চলিত বৰ্ষৰ ২০ চেপ্তেম্বৰ তাৰিখে ছবিগৃহলৈ আহিব “ডবংগ” ছবিখনৰ তৃতীয়টো সংস্কৰণ অৰ্থাৎ “ডবংগ-৩”। ছলমান খান আৰু সোণাক্ষী সিনহা অভিনীত এই ছবিখন মুক্তি দিয়া হ’ব মুঠ চাৰিটা ভাষা ক্ৰমে হিন্দী, তামিল, তেলেগু আৰু কন্নড়ত।


বৰ্তমান ৰাজস্থানৰ জয়পুৰত দৃশ্যগ্ৰহণৰ কাম চলি থকা ছবিখনৰ মূখ্য চৰিত্ৰ “চুলবুল পাণ্ডে” ত অভিনয় কৰা ছলমান খানে “ডবংগ-৩” ৰ বিষয়ে এক টুইট কৰি দৰ্শকক সবিশেষ জানিবলৈ দিয়ে।
উল্লেখ্য যে, ছবিখনত ছলমান খান আৰু সোণাক্ষীৰ বাহিৰেও দেখিবলৈ পোৱা যাব দক্ষিণৰ অভিনেতা কিচ্ছা সুদীপ, আৰৱাজ খান আৰু প্ৰমোদ খান্নাক।
Add comment