Rupaliparda.com
৪৫ সংখ্যক জন্মদিন উদযাপন কাজলৰঃ 1

৪৫ সংখ্যক জন্মদিন উদযাপন কাজলৰঃ

১৬ বছৰ বয়সতে বলীউড জগতত খোজ পেলোৱা কাজলৰ আজি ৪৫ সংখ্যক জন্মদিন। বি-টাউনৰ জনপ্ৰিয় অভিনেত্ৰীৰ ভিতৰত এজনী হৈছে কাজল। “বেখুদী” ছবিখনত পোনপ্ৰথমবাৰ বাবে দেখা পোৱা এই অভিনেত্ৰী গৰাকীয়ে পিছলৈ “বাজীগৰ”, “য়ে দিল্লগী”, “প্যাৰ কিয়া ত’ ডৰনা ক্যা”, “হম আপকে দিল মে ৰহতে হে”, “দিল ৱালে দুলহনিয়া লে যায়েংগে “, “গুপ্ত”, আৰু “কুচ কুচ হতা হে” নিচিনা কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰি অভিনেত্ৰী গৰাকীয়ে দৰ্শকৰ মনত ঠাই বনাবলৈ সক্ষম হয়।

৪৫ সংখ্যক জন্মদিন উদযাপন কাজলৰঃ 2


অভিনেত্ৰীয়ে নিজ অভিনয় সমূহৰ ভিতৰত “গুপ্ত” ছবিখনত কৰা অভিনয়টো কঠিন বুলি স্বীকাৰ কৰে। কিয়নো ছবিখনত তেওঁ এটি “নিগেটিভ” চৰিত্ৰ ৰূপায়ন কৰিছিল। কাজলৰ প্ৰিয় ৰং হৈছে বগা। উল্লেখ্য যে, ২০১১ বৰ্ষত এই,অভিনেত্ৰী গৰাকীক ভাৰত চৰকাৰে “পদ্মশ্ৰী” বঁটাৰে সন্মানিত কৰিছিল।

৪৫ সংখ্যক জন্মদিন উদযাপন কাজলৰঃ 3
৪৫ সংখ্যক জন্মদিন উদযাপন কাজলৰঃ 4


স্বামী অজয় দেৱগনে কাজলক তেওঁৰ জন্মদিনটোত বিশেষ ধৰণে শুভকামনা জনায়। অজয় দেৱগনে কাজলৰ ফটোখন দি কেপছনত লিখে- “উঠা! এতিয়া আৰু কোনো প্ৰয়োজন নাই তোমাৰ সুন্দৰতাক শুব দিয়াৰ”। উক্ত ফটোখনত বৰ্তমান ১৫০ লাখতকৈ অধিক লোকে লাইক কৰিছে।


কাজলৰ জন্মদিন লৈ স্বামীৰ এনে পষ্টে এতিয়া হাঁহিৰ খোঁৰাক জগাইছে দৰ্শকক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform