ভাৰতক প্ৰত্যেকটো সময়ত গৌৰাম্বিত কৰা বেডমিন্টন খেলুৱৈ পি.ৱি. সিন্ধুৰ জীৱনক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হ’ব বায়’পিক। ৱ’ৰ্ল্ড চেম্পিয়নছিপত সোণৰ পদক লাভ কৰাৰ পিছত সমগ্ৰ ৰাজ্যৰ লগতে বলীউডৰ তাৰকাসকলেও খেলুৱৈ গৰাকীক শুভকামনা জনাইছিল। এনেতে, পি.ৱি.সিন্ধুৰ বায়’পিকক লৈ ব্যস্ত হৈ পৰা অভিনেতা সনু সুদে পি.ৱি.সিন্ধুৰ এই জয়ক নিজৰ জয়ৰ দৰেই অনুভৱ কৰিছে।

অভিনেতাগৰাকীৰ মতে, পি.ৱি.সিন্ধুৰ এই বায়’পিক খনৰ বাবে যেনেধৰণৰ ক্লাইমেক্সৰ তেওঁ অপেক্ষা কৰিছিল; তেনে ক্লাইমেক্স খেলুৱৈ গৰাকীয়ে ইতিমধ্যে দি দিলে বুলি তেওঁ মত প্ৰকাশ কৰে। তেওঁ ছবিখনৰ ক্লাইমেক্স ইতিমধ্যে লিখিবলৈ আৰম্ভ কৰা বুলি কোৱাৰ লগতে কয় যে “মই প্ৰতিটো সময় সিন্ধুৰ টিমৰ সম্পৰ্কত আছো। আমি ছবিখন এনেদৰে প্ৰস্তুত কৰিম যে পৃথিৱীৰ প্ৰত্যেকজনী ছোৱালীয়ে পি.ৱি.সিন্ধু হোৱাৰ চেষ্টা কৰিব আৰু প্ৰত্যেক অভিভাৱকে নিজৰ সন্তানক পি.ৱি.সিন্ধু বনাবলৈ চেষ্টা কৰিব।”


সনু সুদে নিজেই প্ৰযোজনা কৰিব এই ছবিখনৰ আৰু ইয়াৰ নাম হ’ব “সিন্ধু”। ছবিখনৰ মূখ্য চৰিত্ৰটোৰ বাবে এতিয়ালৈ কাৰো নাম সমুখলৈ অহা নাই যদিও ছবিখনত দীপিকা পাডুকনক “কাষ্ট” কৰাৰ কথা ভাবিছে কিয়নো তেওঁ এই খেলটোক ভালধৰণে বুজি পায়। কিন্তু বৰ্তমানলৈ অভিনেতাগৰাকীয়ে অইন একো ক’ব খোজা নাই কাৰণ তেওঁ প্ৰথমে স্ক্ৰীপ্টত মনোনিৱেশ কৰিছে ।
Add comment