হলীউডৰ এটা প্ৰজেক্টৰ সৈতে পুনৰ বাৰ জড়িত হৈ পৰিছে প্ৰিয়ংকা চোপ্ৰা। নেটফ্লিক্সৰ প্ৰচাৰ হ’বলগীয়া এটা একচন-ফেন্টেসীৰে সমৃদ্ধ এখন ছবি “ৱি কেন বি হিৰোজ” ত দেখা পোৱা যাব অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক। শিশুৰ চুপাৰহিৰো’ ৰ ওপৰত আধাৰত নিৰ্মিত উক্ত ছবিখনৰ পৰিচালনা তথা প্ৰযোজনা ৰবাৰ্ট ৰড্ৰিগৰ।


ছবি সমালোচক তৰণ আদৰ্শে এটা ইনষ্টাগ্ৰামত কৰা এটা পোষ্ট ৰ যোগেৰে প্ৰিয়ংকা চোপ্ৰাৰ এই প্ৰজেক্টৰ কথা দৰ্শকক জানিবলৈ দিয়ে। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও অভিনেত্ৰী গৰাকীয়ে দুখন হলীউড ছবি ক্ৰমে “বেৱাচ্ছ” আৰু “ইজন্ট ইট ৰোমান্টিক” ত অভিনয় কৰিছিল।
Add comment