বলীউডৰ মোহময়ী অভিনেত্ৰী তাপসি পান্নু তেওঁৰ ফিটনেছৰ বাবে দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছে। ফিটনেছৰ লগতে খেলৰ সৈতেও ওতঃপ্ৰোত ভাৱে জড়িত এই অভিনেত্ৰী গৰাকী। এই কথাৰ প্ৰমাণ দিছে অভিনেত্ৰী গৰাকীয়ে আপলোড কৰা সৰু কালৰ এখন ফটোৱে।

নিজ ইনষ্টাগ্ৰাম পেজত আপলোড কৰা ফটোখনৰ তলত অভিনেত্ৰী গৰাকীয়ে লিখে যে, “খেল মোৰ জীৱনৰ অভিন্ন অংগ, প্ৰত্যেক বছৰে “ৰেচ ট্ৰেক” টো মোৰ বাবে “ৱাঁৰ জন” আছিল। মোৰ পৰিয়াল আৰু শিক্ষাগুৰুয়ে মোৰ লগ দিয়াৰ বাবে বহুত ধন্যবাদ”।

উক্ত ফটোখন চচিয়েল মিডিয়াত সৰ্বাধিক সংখ্যাত ভাইৰেল হৈ পৰাৰ লগতে ফটোখনত বিকি কৌশলে কমেন্ট কৰে য’ত তেওঁ লিখে “পক্কা ড’ ছাৰ কো ঢাক্কা জৰুৰ মাৰা হগা”।
Add comment