Rupaliparda.com

অক্ষয় কুমাৰ চতূৰ্থ গৰাকী “হায়েষ্ট পেইড এক্টৰ”-

ৰাষ্ট্ৰীয় পুৰস্কাৰ বিজয়ী অক্ষয় কুমাৰ হৈছে চতূৰ্থ জন “ৱ’ৰ্ল্ড হায়েষ্ট পেইড এক্টৰ”। ২০১৯ বৰ্ষৰ ফ’বৰ্স ডট কম ৰ তালিকা অনুসৰি অক্ষয় কুমাৰে চতূৰ্থ নম্বৰ স্থান দখল কৰিছে। উল্লেখ্য যে, ২০১৮ চনৰ পৰা ২০১৯ ৰ সময়ছোৱাত অভিনেতা গৰাকীয়ে ৬.৫ কোটি ডলাৰ অৰ্থাৎ ৪৬৬.৩৩ কোটি টকা উপাৰ্জন কৰিছে।

অক্ষয় কুমাৰ চতূৰ্থ গৰাকী "হায়েষ্ট পেইড এক্টৰ"- 1
অক্ষয় কুমাৰ চতূৰ্থ গৰাকী "হায়েষ্ট পেইড এক্টৰ"- 2


উক্ত তালিকা খনত অক্ষয় কুমাৰেই হৈছে প্ৰথমজন বলীউড তাৰকা। অক্ষয়ৰ উপৰি আন দহজন হলীউড তাৰকা অন্তভূৰ্ক্ত কৰা আছে ফৰ্বস ডট কমৰ এই তালিকাখনত। ইয়াত প্ৰথমটো স্থান দখল কৰিছে হলীউডৰ জনপ্ৰিয় তাৰকা ডোৱেন জনচন ওৰফে “ডা ৰকে”। তেওঁৰ এই বৰ্ষটোৰ উপাৰ্জন হৈছে প্ৰায় ৬৪১.৩৮ কোটি টকা।

অক্ষয় কুমাৰ চতূৰ্থ গৰাকী "হায়েষ্ট পেইড এক্টৰ"- 3
অক্ষয় কুমাৰ চতূৰ্থ গৰাকী "হায়েষ্ট পেইড এক্টৰ"- 4


ইয়াৰ লগতে, মাৰ্বল চুপাৰহিৰো ইউনিভাৰ্চ ৰ “থোৰ” চৰিত্ৰত অভিনীত ক্ৰিস হেম্সৱৰ্থ দ্বিতীয়টো স্থানত আছে। তেওঁৰ উপাৰ্জন হৈছে ৫৪৮.১২ কোটি টকা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.