Rupaliparda.com
ৰহস্যৰ আঁৰত কথনৰ সন্ধান 1

ৰহস্যৰ আঁৰত কথনৰ সন্ধান

|উৎপল মেনা

ৰহস্যৰ আঁৰত কথনৰ সন্ধান 2মনোজিৎ শৰ্মাৰ ‘১৮ নৱেম্বৰ’ আৰু সমুজ্জ্বল কাশ্যপৰ ‘অদৃশ্য’—দুয়োখন চিনেমাৰ কথনভংগীৰ কেন্দ্ৰত আছে উৎকণ্ঠা। দৰ্শকৰ মনত প্ৰশ্নৰ উদ্ৰেক কৰা, ঘটনাৰ অন্তৰালত থকা ৰহস্যৰ সন্ধান দিয়া আৰু কাহিনীৰ পৰিণতি সম্পৰ্কে অনিশ্চয়তা জীয়াই ৰখা—এই দুয়োখন চিনেমাৰে প্ৰধান কৌশল। কিন্তু একে ধৰণৰ কথন-উপাদান ব্যৱহাৰ কৰিলেও চিত্ৰনাট্যৰ গাঁথনি, চৰিত্ৰ নিৰ্মাণ, দৃশ্য সংযোজন আৰু পৰিচালনাৰ সংযমৰ ক্ষেত্ৰত দুয়োখনৰ মাজত লক্ষণীয় পাৰ্থক্য আছে। এখনত সম্ভাৱনাময় চিন্তাৰ উপস্থিতি সত্ত্বেও উপস্থাপনৰ সীমাবদ্ধতাই কাহিনীৰ প্ৰভাৱ হ্ৰাস কৰিছে; আনখনত তুলনামূলকভাৱে সংহত চিত্ৰনাট্য আৰু চৰিত্ৰৰ আন্তঃসম্পৰ্কই দৰ্শকৰ আগ্ৰহ ধৰি ৰাখিবলৈ সক্ষম হৈছে।

মনোজিৎ শৰ্মাৰ ‘১৮ নৱেম্বৰ’ৰ কাহিনী একাধিক দুৰ্ঘটনা আৰু নিৰ্দিষ্ট তাৰিখক কেন্দ্ৰ কৰি আগবাঢ়ে। বিভিন্ন বছৰত ১৮ নৱেম্বৰৰ দিনটোতে সংঘটিত হোৱা ঘটনাসমূহৰ মাজত সম্পৰ্ক স্থাপন কৰি পৰিচালকে এক ৰহস্যময় পৰিৱেশ নিৰ্মাণৰ চেষ্টা কৰিছে। নিশাৰ বাটত গাড়ী চলাই যোৱা এজন চালক আৰু তেওঁৰ যাত্ৰীৰ সাক্ষাৎ, দুৰ্ঘটনা, পৰৱৰ্তী ঘটনাক্ৰম আৰু কেইবাটাও চৰিত্ৰৰ জীৱনৰ সৈতে জড়িত অতীতৰ প্ৰসংগই কাহিনীটোক বহুমাত্ৰিক ৰূপ দিয়াৰ সম্ভাৱনা সৃষ্টি কৰিছে। কাহিনীৰ এই বিন্যাসত দৰ্শকৰ কৌতূহল জগাই ৰখাৰ উপাদান আছে। কিন্তু সেই উপাদানসমূহক এক সংহত কথন-গাঁথনিত ৰূপান্তৰিত কৰাত চিত্ৰনাট্যই সম্পূৰ্ণ সফলতা লাভ কৰা নাই।ৰহস্যৰ আঁৰত কথনৰ সন্ধান 3

চিনেমাখনৰ প্ৰথম অংশত মূল কাহিনীৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক নথকা কিছুমান বিৱৰণে অধিক ঠাই লৈছে। ফলত ঘটনাৰ গতি মন্থৰ হৈছে আৰু কেন্দ্ৰীয় সংঘাতৰ প্ৰতি দৰ্শকৰ মনোযোগ বাৰে বাৰে বিচ্ছিন্ন হৈছে। অতীত আৰু বৰ্তমানৰ মাজত অহা-যোৱা কৰা ফ্লেছবেকৰ ব্যৱহাৰো যথেষ্ট সুসংহত নহয়। সময়ৰ বিভিন্ন স্তৰ আৰু ঘটনাৰ পাৰস্পৰিক সম্পৰ্ক অধিক স্পষ্টভাৱে বিন্যস্ত হোৱা হ’লে কাহিনীৰ ৰহস্যময়তা আৰু নাটকীয় অভিঘাত দুয়োটাই বৃদ্ধি পালেহেঁতেন। কিছুমান পৰিস্থিতিত চৰিত্ৰৰ আচৰণো বিশ্বাসযোগ্যতাৰ পৰীক্ষাত উত্তীৰ্ণ নহয়। বিশেষকৈ মৃতদেহ গাড়ীত কঢ়িয়াই নিয়াৰ সময়ত চালকজনৰ স্বাভাৱিক মানসিক অস্থিৰতা বা উদ্বিগ্নতাৰ যথোচিত প্ৰকাশ নোহোৱাটো দৃশ্যটোৰ বাস্তৱিকতাত বাধা হৈ পৰিছে।

‘১৮ নৱেম্বৰ’ত কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি জীৱন্ত ৰূপত উপস্থাপন কৰাৰ প্ৰয়াসটোও বিশেষভাৱে সমালোচনাৰ যোগ্য। প্ৰতিচ্ছবিখনৰ বিকৃত ৰূপে এগৰাকী প্ৰয়াত শিল্পীৰ প্ৰতি দৰ্শকৰ আৱেগ আৰু সন্মানক আঘাত কৰে। প্ৰযুক্তিৰ অভিনৱ ব্যৱহাৰেই সৃষ্টিশীলতাৰ প্ৰমাণ নহয়; ইয়াৰ সৈতে নান্দনিক বিচাৰবোধ আৰু সংবেদনশীল দায়বদ্ধতাও জড়িত। বিশেষকৈ জুবিন গাৰ্গৰ দৰে শিল্পীৰ প্ৰতিচ্ছবি ব্যৱহাৰৰ ক্ষেত্ৰত এই দায়বদ্ধতা অধিক গুৰুত্বপূৰ্ণ। চিনেমাখনত এই প্ৰয়াসে শিল্পীজনৰ প্ৰতি সন্মানজনক স্মৰণৰ পৰিৱৰ্তে বাণিজ্যিক কৌশলৰ আভাসহে অধিক স্পষ্ট কৰিছে।ৰহস্যৰ আঁৰত কথনৰ সন্ধান 4

অভিনয়ৰ ক্ষেত্ৰত অৱশ্যে চিনেমাখনত কেইবাটাও ইতিবাচক দিশ আছে। অপৰ্ণা দত্ত চৌধুৰী, ৰিম্পী দাস, ৰোহন শৰ্মা, অৰুণ নাথ আৰু বাহাৰুল ইছলামৰ অভিনয়ে চৰিত্ৰসমূহক বিশ্বাসযোগ্য কৰি তোলাৰ চেষ্টা কৰিছে। ৰাজু ৰয়ৰ উপস্থিতিও মন কৰিবলগীয়া। কিন্তু অভিনয়ৰ এই ইতিবাচক দিশসমূহক চিত্ৰনাট্য আৰু সম্পাদনাৰ দুৰ্বলতাই সদায় সমান শক্তি প্ৰদান কৰিব পৰা নাই। কাহিনীৰ শেষৰ ফালে মৃতকৰ আত্মাই শান্তি নোপোৱাৰ বাবে জীৱিত মানুহৰ সন্মুখত উপস্থিত হৈ নিজৰ কাহিনী কোৱাৰ যি ধাৰণা ব্যৱহাৰ কৰা হৈছে, সেয়া পূৰ্বৰ ঘটনাক্ৰমৰ সৈতে যথেষ্ট স্বাভাৱিকভাৱে সংযুক্ত হোৱা নাই। ফলত সমাপ্তিটোৱে কাহিনীৰ ৰহস্যৰ যথোচিত নিষ্পত্তি ঘটোৱাৰ পৰিৱৰ্তে এক অপূৰ্ণতাৰ অনুভৱহে সৃষ্টি কৰে।

‘১৮ নৱেম্বৰ’ৰ সীমাবদ্ধতাসমূহৰ বিপৰীতে সমুজ্জ্বল কাশ্যপৰ ‘অদৃশ্য’ তুলনামূলকভাৱে সংহত আৰু উপভোগ্য। বিশাল সম্পত্তিৰ গৰাকী অমৰেন্দ্ৰ ভট্টাচাৰ্য আৰু তেওঁৰ গাড়ীচালক প্ৰজাপতি—এই দুটা চৰিত্ৰক কেন্দ্ৰ কৰিয়েই চিনেমাখনৰ কাহিনী আগবাঢ়ে। অমৰেন্দ্ৰই মৃত্যুক আকাংক্ষা কৰে; আনহাতে প্ৰজাপতিয়ে তেওঁৰ সেই আকাংক্ষাক বাস্তৱত ৰূপ দিয়াৰ প্ৰস্তাৱৰ সৈতে জড়িত হৈ পৰে। দুয়োজনৰ উদ্দেশ্য পৃথক হ’লেও পৰিস্থিতিয়ে তেওঁলোকক এক অদ্ভুত সম্পৰ্কৰ মাজলৈ আনে। প্ৰজাপতিৰ নিজৰ জীৱন, ঘৰ-সংসাৰ আৰু পত্নী মায়াৰ উপস্থিতিয়ে কাহিনীটোত আন এক মানৱীয় স্তৰ সংযোজন কৰিছে।ৰহস্যৰ আঁৰত কথনৰ সন্ধান 5

অমৰেন্দ্ৰৰ মৃত্যুৰ আকাংক্ষা কিমান দূৰ বাস্তৱায়িত হ’ব, প্ৰজাপতিয়ে নিজৰ স্বাৰ্থ পূৰণৰ বাবে কিমান দূৰ আগবাঢ়িব—এই প্ৰশ্ন দুটাই দৰ্শকৰ মনত কৌতূহল জীয়াই ৰাখে। কিন্তু ‘অদৃশ্য’ৰ সাফল্য কেৱল ৰহস্যৰ ওপৰত নিৰ্ভৰশীল নহয়। চৰিত্ৰৰ আচৰণ, পৰিস্থিতিৰ স্বাভাৱিক বিকাশ আৰু সংলাপৰ সংযত ব্যৱহাৰে কাহিনীটোক বিশ্বাসযোগ্য কৰি তুলিছে। দৃশ্যৰ দৈৰ্ঘ্য আৰু সংলাপৰ পৰিমাণ নিয়ন্ত্ৰণত ৰখাৰ ফলত কথনৰ গতি অক্ষুণ্ণ আছে। পৰিচালকে দৰ্শকক সকলো কথা আগতীয়াকৈ বুজাই দিয়াৰ চেষ্টা কৰা নাই; চৰিত্ৰৰ আচৰণ আৰু পৰিস্থিতিৰ পৰিৱৰ্তনৰ মাজেৰে কাহিনীৰ অন্তৰ্নিহিত অৰ্থ উন্মোচিত হ’বলৈ দিছে।

তপন দাস আৰু যতীন বৰাৰ অভিনয় তথা পাৰস্পৰিক ৰসায়ন ‘অদৃশ্য’ৰ অন্যতম প্ৰধান শক্তি। প্ৰায় পঁচিশ বছৰ পূৰ্বে ‘দাগ’ত একেলগে অভিনয় কৰা এই দুই অভিনেতাক পৰৱৰ্তী সময়ত ‘বাৰুদ’, ‘কন্যাদান’ আৰু ‘ককাদেউতা নাতি আৰু হাতী-২’তো দেখা গৈছিল। কিন্তু ‘অদৃশ্য’ত তেওঁলোকৰ যুগল উপস্থিতিয়ে এক নতুন মাত্ৰা লাভ কৰিছে। তপন দাসে অমৰেন্দ্ৰৰ চৰিত্ৰটোত নিজৰ পৰিচিত অভিনয়-প্ৰতিমাৰ বাহিৰলৈ ওলাই আহি এক স্বতন্ত্ৰ ব্যক্তিত্ব নিৰ্মাণ কৰিছে। চৰিত্ৰটোৰ আচৰণ, মানসিক অৱস্থা আৰু শৰীৰী ভাষাৰ মাজত আভনেতা গৰিকীয়ে সুন্দৰ সামঞ্জস্য ৰাখিছে। যতীন বৰাই প্ৰজাপতিৰ চৰিত্ৰত স্বাভাৱিকতা আৰু বিশ্বাসযোগ্যতা অক্ষুণ্ণ ৰাখিছে। দুয়োৰে অভিনয়ৰ পাৰস্পৰিক সম্পৰ্কই চিনেমাখনৰ বহু দৃশ্যক অধিক অৰ্থবহ কৰি তুলিছে।ৰহস্যৰ আঁৰত কথনৰ সন্ধান 6

‘অদৃশ্য’ৰ হাস্যৰসৰ ব্যৱহাৰো মন কৰিবলগীয়া। অমৰেন্দ্ৰ আৰু প্ৰজাপতিৰ ব্যক্তিত্বৰ পাৰ্থক্য, পৰিস্থিতিৰ বৈপৰীত্য আৰু সংলাপৰ স্বাভাৱিক প্ৰকাশৰ পৰাই হাঁহিৰ উদ্ৰেক হৈছে। কাহিনীৰ গম্ভীৰতা অক্ষুণ্ণ ৰাখিও হাস্যৰসৰ অৱকাশ সৃষ্টি কৰাটো পৰিচালকৰ কথন-সংযমৰ পৰিচায়ক।

চিনেমাখনত মল্লিকা ফাগুন আৰু ৰঙীন কুমাৰ নামৰ দুই কবি চৰিত্ৰৰ উপস্থিতিয়েও কাহিনীটোত এক পৃথক মাত্ৰা সংযোজন কৰিছে। ৰঙীন কুমাৰৰ চৰিত্ৰত প্ৰাঞ্জল শইকীয়াৰ অভিনয় কিছু ব্যতিক্ৰমী। মল্লিকা ফাগুনৰ পৰিচ কাহিনীৰ শেষ পৰ্যায়তহে স্পষ্ট হয়। এই চৰিত্ৰসমূহৰ ব্যৱহাৰে কাহিনীৰ ৰহস্য আৰু চৰিত্ৰৰ অন্তৰ্জগতৰ মাজত এক আকৰ্ষণীয় সম্পৰ্ক স্থাপন কৰিছে। প্ৰিয়ম পল্লৱী, প্ৰণামী বৰা, লিমা দাস, হিমাংশু প্ৰসাদ দাস, বনি দেউৰী, জলি লস্কৰ, ডাঃ জাহানাৰা বেগম আৰু আন শিল্পীসকলেও নিজৰ নিজৰ চৰিত্ৰৰ প্ৰয়োজন অনুসৰি অৱদান আগবঢ়াইছে।

ৰাজদীপৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ ৰচনাৰ অৱদান ‘অদৃশ্য’ৰ কথন-গাঁথনিৰ ক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য। সংলাপসমূহ দীঘলীয়া নহয়; চুটি সংলাপৰ মাজেৰেই চৰিত্ৰৰ মনোভাৱ, পৰিস্থিতিৰ বৈপৰীত্য আৰু কেতিয়াবা সূক্ষ্ম চিন্তাৰ প্ৰকাশ ঘটিছে। সংলাপৰ এই সংযমে দৃশ্যসমূহক স্বাভাৱিক কৰি তুলিছে। সমুজ্জ্বল কাশ্যপৰ এয়া প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চিনেমা। পূৰ্বৰ চুটি চিনেমা আৰু ধাৰাবাহিক নিৰ্মাণৰ অভিজ্ঞতা তথা ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা স্বীকৃতিৰ পটভূমিত তেওঁ এই চিনেমাখনত পৰিচালনাৰ এক সংযত দৃষ্টিভংগী প্ৰকাশ কৰিছে। কাহিনীৰ নাটকীয় সম্ভাৱনাক অযথা অতিনাটকীয় কৰি তোলাৰ পৰিৱৰ্তে তেওঁ চৰিত্ৰ আৰু পৰিস্থিতিৰ স্বাভাৱিক বিকাশৰ ওপৰত গুৰুত্ব দিছে।

কাৰিকৰী দিশতো ‘অদৃশ্য’ৰ কেইবাটাও উল্লেখযোগ্য প্ৰয়াস আছে। মটৰচাইকেল আৰু বিলাসী গাড়ীৰ দুৰ্ঘটনাৰ দৃশ্য দুটাত বাস্তৱ আৰু কল্পনাৰ সীমাৰেখা অস্পষ্ট কৰি তোলাৰ চেষ্টা কৰা হৈছে। শব্দ-সংযোজন আৰু আৱহ সংগীতেও কাহিনীৰ উৎকণ্ঠা নিৰ্মাণত সহায় কৰিছে। ৰূপম ভূঞাৰ সংগীত আৰু ৰাকেশ বৰুৱাৰ সংগীত-সংযোজনে চিনেমাখনক এক সুকীয়া শ্ৰৱ্য পৰিৱেশ প্ৰদান কৰিছে।

অৱশ্যে ‘অদৃশ্য’ সম্পূৰ্ণ ত্ৰুটিমুক্ত নহয়। অমৰেন্দ্ৰৰ ঘৰত থকা ফটো-ফ্ৰেমক কেন্দ্ৰ কৰি যতীন বৰাৰ চৰিত্ৰৰ প্ৰাৰম্ভিক আচৰণৰ আঁৰত যথেষ্ট বিশ্বাসযোগ্য কাৰণ স্পষ্ট নহয়।

ৰহস্যৰ আঁৰত কথনৰ সন্ধান 7

ঘৰ খালী কৰোৱাৰ দৃশ্যৰ কিছুমান হাস্যৰসাত্মক মুহূৰ্তই পৰিস্থিতিৰ গম্ভীৰতা কিছু পৰিমাণে হ্ৰাস কৰিছে। আনহাতে, কেইটামান গৌণ চৰিত্ৰৰ উপস্থিতি কাহিনীৰ বাবে কিমান অপৰিহাৰ্য, সেই প্ৰশ্নও উত্থাপন হয়। চিনেমাখনৰ শেষৰ ফালে পৰৱৰ্তী খণ্ডৰ ইংগিত আৰু কমল লোচন চৰিত্ৰৰ উপস্থিতিয়ে কাহিনীৰ কিছুমান প্ৰশ্ন অনিষ্পন্ন কৰি ৰাখিছে। বিশেষকৈ হত্যাকাণ্ডৰ ৰহস্যৰ সম্পূৰ্ণ নিষ্পত্তি নোহোৱাটোৱে দৰ্শকৰ মনত পৰৱৰ্তী কাহিনীৰ প্ৰতি কৌতূহল সৃষ্টি কৰে।

দুয়োখন চিনেমাই উৎকণ্ঠাক কাহিনী কথনৰ প্ৰধান চালিকাশক্তি হিচাপে ব্যৱহাৰ কৰিছে। কিন্তু উৎকণ্ঠা সৃষ্টি কৰাটোৱেই সফল ৰহস্য-চিনেমাৰ একমাত্ৰ চৰ্ত নহয়। সেই উৎকণ্ঠাক বিশ্বাসযোগ্য ঘটনাক্ৰম, সুসংহত চিত্ৰনাট্য, চৰিত্ৰৰ মনস্তাত্ত্বিক যুক্তি আৰু পৰিচালনাৰ নিয়ন্ত্ৰণৰ মাজেৰে পৰিণতিৰ দিশে লৈ যোৱাটোও সমানেই জৰুৰী। ‘১৮ নৱেম্বৰ’ত কাহিনীৰ ধাৰণাগত সম্ভাৱনা আৰু কেইজনমান অভিনেতাৰ অভিনয় সত্ত্বেও চিত্ৰনাট্যৰ অসমতা, সম্পাদনাৰ দুৰ্বলতা আৰু সমাপ্তিৰ অপৰ্যাপ্ততাই সামগ্ৰিক প্ৰভাৱ ক্ষুণ্ণ কৰিছে। আনহাতে, ‘অদৃশ্য’ত কাহিনীৰ উপাদানসমূহ অধিক সংহতভাৱে ব্যৱহৃত হৈছে; চৰিত্ৰৰ পাৰস্পৰিক সম্পৰ্ক, সংলাপৰ স্বাভাৱিকতা আৰু পৰিচালনাৰ সংযমে চিনেমাখনক অধিক উপভোগ্য কৰি তুলিছে। এইখিনিতেই দুয়োখনৰ নান্দনিক আৰু কথনগত সাফল্যৰ পাৰ্থক্য স্পষ্ট হয়। উৎকণ্ঠা দুয়োখনৰেই উপাদান, কিন্তু সেই উৎকণ্ঠাক চিনেমাৰ ভাষাৰে কিমান বিশ্বাসযোগ্য আৰু অৰ্থবহ কৰি তুলিব পাৰি—সেই পৰীক্ষাত ‘অদৃশ্য’ অধিক সফল।

Utpal Mena

Add comment

Most popular

Recent posts

Your Header Sidebar area is currently empty. Hurry up and add some widgets.