দৰ্শকৰ অপেক্ষাৰ অন্ত পেলাই মুক্তি পাবলৈ সাজু হৈছে জনপ্ৰিয় ৱেব চিৰিজ “সেক্রেড গেমস্” ৰ দ্বিতীয়টো সংস্কৰণ। চলিত মাহৰ ১৫ তাৰিখে নেটফ্লিক্সত মুক্তি দিয়া হ’ব উক্ত ৱেব চিৰিজ খন। চিৰিজখনৰ প্ৰথমটো সংস্কৰণে দৰ্শকৰ পোৱা অভূতপূৰ্ব সঁহাৰিয়ে দ্বিতীয়টো সংস্কৰণকো যে জনপ্ৰিয় কৰি তুলিব তাক একে আষাৰে ক’ব পৰা যায়।


“সেক্রেড গেমস্” নামৰ এই চিৰিজখন বিক্ৰম চন্দ্ৰাৰ একে নামৰ উপন্যাসক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে। ইয়াৰ প্ৰথমটো সংস্কৰণক পৰিচালনা কৰিছিল অনুৰাগ কাশ্যপ আৰু বিক্ৰমাদিত্য মোটৱানীয়ে। নৱাজুদ্দিন চিদ্দিকী, ছেইফ আলি খান আৰু পংকজ ত্ৰিপাঠীৰ লগতে এইবাৰৰ সংস্কৰণত দৰ্শকে দেখিবলৈ পাব কালকী তথা ৰণৱীৰ শোৰেক।

আকস্মিকতা অথবা চাছপেন্স আৰু থ্ৰীলাৰ সমৃদ্ধ এই চিৰিজখনৰ প্ৰথমটো সংস্কৰণে দৰ্শকৰ মনত বহুতো উত্তৰবিহীন প্ৰশ্নৰে সৈতে সমাপ্তি কৰিছিল। অহা ১৫ আগষ্টৰ পিছত দৰ্শকে সেই প্ৰশ্নৰ উত্তৰ পাবনে নাই সেয়া হ’ব লক্ষণীয়।

Add comment