বলীউড অভিনেতা ছাহিদ কাপুৰৰ সমান্তৰালকৈ তেওঁৰ পত্নী মীৰা ৰাজপুতো চচিয়েল মিডিয়াত একটিভ হৈ থকা দেখা যায়। নিজৰ জীৱনত সংঘটিত কিছুমান সুন্দৰ মূহুুৰ্ত চচিয়েল মিডিয়াত ফটো নাইবা ভিডিঅ’ যোগে আপলোড কৰে মীৰাই। আপলোড কৰা ফটোসমূহত তেওঁৰ পিন্ধনৰ বাবে পূৰ্বৰে পৰা বহু দৰ্শকে ট্ৰল কৰি আহিছে।

এইবাৰো এনেকুৱা ট্ৰলৰে সন্মুখীন হ’বলগীয়া হ’ল মীৰা ৰাজপুত। ভিডিঅ’ ফটোগ্ৰাফাৰ বিৰল ভয়ানীয়ে নিজ ইনষ্টাগ্ৰাম পেজত ছাহিদৰ পত্নী মীৰাৰ সৈতে জীয়েক মিশাৰ এখন ফটো আপলোড কৰিছিল। কিন্তু, এইখিনিতে লাগিল অথন্তৰ। পিন্ধনত থকা বগা ছাৰ্ট আৰু মিনি স্কাৰ্টৰ বাবেই আকৌ এবাৰ ট্ৰ’লৰ সন্মুখীন হ’বলগীয়াত পৰিল মীৰা। তেওঁৰ ফটোত কেইবাজনো কমেন্ট কৰি ক’লে যে আন্টিয়ে নিজৰ জীয়েকৰ কাপোৰ পিন্ধি ওলাই আহিল।

মুঠতে, মিনি স্কাৰ্ট পিন্ধি ৰাইজৰ যেন ৰোষত পৰিল ছাহিদৰ পত্নী।
Add comment