম্প্ৰতিক সময়তো বহু পৰিচালক অথবা চলচিত্ৰ নিৰ্মাতাই এওঁলোকক অনুপ্ৰেৰণাৰ উৎস হিচাপে লয় চলচিত্ৰ নিৰ্মাণ কৰিছে।
Add comment