জনপ্ৰিয় হলীউড ছবি “ডা গাৰ্ল অন ডা ট্ৰেইন” ৰ হিন্দী ৰিমেকত দেখিবলৈ পোৱা যাব পৰিণীতি চোপ্ৰাক। দৃশ্যগ্ৰহণ আৰম্ভ হোৱা ছবিখনৰ ইতিমধ্যে ফাৰ্ষ্ট লুক পষ্টাৰ মুকলি কৰি দিয়া হৈছে।

তেজেৰে লুতুৰি-পুতুৰি হৈ এটা বাথটাবত বহি থকা অৱস্থাত দেখা পোৱা গৈছে অভিনেত্ৰী গৰাকীক। পৰিণীতিয়ে ছবিখনৰ ফাৰ্ষ্ট লুক পষ্টাৰখন নিজৰ ইনষ্টাগ্ৰাম একাউন্টত আপলোড কৰি লিখে যে, “এইটো এনেকুৱা কিবা এটা যিটো আজিলৈ মই কৰা নাই; এতিয়ালৈ কৰা অভিনয়ৰ ভিতৰত এইটো আটাইতকৈ মোৰ কঠিন চৰিত্ৰ।”

উল্লেখ্য যে, উক্ত ছবিখন একে নামৰ উপন্যাস এখনৰ ওপৰত আধাৰিত; য’ত হলীউডত মূখ্য চৰিত্ৰত অভিনয় কৰিছিল এমিলী ব্ৰন্টে। এগৰাকী বিবাহবিচ্ছেদ তথা মদ্যপান কৰা মহিলাৰ কাহিনীৰ ওপৰত ছবিখন নিৰ্মাণ কৰা হৈছে। পিছলৈ ছবিখনত মহিলা গৰাকী দূৰ্ঘটনাবশত এটা ইনভেষ্টিগেছনৰ বশৰ্ৱতী হ’বলগীয়া হয়। উক্ত ছবিখনৰ হিন্দী ৰিমেকত কীৰ্তি কুলহাৰীকো দেখিবলৈ পোৱা যাব।
Add comment