Rupaliparda.com

“হাৱা-হাৱাই” এতিয়াও দৰ্শকৰ মনতঃ জন্মদিনৰ শুভকামনা শ্ৰী দেৱীক-

তামিল,তেলেগু,মালয়ালম,কন্নড়ৰ লগতে হিন্দী ছবিত নিজৰ নাম উজ্বলোৱা এই অভিনেত্ৰীগৰাকী আছিল ৯০ দশকৰ আটাইতকৈ অধিক ফিছ লোৱা মহিলা অভিনেত্ৰী। পাঁচটা ফিল্মফেয়াৰ বঁটা লাভ কৰাৰ লগতে ২০১৩ চনত ভাৰত চৰকাৰে তেওঁক “পদ্মশ্ৰী” বঁটাৰে বিভূষিত কৰিছিল।

"হাৱা-হাৱাই" এতিয়াও দৰ্শকৰ মনতঃ জন্মদিনৰ শুভকামনা শ্ৰী দেৱীক- 1


ধৰিব পাৰিছেনে অভিনেত্ৰী গৰাকী কোন?? “হাৱা-হাৱাই” বুলিও তেওঁক বহুতে চিনাকী দিয়ে। এতিয়া পাৰিছে নহয়? হয়, এই অভিনেত্ৰী গৰাকীয়ে হৈছে ৯০ দশকৰ পৰা তেওঁৰ মৃত্যুৰ পিছত দৰ্শকৰ হৃদয়ত ৰাজ কৰা “শ্ৰী দেৱী”।

"হাৱা-হাৱাই" এতিয়াও দৰ্শকৰ মনতঃ জন্মদিনৰ শুভকামনা শ্ৰী দেৱীক- 2


নিজৰ কেৰিয়াৰৰ সময়ছোৱাত তেওঁ ৬৩ খন হিন্দী, ৬২ খন তেলেগু, ৫৮ খন তামিল আৰু ২১ খন মালায়লম ছবিত অভিনয় কৰিছিল। আহকচোন আমি আজি চাওঁ তেওঁৰ বিষয়ে নজনা কিছু কথা-

১. অভিনেত্ৰী গৰাকীয়ে নিজৰ মেকআপত বিশেষ গুৰুত্ব দিছিল। এয়াৰপৰ্ট অথবা শ্বপিং নহ’লে ফিল্ম প্ৰমোচনতেই হওঁক তেওঁ নিজক সজাই ৰাখিছিল। তেওঁ নিজ মেক- আপৰ বাবে সময় লৈছিল প্ৰায় ৩ ঘণ্টা।

"হাৱা-হাৱাই" এতিয়াও দৰ্শকৰ মনতঃ জন্মদিনৰ শুভকামনা শ্ৰী দেৱীক- 3

২. কাম কৰা লোকৰ হাতত শ্ৰী দেৱীয়ে কেতিয়াও নিজৰ পাকঘৰৰ দায়িত্ব এৰি দিয়া নাছিল। তেওঁ সদায় নিজৰ পাকঘৰত কি বনোৱা হৈছে আৰু কেনেদৰে বনোৱা হৈছে তাক পুংখানুপুংখভাৱে পৰীক্ষা কৰিছিল।

"হাৱা-হাৱাই" এতিয়াও দৰ্শকৰ মনতঃ জন্মদিনৰ শুভকামনা শ্ৰী দেৱীক- 4

৩. শ্ৰী দেৱীয়ে প্ৰত্যেক দিনাই নিজৰ ছোৱালী স্কুলৰ পৰা উভতি অহা পিছত টিফিন আৰু ডায়েৰী চাইছিল। তাৰ পৰাই জানিব অভিনেত্ৰী গৰাকীয়ে বুজিব পাৰিছিল নিজৰ ছোৱালীৰ দিনটোৰ কথা।

"হাৱা-হাৱাই" এতিয়াও দৰ্শকৰ মনতঃ জন্মদিনৰ শুভকামনা শ্ৰী দেৱীক- 5

৪. শাৰীৰ সৈতে এক গভীৰ আন্তৰিকতা আছিল অভিনেত্ৰী গৰাকীৰ। তেওঁ কোনো এৱাৰ্ড ফাঞ্চনেই হওঁক বা কোনো ছবিৰ প্ৰমোচনেই হওঁক তেওঁক সদায় শাৰীৰ সৈতে দেখিবলৈ পোৱা গৈছিল।

"হাৱা-হাৱাই" এতিয়াও দৰ্শকৰ মনতঃ জন্মদিনৰ শুভকামনা শ্ৰী দেৱীক- 6

৫. বয়সৰ কথা ক’লেই অভিনেত্ৰী গৰাকীৰ খং উঠিছিল। তেওঁক যদি কোনোবাই তেওঁৰ ৫০ বছৰীয়া ছবি যাত্ৰা বিষয়ে সুধিছিল তেওঁক তেতিয়া নিজক বুঢ়ী হৈ যোৱা নিচিনা অনুভৱ কৰিছিল।

"হাৱা-হাৱাই" এতিয়াও দৰ্শকৰ মনতঃ জন্মদিনৰ শুভকামনা শ্ৰী দেৱীক- 7

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.