গতানুগতিক অথবা একঘেয়ামীতাৰ পৰা ফালৰি কাটি “কথানদী” ৰ পৰিচালক ভাস্কৰ হাজৰিকাই পৰিচালনা কৰিছে আন এখন ছবি “আমিষ”। দুই ন মুখৰ সৈতে অসমীয়া চলচিত্ৰ জগতত সন্নিৱিষ্ট হ’ব এটা ভয়ানক প্ৰেম কাহিনীৰ আধাৰত নিৰ্মিত “আমিষ”।


বিভিন্ন খাদ্যৰ প্ৰতি থকা দূৰ্বলতা তথা মাংসৰ প্ৰতি থকা আকৰ্ষণৰ ফলত কেনেদৰে এহাল যুৱক-যুৱতী পৰস্পৰে পৰস্পৰৰ কাষ চাপে তাকেই দেখুওৱা হ’ব উক্ত ছবিখনত। “আমিষ” ত অভিনয় কৰিছে নিতালী দাস, সাগৰ সৌৰভ আৰু মানস কুমাৰ দাসে।


কেইবাটাও আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত অনুষ্ঠিত ছবি সমাৰোহত অংশগ্ৰহণ কৰাৰ পিছত এইবাৰ পোনপ্ৰথমবাৰৰ বাবে ভাৰতত প্ৰদৰ্শিত কৰা হ’ব “আমিষ”। চলিত মাহৰ ২৬ আগষ্ট তাৰিখে মুম্বাইস্থিত জুহু PVR ত সন্ধিয়া ৭.৩০ বজাত প্ৰদৰ্শিত কৰা হ’ব ইয়াৰ প্ৰথমটো দৰ্শনী।
Add comment