Rupaliparda.com
মেলৱ'ৰ্নত উজ্বলিল ৰীমা দাসঃ আকৌ এবাৰ অসমলৈ আন্তঃৰাষ্ট্ৰীয় সন্মান- 1

মেলৱ’ৰ্নত উজ্বলিল ৰীমা দাসঃ আকৌ এবাৰ অসমলৈ আন্তঃৰাষ্ট্ৰীয় সন্মান-

আকৌ এবাৰ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ঊজ্বলিল অসম। “ভিলেজ ৰকষ্টাৰ” সীমাহীন সফলতাৰ পিছত ৰীমা দাসৰ ছবি “বুলবুল কেন ছিং” -এ এইবাৰ আজুৰিলে আন্তঃৰাষ্ট্ৰীয় সন্মান। “ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলৱ’ৰ্ন” ত ৰীমা দাসৰ “বুলবুল কেন ছিং” ছবিখনে লাভ কৰিলে শ্ৰেষ্ঠ ভাৰতীয় ছবিৰ সন্মান।

মেলৱ'ৰ্নত উজ্বলিল ৰীমা দাসঃ আকৌ এবাৰ অসমলৈ আন্তঃৰাষ্ট্ৰীয় সন্মান- 2
মেলৱ'ৰ্নত উজ্বলিল ৰীমা দাসঃ আকৌ এবাৰ অসমলৈ আন্তঃৰাষ্ট্ৰীয় সন্মান- 3


উল্লেখ্য যে, উক্ত শ্ৰেষ্ঠ ছবিৰ তালিকাত পৰিচালক জাহ্নু বৰুৱাৰ ছবি “ভগা খিৰিকী” য়েও মনোনয়ন লাভ কৰিছিল। ইয়াৰ লগতে, এখন গাওঁৰ এজনী কিশোৰীক কেন্দ্ৰ কৰি নিৰ্মিত “বুলবুল কেন ছিং” ছবিখন উপভোগ কৰে ফেষ্টিভেলখনত বিশেষ অতিথি ৰূপে উপস্থিত থকা বলীউডৰ কিং শ্বাহৰুখ খানেও।

মেলৱ'ৰ্নত উজ্বলিল ৰীমা দাসঃ আকৌ এবাৰ অসমলৈ আন্তঃৰাষ্ট্ৰীয় সন্মান- 4
মেলৱ'ৰ্নত উজ্বলিল ৰীমা দাসঃ আকৌ এবাৰ অসমলৈ আন্তঃৰাষ্ট্ৰীয় সন্মান- 5


উক্ত ছবিখনত অভিনয়ত অভিনয় কৰিছে পাকিজা বেগম, অৰ্ণালী দাস, বানবেন্দ্ৰ দাস, মনোৰঞ্জন দাস আৰু বনীতা ঠাকুৰীয়াই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.