Rupaliparda.com

বলীউডৰ ন-যুঁটি ঈশান-অনন্যাঃ

আলি আব্বাচ জাফৰৰ আহিবলগীয়া এখন ৰোমাণ্টিক-কমেডী ছবিত দৰ্শকে দেখা পাব বলীউডৰ এটা নতুন যুঁটিক। বৰ্তমানলৈ ছবিখনৰ নাম পোহৰলৈ অহা নাই যদিও ঈশান খাট্টাৰ আৰু অনন্যা পাণ্ডেক পোনপ্ৰথমবাৰৰ বাবে দৰ্শকে দেখা পাব একেলগে। ইয়াৰ লগতে, পৰিচালক আলি আব্বাছ জাফৰৰ প্ৰযোজক হিচাপে এইখন হ’ব তেওঁৰ প্ৰথম চিনেমা। “মেৰি ব্ৰাডাৰ কি দুলহানীয়া” ৰ দ্বাৰা বলীউডত পৰিচালক ৰূপে খোজ দিয়াৰ পিছত তেওঁক অলপতে মুক্তিপ্ৰাপ্ত “ভাৰত” ৰ সৈতে জড়িত হোৱা দেখিবলৈ পোৱা গৈছিল।

বলীউডৰ ন-যুঁটি ঈশান-অনন্যাঃ 1
বলীউডৰ ন-যুঁটি ঈশান-অনন্যাঃ 2


উল্লেখ্য যে, ঈশান-অনন্যা ৰ এই আহিবলগীয়া ছবিখন যুৱপ্ৰজন্মৰ সৈতে খাপ খোৱা; সেইবাবেই পৰিচালক ও প্ৰযোজক গৰাকীয়ে উক্ত যুঁটিটোক চিনেমাখনৰ বাবে বিবেচিত কৰে।

বলীউডৰ ন-যুঁটি ঈশান-অনন্যাঃ 3


ইয়াৰ লগতে, “ষ্টুডেণ্ট অৱ দা ইয়েৰ-২” ৰ পিছত অনন্যাক দেখা যাব “পতি-পত্নী অৰ ৱহ” ৰ ৰিমেক ছবিখনত। অভিনেতা ঈশান খাট্টাৰক “কেদাৰনাথ” ৰ পৰিচালক অভিষেক কাপুৰে “পুলৱামা এট্টেক” ৰ অভিনেতা ৰূপে গ্ৰহণ কৰাৰ কথা ওলাইছিল যদিও ইয়াৰ কোনো ধৰণৰ অভিচিয়েল এনায়উন্চমেন্ট বৰ্তমানলৈ হোৱা নাই।

বলীউডৰ ন-যুঁটি ঈশান-অনন্যাঃ 4
বলীউডৰ ন-যুঁটি ঈশান-অনন্যাঃ 5

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform