Rupaliparda.com

শ্ৰদ্ধাৰ উৰা বাতৰিয়ে লাভ কৰিলে চৰ্চাঃ

শ্ৰদ্ধা কাপুৰৰ পি.আৰ এজেন্সীয়ে প্ৰদান কৰা এক উৰা বাতৰিয়ে এতিয়া বলীউডত শিৰোনাম দখল কৰিছে। চলিত মাহৰ ৩০ তাৰিখে মুক্তি পাবলগীয়া ছবি “চাহো” ৰ বাবে শ্ৰদ্ধা কাপুৰক সম্পূৰ্ণ ৭ কোটি টকাৰ ফিছ দিয়া হৈছে বুলি এক উৰা বাতৰি প্ৰদান কৰা হয়।

শ্ৰদ্ধাৰ উৰা বাতৰিয়ে লাভ কৰিলে চৰ্চাঃ 1


কিন্তু, কথাটো সম্পূৰ্ণ সঁচা নহয়। মুক্তিৰ আগেয়ে দৰ্শকৰ মন টানিবলৈ সক্ষম হোৱা অথবা সাংঘাতিক চৰ্চা লাভ কৰা এই ছবিখনৰ বাবে প্ৰথমতে কেটৰিনা কাইফক অফাৰ দিয়া হৈছিল কিন্তু কেটৰিনাই ৫ কোটি টকা বিচৰাৰ বাবদ তেওঁক নাকচ কৰি দিয়া হয়। তেনেক্ষেত্ৰত, শ্ৰদ্ধা কাপুৰক ৭ কোটি টকাৰে ছবিখনলৈ অনা কথাটো সম্পূৰ্ণ এক মিছা বাতৰি বুলি একাষাৰে ক’ব পৰা যায়।

শ্ৰদ্ধাৰ উৰা বাতৰিয়ে লাভ কৰিলে চৰ্চাঃ 2
শ্ৰদ্ধাৰ উৰা বাতৰিয়ে লাভ কৰিলে চৰ্চাঃ 3


উক্ত মিছা উৰা বাতৰিটো প্ৰদান কৰাৰ আঁৰত আছিল শ্ৰদ্ধা কাপুৰৰ পি.আৰ এজেন্সীৰ এক পৰিকল্পনা। তেওঁলোকে এইটো দেখুৱাব বিচাৰিছিল যে অভিনেত্ৰী গৰাকীক টলীয়ুডৰ ফালৰ পৰা প্ৰদান কৰা হৈছে এটা “হেভী এমাউন্ট”। যাৰ ফলত তেওঁক বলীউডতো যাতে প্ৰদান কৰা হয় তেনে এক বৃহৎ ফিছ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.