বহুদিনীয়া ৰাজেশ খান্নাৰ ৰেকৰ্ড ভাঙিবলৈ সাজু তেওঁৰেই জোঁৱায়েক অক্ষয় কুমাৰ। হিন্দী চলচিত্ৰ ক্ষেত্ৰৰ প্ৰথম জন চুপাৰষ্টাৰ খ্যাত ৰাজেশ খান্নাই ১৯৬৯ ৰ পৰা ১৯৭১ চনৰ ভিতৰত গঢ়ি তুলিছিল এক ৰেকৰ্ড। সেইটো সময়ৰ মাজতেই ৰাজেশ খান্নাই একাদিক্ৰমে ১৫ খন হিট ছবি দিছিল। উক্ত ৰেকৰ্ডটো কোনো গৰাকী অভিনেতাই ভাঙিব নোৱাৰাৰ সমান্তৰালকৈ ভঙাৰ কথা ভাবিবও নাই পৰা।


আনকি বলীউডৰ বিগ বি তথা কেইবাটাও দশকৰ মহানায়ক অমিতাভ বচ্ছনেও ভাঙিব পৰা নাই ৰাজেশ খান্নাৰ ৰেকৰ্ডটি। কিন্তু, অক্ষয় কুমাৰৰ ক্ষেত্ৰত এয়া সম্ভৱ। কিয়নো অভিনেতা গৰাকীয়ে তেওঁৰ “মিছন মংগল” কে আদি কৰি এতিয়ালৈ একাদিক্ৰমে ১০ খন হিট ছবি দিছে। ২০১৬ ৰ “এয়াৰলিফ্ট” ৰ পৰা আৰম্ভ হোৱা এই প্ৰক্ৰিয়াটোত এতিয়া কেৱল মাত্ৰ ৬ খন ছবি বাকী আছে উক্ত ৰেকৰ্ডটি ভাঙিবলৈ।

উল্লেখ্য যে, ৰাজেশ খান্নাই গঢ় দিয়া উক্ত ৰেকৰ্ডটি ভাঙিবলৈ অক্ষয় কুমাৰৰ সময় লাগিছে। চলিত বৰ্ষতে অক্ষয় কুমাৰ অভিনীত “হাউচফুল ৪” মুক্তি পাব আৰু এই ছবিখনো বস্ক অফিচত সফল হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে।
Add comment