MTV ৰ এটা জনপ্ৰিয় ৰিয়েলিটী শ্ব’ ৰ’ডিছৰ ১৬ নম্বৰ সংস্কৰণটোৰ বিজয়ীৰ নাম ঘোষণা কৰা হৈছে । বলীউডৰ জনপ্ৰিয় ৰেপাৰ ৰফতাৰৰ টীমৰ অন্তৰ্গত অৰুণ শৰ্মাই লাভ কৰে ৰ’ডিছৰ এইবাৰৰ খিতাপ। ১৮ আগষ্টৰ সন্ধিয়া অনুষ্ঠিত শ্ব’ টোৰ ফাইনেলত প্ৰৱেশ কৰিছিল তিনি গৰাকী প্ৰতিযোগী; ক্ৰমে প্ৰিন্স নৰুলা টীমৰ পৰা অংকিতা পাঠক আৰু বিধান শ্ৰেষ্ঠা লগতে ৰফতাৰৰ টীমৰ পৰা অৰুণ শৰ্মাই।

শেষত কাশ্মীৰ নিৱাসী অৰুণে দুয়োগৰাকী প্ৰতিদন্দ্বিকে হৰুৱাই ৰ’ডিছৰ বিজেতা হৈ পৰে। বিজেতা হিচাপে অৰুণে লাভ কৰে Droom.in ৰ তৰফৰ পৰা এখন চুপাৰ বাইক লগতে OYO ৰ তৰফৰ পৰা এবছৰৰ বাবে “ফ্ৰী ষ্টে”।
Add comment