Rupaliparda.com

“এভেঞ্জাৰ এণ্ডগেম” ৰ দমদাৰ এন্ট্ৰিয়ে ভাঙিলে “অৱতাৰ” ৰ ৰেকৰ্ডঃ

চলিত বৰ্ষৰ ২৬ এপ্ৰিল তাৰিখে মুক্তিপ্ৰাপ্ত “এভেঞ্জাৰ এণ্ডগেম” -এ বলীউডৰ প্ৰায় সৰহ সংখ্যক ছবিৰ ৰেকৰ্ড ভঙাৰ লগতে ভাঙিলে হলীউডৰো কেইবাখনো ছবিৰ ৰেকৰ্ড। মাৰ্বলচৰ এই চিনেমাখনৰ মুক্তিৰ প্ৰথমটো সপ্তাহতেই বস্ক অফিচ কালেকচন আছিল ২৫৮ কোটি টকা। ইয়াৰ দ্বিতীয় সপ্তাহত ছবিখনে লাভ কৰে ৭৬ কোটি টকা লগতে ছবিখনৰ মুক্তিৰ পৰা প্ৰায় ২২ দিনৰ অন্তত “এভেঞ্জাৰ এণ্ডগেম”-এ লাভ কৰে ৩৬৩ কোটিকৈ টকা।

"এভেঞ্জাৰ এণ্ডগেম" ৰ দমদাৰ এন্ট্ৰিয়ে ভাঙিলে "অৱতাৰ" ৰ ৰেকৰ্ডঃ 1
"এভেঞ্জাৰ এণ্ডগেম" ৰ দমদাৰ এন্ট্ৰিয়ে ভাঙিলে "অৱতাৰ" ৰ ৰেকৰ্ডঃ 2


৫৩.১০ কোটি টকাৰে মুক্তিৰ প্ৰথম দিনাই ই ভাঙে বলীউডৰ আমিৰ খানৰ ৰেকৰ্ড। “পীকে” ৰ লগতে উক্ত চিনেমাখনে “টাইগাৰ জিন্দা হে” আৰু “সঞ্জু” ৰ ৰেকৰ্ড ভাঙিবলৈ সক্ষম হয়। হলীউডৰ আটাইতকৈ অধিক বস্ক অফিচ কালেকচন কৰা ছবি “অৱতাৰ” কো ই পিছ পেলায়। উল্লেখ্য যে, “এভেঞ্জাৰ” অথবা ইয়াৰ সংস্কৰণক লৈ দৰ্শক ইমানেই আগ্ৰহী যে অনলাইন টিকট দিবলৈ আৰম্ভ কৰাৰ প্ৰথমদিনাই “এণ্ডগেম” ৰ বাবে প্ৰত্যেকটো চিনেমাগৃহৰ টিকট বিক্ৰী হৈ পৰিছিল। এণ্ঠনী ৰুছ’ আৰু ঝ’ ৰুছ’ ৰ দ্বাৰা পৰিচালিত এই ছবিখনত ৰৱৰ্ট ডাউনি জুনিয়ৰ, ক্ৰিস ইবান্স, মাৰ্ক ৰুফেলো, ক্ৰিস হেম্সৱৰ্স, স্কাৰ্লেট য়হানসন, জেৰেমী ৰেনৰ লগতে পাল ৰুড, ব্ৰী লাৰ্সন আৰু যশ ব্ৰোলিনে মূখ্য চৰিত্ৰত অভিনয় কৰিছে।

"এভেঞ্জাৰ এণ্ডগেম" ৰ দমদাৰ এন্ট্ৰিয়ে ভাঙিলে "অৱতাৰ" ৰ ৰেকৰ্ডঃ 3
"এভেঞ্জাৰ এণ্ডগেম" ৰ দমদাৰ এন্ট্ৰিয়ে ভাঙিলে "অৱতাৰ" ৰ ৰেকৰ্ডঃ 4

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.