Rupaliparda.com

সোনম দেৱীয়ে লৈছৈ ক্ৰিকেট বেটঃ দেৱী সাজে পিন্ধিছে স্পৰ্টছ জোতা

“এক লড়কী কো দেখা তো এচা লাগা” ছবিখনৰ পিছত এইটো বৰ্ষতেই সোনম কাপুৰক দেখা পোৱা যাব আন এখন ছবি “ডা জয়া ফেক্টৰ” ত। ইতিমধ্যে ছবিখনৰ মোশ্বন পষ্টাৰে মুক্তি লাভ কৰিছে।


মোশ্বন পষ্টাৰখন ইমানেই মনোগ্ৰাহী কৰি প্ৰস্তুত কৰা হৈছে যে দৰ্শক আকৰ্ষিত হৈ পৰিছে। দেৱী সাজে ওলাইছে যদিও সোনম কাপুৰে ভৰিত পিন্ধিছে স্পৰ্টচ জোতা লগতে পষ্টাৰখনৰ সোনমৰ হাতৰ এপিনে আছে ক্ৰিকেট বেট আৰু আনপিনে আছে হেলমেট।

সোনম দেৱীয়ে লৈছৈ ক্ৰিকেট বেটঃ দেৱী সাজে পিন্ধিছে স্পৰ্টছ জোতা 1


অভিষেক শৰ্মাৰ দ্বাৰা পৰিচালিত এই ছবিখন অনুজা চৌহানৰ একে নামৰ উপন্যাস খনৰ ওপৰত আধাৰিত। ছবিখনত সোনমৰ লগতে দেখা পোৱা যাব দিলকৰ ছলমানক। ২০ চেপ্তেম্বৰত ছবিগৃহলৈ আহিব উক্ত ছবিখন।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.