Rupaliparda.com
চিকিৎসাধীন ৰবি শৰ্মাঃ কিন্তু ক'ত,কেনেকৈ, কি হ'ল?- 1

চিকিৎসাধীন ৰবি শৰ্মাঃ কিন্তু ক’ত,কেনেকৈ, কি হ’ল?-

চিকিৎসাধীন অভিনেতা ৰবি শৰ্মা। মূৰ আৰু হাতত গুৰুত্বৰ আঘাতৰ চিন। কিন্তু ক’ত আৰু কিয় চিকিৎসাধীন হৈছে অভিনেতাগৰাকী?? সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত।

চিকিৎসাধীন ৰবি শৰ্মাঃ কিন্তু ক'ত,কেনেকৈ, কি হ'ল?- 2


এক মিনিট, আপোনালোকে ভয় খাইছে নেকি বাৰু? ৰ’ব! ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। অভিনেতা ৰবি শৰ্মা সুস্থ আৰু সৱল হৈ আছে। আছলতে, এয়া হৈছে অভিনেতা গৰাকীৰ আহিবলগীয়া ছবি “ৰঘুপতি” ৰ শ্বুটিঙৰ এক অংশ। অভিনেতাগৰাকীয়ে নিজ ইনষ্টাগ্ৰাম একাউণ্টত এই ফটোখন আপলোড কৰি দৰ্শকক আচম্বিত কৰি তোলে। সাধাৰণজনৰ ৰুচিনুযায়ী আৰু বাণিজ্যিক চিন্তাধাৰাৰে “ৰঘুপতি” সফল কৰি তোলাৰ মানসেৰে অভিনেতাগৰাকীয়ে যৎপৰোনাস্তি চেষ্টা কৰিছে। ছবিখনৰ প্ৰাৰম্ভিক কাম কাজ প্ৰায় শেষ হোৱাৰ পিছতেই এতিয়া ছবিখনৰ “টিজাৰ” নিৰ্মাণৰ বাবে দ্ৰুত গতিত কাম চলি আছে।

Add comment

Leave a Reply