Rupaliparda.com

“নিকম্মা” ক লৈ ১৩ বছৰৰ অন্তত আহিব শিল্পাঃ

প্ৰায় ১৩ বছৰৰ অন্তত পুনৰ বাৰ ডাঙৰ পৰ্দালৈ আহি আছে শিল্পা চেট্টী কুন্দ্ৰা। “নিকম্মা” নামে ছবিখনৰ দ্বাৰা চলচিত্ৰ জগতলৈ আহিব শিল্পা। নিজৰ ইনষ্টাগ্ৰাম পেজত ছবিখনৰ শ্ৱুটিং আৰম্ভণি হোৱা শীৰ্ষক এটি কেপছনেৰে ফটো আপলোড কৰি দৰ্শকক “নিকম্মা” ৰ বিষয়ে জানিবলৈ দিয়ে শিল্পাই।

https://www.instagram.com/p/B1YmJnzB9TH/?utm_source=ig_web_copy_link


উল্লেখ্য যে, “লাইফ ইন এ মেট্ৰো” দৰে চুপাৰহিট এখন ছবিত অভিনয়ৰ পিছত শিল্পা চেট্টিক “চুপাৰ ডেন্সাৰ” আৰু “নাচ বালিয়ে” আদি ডেন্সিং ৰিয়েলিটি শ্ব’ ত জৰ্জ ৰূপত দেখিবলৈ পোৱা গৈছিল।

"নিকম্মা" ক লৈ ১৩ বছৰৰ অন্তত আহিব শিল্পাঃ 1
"নিকম্মা" ক লৈ ১৩ বছৰৰ অন্তত আহিব শিল্পাঃ 2


চনী পিকৰ্ছাচ নেটৱৰ্ক্স ইণ্ডিয়া লগতে শব্বীৰ খান ফিল্মস ৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ পৰিচালনা কৰিছে শব্বীৰ খানে। ৰোমান্টিক, কমেডি তথা একচন সমৃদ্ধ এই ছবিখনত শিল্পাৰ সৈতে অভিনয় কৰিব অভিমান্যু দাসানীয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.