নৰা ফাতেহী আৰু বিকি কৌশলৰ আহিবলগীয়া এলবামৰ সংগীত “পছতাওগে” ৰ ইতিমধ্যে মুক্তি কৰা হ’ল টিজাৰ। চলিত মাহৰ ২৩ তাৰিখে মুক্তি পাবলগীয়া গীতটিৰ ফাৰ্ষ্ট লুক পষ্টাৰ খনৰ দৰেই চৰ্চা লাভ কৰিছে ইয়াৰ টিজাৰটোৱেও।গীতটোত বিকি কৌশল আৰু নৰা ফাতেহীৰ কিছু ৰোমান্টিক দৃশ্যও উপভোগ কৰিব পাৰিব দৰ্শকে।


উল্লেখ্য যে, এই দুই গৰাকী তাৰকাই গীতটিৰ পূৰ্বে কোনো ধৰণৰ ছবি অথবা এলবামত একেলগে কাম কৰা নাই। গতিকে, দৰ্শকেও “পছতাওগে” গীতটিত নতুনত্ব দেখিবলৈ পাব। উক্ত গীতটি টি চিৰিজৰ ইউটিউব চেনেলত আপলোড কৰা হ’ব।
Add comment